গল্প :: তোমাৰ দেউতাৰাই কৰে কি ? --- পাৰ্থ সাৰথি বৰুৱা

" হেই অনুৰাগ , লাইব্ৰৰীলৈ যাওঁ ব'ল ।"

"অ, ব'ল , মোৰো ফৰ্ম- ফিলাপ কৰিবলগীয়া আছিল ।"

ক্লাছকেইটা একেৰাহে থকাত একেবাৰে আমনি লাগি গৈছিল । ইফালে স্ক'লাৰশ্বিপৰ ফৰ্ম দিছে । আজি পূৰ কৰিব লাগে । কাইলৈ শেষ দিনাংক ।

কলেজলৈ অহাৰ পৰাই জীৱন যন্ত্ৰৰ দৰে হৈ পৰিছে । ইয়ালৈ আহি দেখিলোঁ , সাংঘাতিক ৰেচ । প্ৰতিযোগিতাৰ দৌৰ । এক চেকেণ্ড পলম হ'লেই বাহিৰ হ'ব লাগিব ।

" মোৰখনো পূৰাই দিবি দেই !" জ্যোতিষে ক'লে । " ঠিক আছে ।" মই ক'লোঁ ।

সকলোবোৰেই কেৱল ইয়াত ভাল ৰিজাল্ট , ভাল পাৰ্চেন্টেজ , স্ক'লাৰশ্বিপৰ কথাহে কয় । ইংৰাজী সাহিত্য পঢ়িছোঁ , যেন পৰীক্ষাত মাৰ্কছ পোৱাৰ পিছত সকলো শেষ । পৰীক্ষা শেষ হোৱাৰ পিছত দৰকাৰ নাই যেন সেই শিক্ষাৰ ! তাৰেই উৎসাহ দিয়ে স্কলাৰশ্বিপে ।

" তোৰ দেউতাৰে কি কৰে অ' ?" জ্যোতিষৰ প্ৰশ্নত মই যেন অপ্ৰস্তুত হ'লোঁ।

" কিয় লাগে তোক ?"

" হাৰে !! ফৰ্মত লিখিব লাগিব occupation of father :"

"মই হে পূৰাম । দে সোধাৰ ঠাইত লিখিম ।"

আচলতে এনেকৈ কোনোবাই মোক মোৰ দেউতাৰ বৃত্তিৰ বিষয়ে সুধিলে বৰ বেয়া পাওঁ । কাৰণটো বৰ শক্তিশালী নহয় । কোনোবাই ইয়াৰ কাৰণটো জানিলে মোক ক'ব পাৰে ঠেক মনৰ বুলি । আচলতে দেউতা এজন খেতিয়ক । আগতে কোনোবাই সুধিলে গৌৰৱেৰে কৈছিলোঁ মোৰ দেউতা খেতিয়ক বুলি । দেৰিকৈ জানিলোঁ এইখন দেশত খেতিয়কৰ মূল্য নাই বুলি । শ্ৰমৰ মূল্য নাই বুলি ।

" আমাৰ দেশত চিগাৰেট নাখালেও জীৱন চলি যায় , অথচ , চিগাৰেট কোম্পানীৰ মালিক কোটিপতি । মোবাইল ফোনটো আমাৰ দৰে দেশত ইমান প্ৰয়োজনীয় নহয় , অথচ, আম্বানীৰ দৰে মানুহ টকাৰে স্নান কৰে । কিন্তু নহ'লে নোহোৱা খাদ্য শস্য উৎপাদন কৰা খেতিয়ক আজিও লাওলোৱা ।"
গতিকে খেতিয়কৰ ল'ৰা বুলিলে ক'তো অকণো গুৰুত্ব নাপাওঁ । কোনোবাই বন্ধুত্ব কৰিলেও গম পালে লাহে লাহে বন্ধুত্ব আতৰাই নিয়ে । নক'লেও বুজি পাওঁ , আমাৰ পকেট গৰম হৈ নাথাকে তো !!

সেইকাৰণেই মই সকলোৰে আগত মোৰ দেউতাৰ পৰিচয় দিবলৈ লাজ কৰোঁ । মাজে মাজে অনুভৱ হয় , মই যেন ভুল কৰিছোঁ ! কিন্তু সমাজখনে চোন ধনকহে আগস্থান দিয়ে ।

বাছত গৈ আছোঁ শিৱসাগৰলৈ । মনত সেইবোৰ কথাই খুন্দিয়াই আছে ।

শৈশৱলৈ মনত পৰিলে মোৰ দুচকু সেমেকি আহে । মোৰ বৰমা-বৰদেউতা কোনেও মোক কোলাত লৈ মৰম কৰাই নাছিল । কাৰণ মোৰ দেউতা খেতিয়ক । লাগ বুলিলে টকাৰ জনজননি নাবাজে মোৰ দেউতাৰ ঘামেধোৱা গামোচাত ।আয়ে আঘোণ মহীয়া ধান চপোৱাৰ দিনবোৰত পথাৰত কাপোৰেৰে ছাঁ দি মোক শুৱাই থৈ দিয়ে । মোক একোলা কোঁচত ল'বলৈও গাঁৱৰ মানুহবোৰৰ মন যোৱা নাছিল । সেইকাৰণেই চিনাকি দিবলৈ লাজ - ভয় !

মোৰ সম্ভৱ চকুৱেদি পানী বিৰিঙিছিল । মোৰ কাষৰ যাত্ৰীজনে মোলৈ কৌতুহলেৰে চোৱা যেন মন কৰিলোঁ । এজন আদহীয়া মানুহ । সম্ভৱ কিবা ভাল চাকৰিয়ে কৰে " কি হে ডেকা , গাটো বেয়া লাগিছে নেকি ? " অলপ কথাচহকী যেন লাগিল । মই মুৰ জোকাৰি নহয় বুলি হাঁহি এটা মাৰিলোঁ সৌজন্যতাৰ খাতিৰত ।

তেওঁ সুধিবলৈ ল'লে নাম , ধাম, পঢ়া-শুনাৰ বিষয়ে আৰু মোৰ বাবে সেই চিৰ আচৰিত প্ৰশ্নটো ।

" দেউতাৰাই কি কৰে??"

মই জানোঁ , মই যেতিয়াই উত্তৰটো দিম, তেওঁ অলপ দেৰি মনে মনে থাকিব , আৰু সুধিব , খাবলৈ জুৰে নে !?

তথাপি অনিচ্ছা মিহলি মাতেৰে ক'লোঁ , " খেতি কৰে।"

হাৰে !!তেওঁচোন প্ৰায় চিঞৰি উঠিল , " তুমি তেনেহ'লে বহুত ভাগ্যৱান !"

মই আচৰিত চাৱনিৰে তেওঁলৈ চালোঁ । মিছা কোৱা যেন নালাগিল । প্ৰথমবাৰৰ কাৰণে অলপ বুকুখনে হঁহা যেন লাগিল ।

"গাড়ীত ধাক্কা দিয়ে কিয় হে !? মুখেৰে মাতিলে গাড়ী ৰখাম নহয় ।" কণ্ডাক্টৰৰ কাৰোবাক দিয়া গেঙেৰিত হাঁহি উঠিল । কেতিয়াবা কোন শুদ্ধ , কোন ভুল ধৰিবলৈ টান হয় !...

মানুহজনে মোক সুধিছিল মোৰ দেউতাই কি কৰে । আৰু কৈছিল মই ভাগ্যৱান !!

তেওঁ সুধিছিল আৰু মই শুনিছিলোঁ আৰু লাহে লাহে ক'বলৈ চেষ্টা কৰিছিলোঁ ।

" তুমি ভাবা নেকি খেতিয়ক সকল দুৰ্ভগীয়া !"

"........."

"তোমাৰ মুখৰ ৰং দেখি তেনেকৈয়ে ভাবা যেন লাগিছে ।"

" কিনো ক'ম ?"

" চোৱা , আমাৰ ধনী-দুখীয়া শৱদ দুটাৰ ধাৰণাই ভুল । হ'ব লাগিছিল ধনী-নিধনী আৰু দুখীয়া - সুখীয়া ।"

" অলপ বুজাই ক'বনে?"

" ধন থাকিলেই যে সুখ থাকিব , তাৰ কোনো মানে নাই !! আকৌ ধন নাথাকিলেই যে দুখ থাকিব তেনেকুৱা তু নহয় ! গতিকে ধনীৰ বিপৰীত নিধনী আৰু দুখীয়া বিপৰীতে সুখীয়া হ'ব লাগে !!"

তেখেতৰ কথাৰ মাজত এটা আঁত বিচাৰি পালোঁ । তেখেতে আৰু কৈছিল ,
"আৰু এটা কথা , খেতিয়কে মুৰ সদায় ওপৰলৈ কৰি খোজ পেলাব পাৰে । যিটো মোৰ দৰে মানুহে নোৱাৰোঁ ।"

"আপুনি বৰ পাকলগা কথা কৈছে ।"

"সঁচা কথা কৈছোঁ , মোৰ দৰে মানুহে কেতিয়াও সমাজত মুৰ দাঙি কথা ক'ব নোৱাৰোঁ । "

"কিয়....??"

ইমান কম সময়ৰ চিনাকিতে তেখেতৰ ব্যক্তিগত জীৱনৰ কথা ক'বনে??? কিন্ত......

তেখেতে ক'লে , "আমাৰ দৰে মানুহবোৰে সদায় খেতিয়কৰ কামৰ ফচল খাই আছোঁ । তোমাৰ দেউতাৰাৰ দৰে মই পৰিশ্ৰম নকৰোঁ । কিন্তু দুইনম্বৰৰ টকাৰে বহুত কিবাকিবি কৰিলোঁ । কিন্তু মই অসুখী ।"

"আপুনি আপোনাৰ সেইবোৰ কথা মোক কৈছে যে??"

"তুমি বুজি পাবা । মোৰ ল'ৰাই আজি মোৰ চিনাকি দিবলৈ লাজ কৰে । তাৰ সুখৰ বাবেই সকলো কৰিছিলোঁ যদিও সি কয় তাক সেইবোৰ নালাগে । তাক লাগে মাথো অলপ আনন্দ । জীয়াই থকাৰ আনন্দ । মই মোৰ ল'ৰাৰ পৰা শিকিলোঁ ।"

হঠাৎ মোৰ মন আনন্দেৰে ভৰি পৰিল । মই দুখ কৰিবলগীয়া তু একোৱেই নাই ।! মই মাথোঁ মোৰ দুখৰ কথা ভাবি ভাবি মোৰ দুখ বঢ়াই আছিলোঁ।এতিয়া চিঞৰি চিঞৰি ক'ব পাৰিম ,"অ,মোৰ দেউতা এজন খেতিয়ক"।।

.....মানুহজন বাছৰ পৰা নামি জনসমূদ্ৰত মিলি গৈছিল ।
এজন অশুদ্ধ মানুহে মোক শুদ্ধ কথা শিকাই থৈ গ'ল ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,863
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,710
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,453
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,472
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,170