গল্প :: তোমাৰ নূপুৰ পিন্ধা ছোৱালীজনী --- ডিম্বেশ্বৰ কোচ

প্ৰিয়তম ,
সেই নূপুৰ পিন্ধি ভাল পোৱা,
শৰতৰ হিমচেঁচা নিয়ৰ গচকি ভাল পোৱা ছোৱালী জনী আজিও কেনে আছে তুমি জানানে ?
সুদীর্ঘ কিমানটা যেবছৰ ! বহু যন্ত্ৰণাৰ মাজেৰে জীয়াই থকা ছোৱালী জনীক এবাৰো চাবৰ মন নাযায় নে ?
মনৰ কোনোবা এটা কোণত তুমি আজিও মোৰ হৈ আছা । ক'তবাৰ পাহৰিব খুজিও পাহৰিব নোৱাৰিলোঁ । তুমিও চোন নোৱাৰিলা । তোমাৰ প্ৰতি থকা সেই মৰম ভালপোৱা আজিও আগৰ দৰেই যতনাই থৈছোঁ । চকুৰ আতৰ হলেও মন আতৰ নহ'ল জানা । আৰু তুমি ?

প্ৰিয়তম, তোমাৰ প্ৰতিটো ফেচবুকৰ ষ্টেটাছ মই পঢ়ি যাওঁ তুমি গম নোপোৱাকৈ । তোমাৰ প্ৰতিটো শব্দতেই মই শেৱালি জনী হৈ জী উঠো প্ৰতি পল ।
প্ৰিয়তম, বহু কথাই কবলৈ থাকিল ।
প্ৰিয়তম, তোমাৰ অনুভৱত মোক অলপ জীয়াই থাকিব দিবা নে ? চুই চাব দিবানে ?
তুমি যে এদিন লিখিছিলা,

" পুৱাৰ হীম চেঁচা বতাহজাকে
বুকুত বৰকৈ আঘাত হানিছিল ।
কানে কানে কৈ গৈছিল,
তুমি বৰ অকলশৰীয়া ।"

কিমান যে দুখ - যাতনা…
আৰু নোৱাৰি জানা !
তোমাৰ অনুভৱত মই মাতাল আজি… কেতিয়াবা প্ৰাণ ঢালি গাবলৈ মন যায়…
"লৈ যোৱা একেবাৰে, থৈ দিয়া কাষতে,
আলফুল মৰমেৰে, কতো দুঃখ নোপোৱাকে, দিলো মোৰ হিয়া তোমাক নজনাকৈ ।।… "

প্ৰিয়তম, তুমি কেনে আছা নাজানো । তোমাৰ অনুভৱত মই জীপাল হওঁ । নিশাৰ শেৱালি জনী হৈ পৰো । চুই চাব খুজিও যে তোমাক চুব নোৱাৰো । সৌসিদিনা তুমি যে এটি কবিতা লিখিছিলা,

"নূপুৰ পিন্ধা ছোৱালীজনীয়ে আজিও নূপুৰ পিন্ধি আহে ।।
নিতৌ নিয়ৰ টোপালত জীপাল কৰেহি সপোন, "

প্ৰিয়তম, তোমাৰ অনুভৱৰ জগতত মোক জীয়াই থাকিব দিয়া । সেই যে তুমি লিখিছিলা…

"তোমাক লগ পোৱাৰ দিনা
মোৰ বুকুখন কপি উঠিছিল ।
সাগৰৰ নীলাভ বুকুলৈ চাইছিলো
অতীত বোৰে খামুচি ধৰিছিল
নীলাবোৰে আকৌ কঢ়িয়াই আনিছিল
জীয়াই থকাৰ দুৰ্বাৰ হেঁপাহ ।।
নীলিম জলৰাশিক সুধিছিলো ।
জীয়াই থকাৰ কথা ।
যাবৰ পৰত বুকু ভৰাই দি গলা
আকাশৰ বিশালতা ।
তোমাক লগ পোৱাৰ দিনা ।।।।।।

প্ৰিয়তম, পুনৰ লগ কৰিবৰ মন নাযায় নে ?
নীলাবোৰ বুকু ভৰাই লবলৈ ?
প্ৰিয়তম, মই প্ৰতি দিনে যে জ্বলি জ্বলি মৰিছো, নিৰৱে, নজনাকৈ, আনে নেদেখাকৈ ।
তোমাক চুব খুজিও যে চুব নোৱাৰো…,
মাথো অনুভৱ হে কৰো। সেয়ে তোমাৰ অনুভৱত মোক জীয়াই থাকিব দিয়া ।
কেতিয়াবা প্ৰাণঢালি গাবৰ মন যায়…

"নোৱাৰি নোৱাৰি থাকিব নোৱাৰি
পাহৰি পাহৰি
কি মৰম দিলা মোক কলিজা উজাৰি ।
আৱৰি আৱৰি ধৰিছে আৱৰি
বিয়পি বিয়পি পৰিছে বিয়পি
সাঁতুৰি ফুৰিছোঁ ভাৱনাৰ টোপনিত ।… "

এই গান টো মোৰ খুবেই প্ৰিয় জানা । প্ৰিয়তম, জীয়াই থকাতো মোৰ বাবে বৰ কষ্টকৰ হৈ পৰিছে । আজিও দিঠকে সপোনে তুমি যে মোৰ । তোমাক চুব খুজিও যে চুব নোৱাৰোঁ । প্ৰিয়তম, আৰু এদিন লিখিছিলা যে,

"মন গ'লেই ৰিঙিয়াই মাতিবা,
নতুবা
নদীখনৰ পাৰলৈ গুচি আহিবা
নদীখন জীপাল হৈ আছে ।
তুমি আহিলে জোনাক বোৰে বাট দেখুৱাই যায় ।
জীৱন, প্ৰেম আৰু তুমি বোৰ একাকাৰ হৈ পৰে… ।। "

প্ৰিয়তম, এনে লাগে সকলো থাকিও যেন একোৱে নাই । সেই দিনা আবেগক ধৰি ৰাখিব পৰা নাছিলোঁ জানা । কেতিয়াবা চকুৰ পানীৰে উপচি পৰে । প্ৰিয়তম, তোমাৰ প্ৰেমৰ বৰষুণ জাক নামি অহা হলে হৃদয় চুই যোৱাকৈ তোমাৰ মৰমত তিতিলো হেঁতেন । পোৱা নোপোৱা, থাকিও নথকাৰ দুখবোৰ ধুই পখালি ললো হেঁতেন । তুমি যে শৈশৱতে লিখিছিলা মনত আছেনে ? আজিও মনত পৰে মোৰ

"তুমি আহিবা বুলি নৈখনৰ ঘাটলৈ গৈছিলোঁ /
তুমি অহাৰ পৰত,
নদী খন গভীৰ হৈ পৰিছিল,
পাৰৰ কঁহুৱা বোৰ হালি-জালি নাচিছিল ।
ঢৌবোৰে গান গাইছিল /
আৰু মই…
তোমাৰ বুকুৰ উত্তাল লহৰত
উটি ভাহি ফুৰিছিলো,
প্ৰেম বোৰ গভীৰ আৰু নীলাভ হৈছিল ।
তোমাৰ ঘন উশাহত
সেউজীয়া কবিতাই প্ৰাণ পাই উঠিছিল,
তোমাৰ দুহাতত ৰসাল হৈছিল কবিতা ।
এনেদৰে তুমি নিতৌ আহিবা ।
ময়ো জীপাল হৈ ৰৈ থাকিম ।
তুমি অহালৈ । "

কিমান যে আবেগ আছে তোমাৰ কবিতাত । তোমাৰ চিৰ শ্বাশ্ব ত ভাল পোৱাক চুই চাবৰ মন মোৰ জানা । মইতো চুব খুজিও চুব নোৱাৰোঁ কিয় তোমাক ।

প্ৰিয়তম, তোমাৰ কলিজাৰ কেঁচা সোণক এবাৰ চুই যোৱাহি । বৰষুণত তিয়াই যোৱাহি । তোমাৰ অনুভৱৰ শেৱালি আকৌ যে ফুলিবৰ মন । প্ৰিয়তম, আজি আকৌ এইবোৰ কি ষ্টেটাছ দিছা ? তোমাৰ সেই নূপুৰ পিন্ধা শেৱালি জনী শেৱালি হৈয়ে আছে । তোমাৰ কেচা সোণক এবাৰ আলফুলে চুই যোৱাহি । ঢালি দিয়াহে আবেগ । আৰু নো কিমান জ্বলাম, প্ৰতি নিশা প্ৰতি পল । নালাগে । হব দিয়া, মোক জ্বলিব দিয়া, শেষ হব দিয়া মোৰ কবিতা, মোৰ গান, মোৰ ভালপোৱা । নোৱাৰি জানা । প্ৰিয়তম, নোৱাৰি । তুমিও নোৱাৰিলা, মইও নোৱাৰিলো । তোমাৰ অনুভৱেৰে চুই চোৱা মোৰ ভালপোৱা । আকাশৰ দৰেই বিশাল । সোঁ হাতখন মেলি দিবা, নৈৰ দৰেই বৈ যাম, তোমাৰ কাষলৈ । প্ৰিয়তম, তুমি চুলেই মই যে বসন্ত, তুমি চুলেই মই যে শৰৎ । প্ৰিয়তম, মোৰ কপালৰ সেন্দূৰ বুলিয়া সূৰুয টো তোমাৰ যে চুই চোৱাৰ হেঁপাহ আছিল । চুই চোৱা চোন । তুমি চুলেই সূৰুযে সাৰ পাই উঠিব । তুমি চুলেই যে মই শৰতৰ শেৱালি । প্ৰিয়তম, আজি আমি ইমান আঁতৰ যদিও দেখোন নিচেই কাষত । নাজানো কিয়…।

তোমাৰ প্ৰতিটো উশাহত মই নিলাজ হব খোজো / তোমাৰ প্ৰতিটো স্পৰ্শ মই জী উঠিব খোজো / নিলাজ হব খোজো / সাৱতি লোৱা প্ৰিয়তম, ওলাই আহিব নোৱাৰাকৈ । মই যে তোমাতেই মগন, চিৰদিন চিৰকাল । মই যে তোমাতেই মগন … ।।।।।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,718
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,140
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,174
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,739
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,243
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,089