গল্প :: দিগন্ত দা ভুত হ'ল --- টিপুল ৰাজবংশী

চাকৰি সুত্ৰে ৰূপমে আজিকালি গুৱাহাটীত থাকে ৷ দেওবাৰ টোৰ বাহিৰে আন দিনত ৰুপমে অফিচৰ কামতে ব্যস্ত থাকিব লগিয়া হয় গতিকে ৰুপমে নিজৰ কাপোৰ ধোৱা চুলি কটৱা , দাঢি খুঢুৱা আদি কামবোৰ দেওবাৰটোতে কৰিব লগিয়া হয় ৷

ৰুপমৰ চাকৰি পোৱা বেছি দিন হোৱা নাই তাতে আকৌ গুৱাহাটী চহৰত অকলে ভাড়া ঘৰত থাকিব লগিয়া হৈছে গতিকে ৰুপমৰ অলপমান কষ্ট নোহোৱা নহয় ৷ কিন্তূ ৰুপম গাওঁৰ ল’ৰা এই খিনি কাম কৰা অভ্যাস ৰুপমৰ আগৰ পৰাই আছিল ৷ গতিকে অলপ মান কষ্ট হ’লেও সকলোখিনি কাম ৰুপমে সহজতেই মেনেজ কৰি লব পাৰিছিল ৷

আজি দেওবাৰ , ৰুপমে ৰাতিপূৱাৰ চাহ কাপ হাতত লৈ খাবলৈ আৰম্ভ কৰিছে মাত্ৰ এনেতে দুৱাৰত কোনোৱাই নক কৰিলে ৷

কোন হ’ব পাৰে বাৰু ৰুপমে মনতে ভাবিলে ........ভাবি ভাবি ৰুপমে দুৱাৰ খন খুলি দিলে ৷

আৰে ........ দিগন্ত , তু মি, তুমি ক'ৰ পৰা আহিলা নো ৷ এই বুলি ৰুপমে দিগন্তলৈ নিজৰ হাতখন আগবঢ়াই দিলে ৷ কিন্তূ আচৰিত কথাটো হ’ল দিগন্ত, ৰুপমৰ পৰা অলপ মান পিছুৱাই আহিল ৷ ৰুপম অলপ মান আচৰিত হ'ল যদিও বেছি গুৰুত্ব নিদিলে কাৰণ দিগন্ত আগৰ পৰা অলপমান ধেমালি কৰি ভাল পোৱা মানুহ আছিল ৷ ৰুপমে দিগন্তক ভিতৰলৈ মাতি নি বহিবলৈ দিলে ৷

দিগন্ত হ’ল ৰুপমৰ কলেজীয়া বন্ধু ৷ কলেজৰ হষ্টেলত দুয়ো একেটা ৰুমতে থাকিছিল ৷ জীৱনৰ সুখ দুখৰ কথা পাতিছিল ৷ দুযো একেলগে আকাশ চুৱাৰ কথা পাতিছিল ৷ কিমান যে ভাললগা সময় আছিল তেতিয়া ৷ কিন্তূ এদিন যেতিয়া কলেজৰ চূৰান্ত পৰীক্ষা শেষ হৈছিল তেতিয়া দুয়ো বিদায় লৈছিল সিহঁতৰ মৰমৰ কলেজখনৰ পৰা ৷ কলেজৰ পৰা বিদায় ললেও সিহঁতে প্ৰতিশ্ৰুতি দিছিল পুনৰ লগ হোৱাৰ ৷ কিন্তূ সময়ৰ সোতত দুয়ো নিজৰ নিজৰ কামত ব্যস্ত হৈছিল ৷ পাহৰি গৈছিল সিহঁতৰ প্ৰতিশ্ৰিতিৰ কথা ৷ কিন্তূ আজি হঠাৎ ৰুপমে দিগন্তক দেখাৰ লগে লগে পুৰণা কথাবোৰ মনলৈ আহিবলৈ ধৰিলে ৷

ৰুপম : দিগন্ত কোৱাচোন তুমি কৰ পৰা আহিলা ৷

দিগন্ত : গুৱাহাটীলৈ আহিছিলো , ভাবিলো তোমাক এবাৰ দেখা কৰি যাও ৷ বহুদিন তোমাক লগো পোৱা নাই ৷ তুমিতো মোৰ খৱৰ নোলোৱাই ৷ এনেদৰে সিহত দুজনে অলপ সময় কথা পতাৰ পিছত দিগন্তই ৰুপমক কৈছিল
- -— ৰুপম মোৰ এটা বিশেষ কাম আছে গতিকে আজি আৰু বেছি কথা নাপাতো ৷ পিছত কেতিয়াবা আৰু এদিন আহিম ৷ এনেদৰে কৈ দিগন্তই ৰুপমৰ পৰা বিদায় ল’লে , ৰুপমেও বেছি জোৰ নকৰি দিগন্তক বিদায় দিলে ৷ দিগন্তই ৰুমৰ পৰা বাহিৰলৈ ওলাই ছিলহে মাত্ৰ এনেতে ৰুপমৰ ফোনটো বাজিবলৈ ধৰিলে ৷ ৰুপমে ফোনটো ৰিচিভ কৰাত সিমুৰৰ পৰা ৰুপমৰ বন্ধু অমলে সহাৰি দিলে —

: ৰুপম তুমি এটা খবৰ পাইছানে ? কি ? আমাৰ দিগন্ত দাৰ কালি এটা এক্চিডেন্টত মৃত্যু হ’ল নহয় ৷

অমলৰ কথাখিনি শুনাৰ পিছত ৰুপমৰ ভয়ত দেহৰ নম শিয়ৰি উঠিল ৷ তাৰ মানে — - এইমাত্ৰ মোৰ লগত কথা পতা জন দিগন্ত দাৰ ভুতহে ৷ ৰুপমে দৌৰি বাহিৰলৈ ওলাই চাৰিওফালে চালে — নাই কতো নাই এই মাত্ৰ ওলাই যোৱা মানুহজন ইমান দুৰ যাব পাৰেনে ৷ হয় হয় সেয়া দিগন্ত দাই ই হয় ৷ সেইবাবে আজি তাক অলপ মান আচহুৱা যেন লাগিছিল ৷ তাৰ মানে দিগন্ত দাই মোৰ ইয়ালৈ কিয় আহিছিল বাৰু -—

দিগন্ত দাই মোক মাৰিবলৈ অহা নাইতো — - - ৰুপমে ভয়ত থৰ থৰ কৈ কপিবলৈ ধৰিলে ৷
এনেতে ৰুপমৰ ভাৰা ঘৰৰ মালিকৰ লৰা অনুপে মাতাতহে ৰুপম স্বাভাবিক অবস্হালৈ আহিলে ৷ আৰু ভগৱানৰ নাম লবলৈ ধৰিলে ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,215
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,605
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,097
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,510
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,752
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,592