গল্প :: বিড়ম্বনা --- বসন্ত নিৰ’লা

মাজৰাতি ঈসিতাই Misscall এটা দিলে অনুৰাগ ৰ মোবাইলত । মানে WhatsApp ত অনলাইন অহাৰ সময় হ'ল দুয়োৰে । লগে-লগে WhatsApp খুলি চাই দেখে ঈসিতাই "Hi" বুলি তালৈ মেছেজ এটা কৰি থৈছে আৰু লগে-লগে অনুৰাগে "Hello.." বুলি দিলে !
.
"দিনটো কেনে গ'ল ?"
.
"ঠিকেই আৰু তোমাৰ ?"
.
"As usually.."
.
" আৰু কোৱা ?"
.
"কি ক'মনো ! TET ৰ কি হ'ৱ তোমাৰ ?"
.
" দিব নোৱাৰিম ! BEd অথবা DElEd নাই "
.
" TET ৰ চাকৰি পাই তোমাৰ সৈতে বিয়া হ'ম বুলি তুমি দিয়া প্ৰতিশ্ৰুতি ?"
.
" মোৰ চাকৰি এটা নহ'লে বিয়াত নবহিবা নেকি তুমি ?"
.
" হেই , সেইটো কথা নহয় ! ঘৰত কৈ থৈছোঁ TET দিৱ এইবাৰ আৰু চাকৰি ল'ৱ এটা বিয়াৰ আগে-আগে !"
.
" মানে, চাকৰি এটা পাৱৈ লাগিব মই..."
.
" Hmmm...কিছু তেনেকুৱাই...."
.
" জীৱনৰ অস্তিত্ব চাকৰি হ'ৱ নোৱাৰে Darling ! সুখৰ সন্ধান কেৱল চাকৰিয়ে দিৱ নোৱাৰে !"
.
"Ummm..বুজিছো বাৰু ! কিন্তু টকা নহ'লে তুমি কেনেকৈ সুখৰ সংসাৰ গঢ়িৱা ? জীয়াই থাকিবলৈ টকা লাগিবই"
.
" জীৱন জিনিবলৈ সহজ নহয়, কিন্ত চাকৰিয়ে প্ৰেমৰ ভৱিষ্যতো নিৰ্ণয় নকৰে "
.
" তুমি ফিল্ম চোৱা বাদ দিয়া ..."
.
" তুমি আকৌ TET ৰ চাকৰিকে জীৱন বুলিবলৈ বাদ দিয়া !"
.
" Why you are not so serious ?"
.
" কিয় হ'ম Serious ? তোমাৰ দেউতাৰাক চাকৰি কৰা জোৱাঁই লাগে বুলিয়েই ?"
.
" সেইটো উদ্দেশ্যে নাছিল ! জীৱনৰ প্ৰতি কিছু কথা ভাৱা ?"
.
" ভাৱিব লাগিব, কিন্ত অনেক চিন্তাবোৰৰ দোহাই দি জীৱনক সংকীৰ্ণ নকৰিবা । পোৱা-নোপোৱা, আনন্দ-আকুঁলতা , সুখৰ হাহিঁ আৰু দুঃখৰ চকুলো- আদিবোৰ আছে বাবেই জীৱন অৰ্থবহ !"

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:396
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,871
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,832
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:617
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,343
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,004