গল্প :: কি কওঁ নিজক ? --- পাৰ্থ সাৰথি বৰুৱা

"ভাইটি , ভাৰাটো দে " কণ্ডাক্টৰ জনৰ মাতত মই খপ্ জপ্ কৈ উঠিলোঁ । টোপনিয়ে গৈছিলোঁ বোধহয় ! অলপ প্ৰকৃতিস্থ হৈ মই ৱালেটটো উলিয়াবলৈ পকেটতত হাত ভৰালোঁ । " সোনকালে দে আকৌ ( অশ্লীল ) । কি মূৰটো কৰি আছ ?!" সেইজনাৰ হুতা মাতত মই অলপ লাজ পালোঁ সৱৰে আগত । একো নকলোঁ ।

ভাৰাটো দি চাৰিওফালে চালোঁ । সকলো নিজৰ মাজতে ব্যস্ত । এজনে মুঠিফোনত তৰ্কাতৰ্কি লাগিছে প্ৰেয়সীৰ লগত । মিঠা মিঠা গালিবোৰতে গম পাইছোঁ । আজি ছাগে' ' ব্ৰেক আপ ' হ'ব ! এজনে আৰামত বগা ধোঁৱাৰ লাঠিত সুখটান মাৰিছে । কোনেও একো নাইকোৱা ।ময়ো একো নকলো ।

এটা ছিটত দেখিলোঁ এজন মানুহ । চকু দুটা মলিন । ভালদৰে চাই দেখিলোঁ তেওঁৰ ভৰি এটা নাই । সম্ভৱ ভিক্ষা মাগিবলৈ আহিছে শিৱদৌলত ।

হঠাৎ বাক্য এষাৰ শুনি আচৰিত হ'লোঁ । দুৰ্বল মাতেৰে সেই পংগুজনে কণ্ডাক্টৰক কৈছে " মোৰ পৰাও ল'বানে সৰুপোনা ?" " বাছত উঠিলি যেতিয়া ভাৰা দিবই লাগিব (অশ্লীল) । তোৰ বাপেৰৰ বাছ নহয় নহয় ! আৰু মই তোৰ সৰুপোনায়েৰো নহয় ! "

মই সকলোলৈ চালোঁ । কোনেও একো কোৱা নাই । সকলো নিজৰ মাজত ব্যস্ত । ময়ো একো নকলোঁ ।

এতিয়া কি কওঁ নিজক ?

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,088
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,969
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,472
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,453
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,863
শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:3,267