গল্প :: ফেচবুক, ফ্ৰেণ্ডছিপ আৰু এটি মিঠা সপোন --- ফাৰুক আজিজ

বাহিৰত এজাক কিনকিন বৰষুণ । হোষ্টেলৰ প্ৰায়বোৰ কোঠা খালি । সকলো গৈছে নিজৰ নিজৰ বান্ধৱীৰ লগত সন্ধিয়াটো উপভোগ কৰিব । আৰু আমিবোৰ পৰি ৰৈছোঁ অকলে নীৰৱে । এইকেইদিন যে বৰ বেয়া দিন চলি আছে মোৰ । দিনত শিলচৰৰ গেলা গৰম, গধূলি বাহিৰ ওলোৱাটো বন্ধ কৰি এজাক বৰষুণ । দিনত প্ৰফেছাৰসকলৰ অতপালি আৰু ৰাতি নিসঙ্গতাৰ লগত সহৱস্থান । তাতে পদাৰ্থ বিজ্ঞানৰ গধুৰ গধুৰ তত্ত্ববোৰটো আছেই । এনে সময়ত আমিবোৰৰ কাৰণে ফেচবুকৰ বাহিৰে আৰু বেলেগ আশ্ৰয় নাথাকে । তাতে আকৌ ভূতৰ ওপৰত দানৱ পৰা দি এইকেইদিন অকবত যি তৰ্ক- বিতৰ্ক, সোমাবই ভয় লগা হৈছে; কাৰ ক’ত নাক কটা যায়, কাৰ ক’ত মুখা খুল খায় একো ঠিক নাইকিয়া হৈছে ।

“হাই, কি কৰিছা?”, আৰে কেতেকীৰ বাৰ্তাচোন মোৰ তাত? মই যেন নিজৰ চকুকে বিশ্বাস কৰিব পৰা নাই? কালি এদ কৰিছিলোঁ যে । মোৰ যেন নাচিবহে মন গৈছে।

“আছোঁ এনেই। তুমি?”

“আমাৰ ইয়াত বৰষুণ। এনেই কোঠাতে সোমায় আছোঁ।” লগে লগে মই প্ৰফাইলটোত এভুমুকি মাৰিলোঁ। নাম- মই কেতেকী, তেজপুৰ, এন আই টি শিলচৰ। মই কি সঁচাই দেখিছোঁ? নে দিঠকতে সপোন দেখিছোঁ?

“তুমি এন আই টি ত পঢ়া ন? মেকানিকেল?”

“অ’ তাৰমানে ছেক কৰি থৈছা?”

“হমম আজিকালি ফেক প্ৰফাইলৰ যিহে ভিৰ।”

“তুমি মোক ফেক বুলি সন্দেহ কৰিছা? বাই….. ”

“হে ৰ’বা ৰ’বা, মই তোমাক কোৱা নাই।” নাই নৰ’লেই। লগা লগ “ল্গ আউট”

“চৰি চৰি।”

নাই নাই লাভ নাই আৰু। ধেত তেৰি জীৱনত প্ৰথমবাৰ কোনোবা ছোৱালীৰ লগত ছেট কৰিছিলোঁ। তাকো কণা বিধাতাই কাঢ়ি লৈ গ’ল। ছোৱালীজনী ভাল আছিল। ভেম তেম একো নাছিল। আগতে কিমান ছোৱালীলৈ বাৰ্তা পঠালোঁ, কোনেওঁ কেতিয়াও এটা ৰিপ্লাইও নিদিলে। আজি যি এটা আছিল তাকো…..। মোৰ যেন নিজৰে চুলি কেইডাল চিঙি দিব মন গৈছে। প্ৰথমবাৰটো, এনেকুৱা হ’বই। অভিজ্ঞতাৰ অভাৱটো। হৈ যাৱ সকলো লাহে লাহে। এবাৰ আহিছে যেতিয়া মোৰ কিবা এটা আছে? আহি থাকিব।

বাহিৰলৈ ওলাই গ’লোঁ। বৰষুণজাক কমিছিল। কিন্তু ঠাঁণ্ডা ঠাঁণ্ডা ভাৱ এটা আহি আছিল। এতিয়া চাগে এন আই টিতো বৰষুণ কমিল ।

এনেতে কুলদ্বীপ পাৰ হৈ গ’ল মোৰ ওচৰেৰে, ফোনত ব্যস্ত। মাত লগালো। আৰে পাত্তাই নিদিলে। গাৰ্লফ্ৰেণ্ড থাকিলে চাগে নিজৰ লগৰবোৰকো চিনি নোপোৱা হৈ যায়। মই কিন্তু এনেকুৱা নহওঁ দেই পাচলৈ।

আজি মেছটো কাকো লগ নাপালোঁ। সকলোৱে বাহিৰতে খাব চাগে আজি। মোৰো কিবা আজি একদম খাব মন নোযোৱা হৈ থাকিল। কিয় বা?

কোঠালৈ আহি লেপটপটো অন কৰিলোঁ। ক’ব নোৱাৰাকৈয়ে ফেচবুকত লগ ইন কৰিলোঁ। আজিকালি কিবা অভ্যাস যেন হৈ গৈছে। চকু থৰ হৈ গ’ল। কেতেকীয়ে ফটো আপলোদ কৰিছে। কেইবাখনো। মই যেন পাগলেই হৈ গ’লো। শাৰী পিন্ধাখনেই চাবা নে? টপ পিন্ধি থকাখনেই চাবা? ছোৱালীবোৰে যে ইমান ধুনীয়াকৈ ফটো তুলিব পাৰে? আচলতে কেতেকী হয়ে যে ইমান ধুনীয়া। ফটো ধুনীয়া নহয় পাৰে নে?

মন্তব্য এটাকে দিও নেকি? নাই এনে ভুল আৰু নকৰোঁ। তেতিয়াৰ খং মাৰ যোৱাই নাই চাগে? লাইক এটাই দি থৈ দিলোঁ আৰু।

টং টং। ভইছ ছাটত এটা ৰিকুৱেষ্ট। হয়, কেতেকীয়ে আছিল।

“একো নক’লা যে? ভাল লগা নাই নেকি ফটোকেইখন?”, সঁচাই তাইৰ মাতটোও যেন কেতেকীৰ দৰেই।

“কি যে কোৱা? এই কেইখন আৰু ভাল নালাগিব নে? তুমি যে হৈয়ে ইমান ধুনীয়া।”

“অ’ই ফ্লাৰ্ট কৰিছা?”

“না। বিদ্যা শপত একদম সঁচা কথা কৈছোঁ।”

“আৰু যদি মিছা কৈছা?”

“যোৱা বছৰে বছৰে ফেল কৰিম। হ’ব?”

“হা হা চ’ কিউট। একদম সৰু ল’ৰাৰ নিচিনা ক’লাচোন?”

ঢোলে পেঁপাই গগণাই যেন একেলগে বাজিব ধৰিলে মোৰ চাৰিওফালে?

তাই আকৌ ক’বলৈ ধৰিলে, “তুমি আচাম বিশ্ববিদ্যালয়ত পঢ়ি আছা ন?”

“হমম, পদাৰ্থ বিজ্ঞান বিভাগ।” এনেতে “একবিংশ শতিকাৰ প্ৰেম কাহিনী…..” মোৰ মবাইলটো বাজিব ধৰিলে।

“ৰ’বা ফোন…।” দেউতাৰ ফোন। অলপ পৰ কথা পাতিলোঁ।

ইফালে কেতেকীৰ বাৰ্তাৰে মোৰ ইনবক্স ভৰ্তি হৈ গৈছিল।

“সোনকাল কৰা? আই এম ৱেইটিং।” আৰু বহুত কিবা কিবি।

“হমম কোৱা।”

“ইমান দেৰি কৰিলা?”

“ক’তা মাত্ৰ তিনি মিনিটচোন।”

“তথাপি, তোমাৰ ৰিং টোনটো কিন্তু বিৰাট ধুনীয়া দেই। জুবিনক খুব ভাল পোৱা যেন পাইছোঁ। মোৰ কিন্তু খুব প্ৰিয়।”

“মোৰো প্ৰিয়। আগতে সৰু থাকোঁতে জুবিনৰ গান নহ’লে ভাতেই নাখাইছিলোঁ।”

“য়ে ময়ো। ইমান মিলিছে? আগতে মায়ে জানা মোক জুবিনৰ লগতে বিয়া দি দিম বুলি কৈছিল।”

“হা হা এতিয়াও হৈ যোৱা।”

“দুষ্ট ক’ৰবাৰ।”

“আচ্ছা তোমাৰ পুৰা নামটো কি?”

“মই কেতেকী। হি হি।”

“বুজিছোঁ। আচল নামটো?”

“কেতেকী শইকীয়া।”

য়ে মোৰ লগত মিলিছে চোন। মানে ঘৰৰ পৰাও একো প্ৰব্লেম নহ’ব? য়েছ। মই যেন ফুৰ্তিতে জপিয়াই দিম।

“মনে মনে থাকিলা যে? কি জাতি গোত্ৰ মিলাই আছা নেকি?” তাই যেন মোৰ মনৰ কথাটোৱে ক’লে।

“নাই মানে লগৰ এটা আহিছিল”, মিছাকৈয়ে ক’লোঁ। তাইৰ লগত যেন মোৰ কিবা এটা সম্পৰ্ক আছে, কিবা এটা বুজাব নোৱাৰা সম্বন্ধ। তাইক চাগে ভগৱানে মোৰ কাৰণেই স্ৰজিছে।

এনেদৰে আমি প্ৰায় গোটেই ৰাতি কথা পাতিলোঁ। কথা শেষ কৰি যেতিয়া শুব লৈছিলোঁ তেতিয়া পূৱত বেলিয়ে ধলফাট দিছিল।

সিদিনাখন গোটেই দিনটো মই তাইৰ কথাই ভাবি থাকিলোঁ। একোতে যেন মন নবহা হৈছিল। সিদিনাখন আৰু মোৰ যোৰ যোৰ হৈ বহি থকা ল’ৰা ছোৱালীবোৰক দেখি খং উঠা নাছিল। মাত্ৰ মোৰ যেন এটাই প্ৰাৰ্থনা, হে সময় তই সোনকালে পাৰ হ? আৰু মোক সোনকালে নিশাক আনি দে?

বেলি লহিয়ালে, সন্ধিয়া হ’ল, ল’ৰাবোৰ আকৌ ফুৰিবলৈ গ’ল। মই আকৌ খুলি ল’লো ফেচবুক। কাৰণ আজি মই অকলশৰীয়া নহয়। মোৰ বাবেও কোনোবাই অপেক্ষা কৰি আছে।

আকৌ ছেগা ছেৰেকাকৈ আমি প্ৰায় সন্ধিয়াৰ পৰা আকৌ গোটেই ৰাতি কথা পাতিলোঁ।

এনেকৈ আৰু এদিন। তাৰপাছত আৰু এদিন। তাৰপাছত…..

“কি কৰি আছা?” মই সুধিলোঁ।

“তুমি কিন্তু আজি বহু দেৰি কৰি দিলা? মই কিমান দেৰি তোমালৈ অপেক্ষা কৰি আছোঁ জানানে?”

“চ’ৰি চ’ৰি মোৰ সোনজনী। আই এম এক্সট্ৰিমলি চ’ৰি। আজি মোৰ বহুত কাম আছিল জানানে?”

“আজি এৰিলোঁ কিন্তু। আজিৰ পৰা নহ’ব।”

“নিশ্চয়।”………………

এনেকৈ আকৌ বহুদেৰি কথা পতা হ’ল। মাজতে এবাৰ মই সুধিলোঁ,

“তোমালোকৰ এন আই টি কেম্পাছটো বহুত ধুনীয়া ন’?”

“কিয়? আহিব মন গৈছে নেকি?” মোৰ যেন মনৰ কথাই কৈ দিলে কেতেকীয়ে।

“নাই মানে, যাব মনটো যায়, কিন্তু কোনো চিনাকী নাই যে?”

“কিয় মই নাই নেকি?”

“তুমি বাৰু আছা। তথাপি…..”

“কি তথাপি? আহিব মন আছে যদি আহি যোৱা।” মই যেন হাততে সৰগ ঢুকি পালোঁ।

“যাম বাৰু। কিন্তু কেতিয়া যাম?”

“কালিয়ে আহি যোৱা। কালি মানে আজি, ১২ টা বাজি গৈছে এতিয়া। ৰাতিপুৱা আহি যোৱা।”

“ঠিক আছে। আজি ৰাতিপুৱা গৈ আছোঁ। তেনেহ’লে তোমাৰ নম্বৰটো দিয়া।”

“নম্বৰ কালিহে দিম যোৱা। ফেচবুক অনলাইন ৰাখিম । ইয়াত মেছেজ দিলে হ’ব।”

“ঠিক আছে তেনেহ’লে। ৰাতিপুৱা দেখা হ’ব। শুভৰাত্ৰি।”

তাৰপাছত ৰাতিটো কেনেকে গ’ল মই নিজেই গম নাপালোঁ। মোৰ যেন এতিয়াই ৰাতিপুৱা হ’ব আৰু এতিয়াই পখিলা হৈ উৰি যাম এনে লাগিছিল।

ৰাতিপুৱা হ’ল। সোনকালে সাজু হ’লো। ডিজিটেল কেমেৰাটোও ল’লোঁ। ভালৰো ভাল কাপোৰযোৰ পিন্ধিলোঁ। বতৰটো অলপ ডাৱৰীয়া হৈ আছিল। পাতলীয়াকে এজাক বৰষুণ দিলেও বৰ এটা বেয়া নালাগিলহেতেন। বাহিৰত লগৰ দুটামানক পালোঁ। সিহঁত আচৰিত। ইমান ৰাতিপুৱা ক’লৈ যাওঁ। মই ক’লো, “সেইবোৰ বহুত কথা আহি তঁহতক কৈ আছোঁ।”
মই দোৰিলোঁ। অটো এখনত উঠিলোঁ। অটো চলিল এসময়ৰ মোৰ সপোন আৰু আজিৰ মোৰ সপোনপুৰী এন আই টি শিলচৰলৈ।

এন আই টি ৰ দুৱাৰ্মুখখন সঁচাই ধুনীয়া। কেবাটাও সৰু সৰু পুখুৰী। তাৰ মাজে মাজে অটোখন আগবাড়িল। প্ৰথমতে এটা ঘূৰণীয়া ঘৰ পালোঁ। তাৰ সম্মুখত পুখুৰীৰ পাৰতে এডাল ডাঙৰ গছ। তাৰ তলতে মাৰ্বল পাথৰৰ এটা স্তম্ভ আছিল তাতে লিখা আছিল, “Welcome to NIT Silchar”

অটোখন নিট্ছ কেফে নামৰ কেন্টিন এখনৰ সম্মুখত ৰখিল। অটোখন বিদায় দিলোঁ।

ফেচবুক অন কৰিলোঁ আৰু কেতেকীক এটা মেচেজ দিব বিচাৰিলোঁ। কিন্তু এয়া কি? তাইৰ প্ৰফাইলটোৱে নাই চোন। আৰে কি হ’ল? তাই মোৰ লগত ধেমালি কৰা নাইটো।
তেতিয়া প্ৰায় ১০ টা মান বাজিছিল। মই অলপ আগুৱাই গৈ মেকানিকেল বিভাগৰ সম্মুখত অলপ পৰ ৰ’লোঁ। কিজানি কেতেকীক দেখুৱেই।
নাই তাই নাছিল। ৰাস্তাইদি যোৱা সকলোৰে মাজত মই তাইক বিচাৰিবলৈ ধৰিলোঁ। নাই তাই ক’তো নাছিল।

মই এইবাৰ কম্পিউটাৰ চায়েন্স বিভাগত সোমালোঁ আৰু তেতিয়া মানে বুজিলোঁ যে মই আজি সঁচাকে বুদ্ধু বনিলোঁ। মই আকৌ এবাৰ ফেচবুক চালোঁ। নাই একো নাছিল। মই এইবাৰ চিৰিৰে ওপৰলৈ উঠিলোঁ। ইয়াৰ পৰা গোটেই কলেজখন ভালকৈ দেখি। ৰাস্তাৰে অগনন ছাত্ৰ- ছাত্ৰী অহা যোৱা কৰি আছিল। কেতেকীক বিচাৰি পোৱা আশা আৰু বাদ দিলোঁ। এনেতে এয়া কি, সেইজনী কেতেকী চোন। লগৰ ছোৱালী দুজনীমানৰ লগত কথা পাতি পাতি আহি আছিল। ইয়াৰ পৰা চিঞঁৰিলে নুশুনে বুলি মই তললৈ নামি গ’লো দৌৰি দৌৰি। কিন্তু মই নামি যোৱালৈ তাই তাৰপৰা অন্তৰ্ধান হৈছিল।

মই ক’লৈ যাও ভাবি নাপালো আৰু অৱশেষত নিট্ছ কেফেখনতে সোমাই দিলোঁ। কাউন্টাৰতগৈ একাপ কফি অৰ্ডাৰ দিলোঁ। ভাবিলো নিজৰে ফটো এখনকে তোলো। একোটো ন’হলে আজি আৰু ফেচবুকতে দিব পাৰিম, “মি ইন এন আই টি এচ” জাতীয়। নিজে নিজৰ ফটোখন তুলিব লৈছোঁ আৰু এনেতে এজনী ছোৱালী বাহিৰলৈ যাবলৈ ওলোৱা দেখিলোঁ। হয়, তাই কেতেকীয়ে আছিল। মই ৰব নোৱাৰি চিঞঁৰিয়ে দিলোঁ, “কে তে কী।”

কেন্টিনত থকা সকলোৱে মোলৈ ঘূৰি চালে কেতেকীৰ বাহিৰে। মই দৌৰি তাইৰ ওচৰলৈ গ’লোঁ।

“মোক চিনি পোৱা নাই। তোমাক যে লগ কৰাৰ কথা আছিল? মেছেজ দিয়া নাই কিয়?”

“চৰি, আপনি কে? আমি আপনাকে চিনি না?”

“তুমি কেতেকী নহয়? মই প্ৰক্তিম, ৰণাল্ড প্ৰক্তিম।”

“আমি কেতেকী নয়,আমাৰ নাম নন্দিতা।”

“ধেমালি কিয় কৰি আছা? মই তোমাক চিনি পাইছোঁ। তুমি ফেচবুকত এইযোৰ কাপোৰে পিন্ধি আছিলা।”

“আমি অচমীয়া বুঝতে পাৰি না, অনুগ্ৰহ কৰি বাংলাতে বলুন।”

সকলো মানুহে মোলৈ চাই আছিল।

“চৰি, মোৰ ভুল হৈছে”, মই সোনকালে কেন্টিনখনৰ পৰা ওলাই আহিলোঁ।

বাহিৰত ৰ’দজাকে খাঁও খাঁও মূৰ্তি ধৰি আছিল। শিলচৰৰ গৰম সঁচাকৈ বৰ অসহ্যকৰ ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,026
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,700
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,607
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,889