গল্প :: ভালপোৱা --- জুৰি গগৈ

কি বুলি আৰম্ভ কৰিব বাৰু মনিকাই কাইলৈ যেতিয়া চম্পক আহিব, ইমান দিনৰ মূৰত সি বাৰু তাইক আগৰ নিচিনাই চকুলে চাই কথা কব পাৰিবনে ? নে তাইক ২০ বছৰৰ ব্যৱধানৰ অন্তত চিনিইয়ে নাপাব,অলপ পৰ হয়তো সি থৰ লাগিব তাইৰ মেদবহুল শৰীৰটো দেখি । এই২০ বছৰতেই তাই সঁচাকেই বহুত খিনি শকত হৈ গ’ল । কলেজ, ইউনিভাৰচিতিত পঢ়ি থকা সময়ত প্রতিদিনে যে তাই ৰাতিপুৱা ব্যায়াম কৰি সকলোকে কই মই কেতিয়াও শকত নহওঁ ,সদাই এনেকে থাকিম সঁচাকেউ তাইৰ শৰীৰটো আছিল খুবেই কমনীয়, চম্পককো তাই কৈছিল যিমান শকত হ’বা সিমান বেমাৰে পাব,আৰু যে কিমান কি নকৈছিল তাই, মনত আছেনে বাৰু সেই বোৰ কথা চম্পকৰ সি চাগে এতিয়াও তেনেকুৱাই হৈ আছে, তাইৰ কথামতে সিও শৰীৰটোৰ খুউব যত্ন লৈছিল । মনতে চম্পকৰ এখন কাল্পনিক মুখে তাইৰ উঁঠ যুৰিলৈ হাঁহিৰ ৰেখ এটা নমাই আনিলে ।

মনি ক’ত আছা চাহ একাপ দিয়া, বিৰাত ভাগৰ লাগিছে , ভাৱনাত বিভোৰ হৈ থাকোতেই ৰজত আহি ওলাল, উহ্ তাইতো আজি চিৰা তিয়াবলেও পাহৰিলে, যি টি কথা ভাবি থাকোতে সময় বোৰ ফতককই গুছি যায়, নিজৰ ওপৰতে খং উঠিল তাইৰ, ততাতৈয়াকই তাই চিৰা খিনি ধুই গৰম পানীত কোমল হ’বলৈ দি চাহৰ চচপেনতো পাতি দিলে, ৰজতৰ লগত ২০ বছৰৰ আগে মনিকাৰ বিয়া ঘৰৰ সন্মতিত হৈছিল, কিন্তু তাই তাইৰ মনটো চম্পকৰ স’তে তাৰো পাঁচ বছৰৰ আগতেই বান্ধি থৈছিল, হায়াৰ চেকেন্দাৰী পঢ়ি থকাৰ পৰাই দুয়োতাৰ মাজত প্রেমৰ সুত্রপাত হৈছিল আৰু ইউনিভাৰচিতিত পঢ়ি থকাৰ শেষৰ দিনালইকে দুয়োটাই যে কিমান কি নাভাবিছিল কিমান যে সপোন দেখিছিল দুয়োতাই, কিন্তু তেনেকুৱাতে বিয়াৰ কথা ওলাইছিল মনিকাৰ ঘৰত আৰু মাকে তাইৰ আৰু চম্পকৰ কথা জানিও ভাল আভ্যবন্ত ঘৰৰ পৰা বিয়াৰ প্রস্তাব অহাৰ বাবে তাইক চম্পকৰ কথা পাহৰিবলৈ সঁকীয়াই দিছিল । কাৰণ তেতিয়া তাৰ হাতত বিয়া এখন পাতিব পৰাকে এঁকো চাকৰিও নাছিল আৰু ভাল চাকৰি এটা পাবলৈযে কিমান দিন লাগিব সেইয়া মাকে ভালকৈয়ে অনুধাৱন কৰিব পাৰিছিল । কাৰণ এগাৰাকী মাকে সদায় নিজৰ ল’ৰা ছোৱালীৰ ভাল হোৱাটোৱে বিচাৰে, ৰজতে তেতিয়া নতুনকৈ বিচিপিএলত অভিযন্তা হিচাপে যোগদান কৰিছিল, আৰু মনিকাহঁতৰ ঘৰখন যিহেতু ইউনিভাৰচিতিখনৰ ওচৰতে সেয়ে ঘৰৰ পৰাও প্রস্তাৱটো নাকচ কৰাৰ কোনো যুক্তি নাছিল, মনিকা উপাইহীন হৈ পৰিছিল তেতিয়া, ভৱাই নাছিল তাই ঘৰত যে বিয়াৰ কাৰণে কোনোবা আহিলেই বিয়া ঠিকেই হৈ পৰিব বুলি, উচ্চ ৰক্ত চাঁপত ভুগি থকা দেউতাকক ক’বলেও সাহ নাছিল তাইৰ ক’বনো কি সেই সময়ত যে চম্পকৰ ডিগ্রী কেইটাৰ বাদে একো এটা নাছিল । এখন দিঘলীয়া চিঠিৰেই তাই ক্ষমা বিছাৰিছিল চম্পকৰ পৰা আৰু তাৰ দুমাহৰ পিছতে তাই হৈ পৰিছিল ৰজত দত্তৰ পত্নী মনিকা দত্ত ।

চাহ কাপ আৰু চিৰা বাতি ৰজতৰ কাৰণে দি তাই চাউচাউ খিনি বনোবাত লাগিল । পুতেক গুঞ্জন ক’চিং ক্লাচৰ পৰা আহি পাবৰে হ’ল, পুৰণি কথাবোৰত ডুব গই থাকোতে তাইৰ বহুত সময় পাৰ হৈ গ’ল । এতিয়া আৰু সেই সময় নাই চম্পকৰ কথা ভাবি সময় পাৰ কৰিবলৈ, ১৮ বছৰীয়া ল’ৰাৰ মাক এতিয়া তাই, পিছে গুঞ্জনৰ পৰাই তাই পাইছিল চম্পকৰ খবৰ । সি পঢ়া কলেজ খনৰ কেমিস্ত্রীৰ প্রবক্তা চম্পক,কলেজ আলোচনীৰ পাত লুতিওৱাত হে এদিন মনিকাই এটা লেখনিত নাম আৰু ফটো দেখি গুঞ্জনক শুধিছিল চম্পকৰ কথা। মা তোমাৰ লগত পঢ়িছিল নি চম্পক চাৰ বহুত ভাল বুজাই জানা একদম কনচেপ্ত ক্লিয়াৰ হৈ যায়, গুঞ্জনৰ কথাত বুকুখন ফুলি উঠিছিল সেইদিনা তাইৰ, যি নহ’লেও তাইৰ প্রেমিক আছিল চম্পক আৰু সেইদিনাৰেপৰা তাইৰ মনটো কিবা এটা অস্থিৰতাই চঞ্চল কৰি তুলিছিল । নিজৰ মুখ খন,গাটো যে কিমান বাৰ আইনাখনত চাইছিল তাই, খুউব খং উঠে তাইৰ মেদবহুল শৰীৰটোৰ প্রতি, বিয়াৰ পিছৰে পৰা তাই নিজৰ মুখ খন, পেত টোৰ প্রতি অলপো যত্ন নলৈছিল কাৰণ যিজনে ভাল দেখিছিল তেঁওটো এতিয়া তাইক নাচাই, বাদ দিছিল তাই আগৰ দৰে আসন কৰিবলৈ, শৰীৰটোৰ প্রতি নজৰ দিবলৈ, আৰু তাই বয়সতকৈ সঁচাকৈয়ে বেছি বুঢ়ী নিছিনা হৈ পৰিছিল, ৰজতৰ সেইবোৰৰ প্রতি ভ্রুক্ষেপ নাই, মাত্র সি ৰাতি বিচাৰে তাইক, তাইৰ শৰীৰটোক, কিন্তু আজি ২০ বছৰৰ মূৰত তাই আকৌ নিজকে ধুনীয়া কৰিবৰ চেস্টা কৰিছে, ৰাতিপুৱা ঠান্ডা পৰিবেশত দুটামান আসন কৰিবলৈ লৈছে, দিনটো কোনো নাথাকোতে অকলেই গৈ পাৰলাৰত গৈ ফেচিয়েল কৰাই আহিছে, কৰবাত গ’লেও ইফালে সিফালে চাই যায় মণিকাই কিজানি দেখেই চম্পকক যিহেতু একেখন নগৰতে থাকে, ভাল লাগি যায় তাইৰ মনটো...... কিন্তু পিছ মুহুৰততে তাইৰ মুখৰ পৰা এটা হুমুনিয়াহ ওলাই যায়, চম্পক তাইৰ অতীত হে ,আগৰ কথাবোৰটো সাধুৰ দৰে এতিয়া বুৰঞ্জী । তাই যেনেকৈ ৰজতৰ পত্নী, সিও কাৰোবাৰ স্বামী, সিহঁত প্রেমিক প্রেমিকা আছিল হে এতিয়াটো একো নহয়, চিনেমাৰ দৰে যদি সকলো ঠিক হৈ যোৱা হ’লে ! স্বগতুক্তি কৰে তাই ।

গুঞ্জনৰ গৰম বন্ধৰ দিয়াৰ আগদিনা সি মাকক কৈছিল বন্ধতে চম্পক চাৰ সিহতৰ ঘৰ অহাৰ কথা, সি এদিন কিবা শুধিবলৈ যাওঁতে কমন ৰুমত অকলে থকাৰ কাৰণে সি কৈছিল বোলে চাৰ আমাৰ মায়ে আপোনাক চিনি পাই, একেলগে পঢ়িছিল বোলে এম এচ ছি লৈকে মাৰ নাম মনিকা দত্ত । খুউব আগ্রহেৰে বোলে চাৰে সেইদিনা তাৰ লগত কথা পাতি তাৰ চকুকিটালৈ চাই আছিল গুঞ্জনে আহিয়েই মাকক কৈছিল , কিবা যেন বিদ্যুত প্রবাহ হে বৈ গৈছিল হঠাতে মনিকাৰ দেহৰ মাজেৰে, চম্পক আহিব তাইৰ ঘৰলৈ...... তাই কি খুৱাব তাক সি ভালপোৱা দোচা নে লুচি আলুভাজি নে.........দুখত বিব্রত হই গৈছিল নে সুখত আত্মহাৰা হৈ পৰিছিল তাই নিজেই বুজা নাছিল সেইদিনা তাইৰ মনৰ অবস্থাটোৰ কথা, কান্দিবলেও তাইৰ মন যোৱা নাছিল । পৰিস্থিতিৰ দাস হৈ তাই যে ৰজতৰ লগত সেই ২০ বছৰৰ আগতে নতুন জীৱনৰ পাতনি মেলিবলগা হ’ল সেয়া তাই এতিয়াও তাক বুজাম বুলি ভাবে । ইমান বছৰৰ মূৰত আকৌ দেখিব তাই তাক আৰু সি তাইক, কি প্রতিক্রিয়া কৰিব বাৰু সি......, অভিমানত তাইক ভালকৈ নামাতে যদি... আকৌ তাই ভাবে অভিমান নো কিয় কৰিব সিওতো এতিয়া কাৰোবাৰ স্বামী, মোবাইল ফ’ন যদি তেতিয়াৰ দিনতো থাকিলহ’লে হয়তু অভিমানৰ প্রাচীৰ খন তেতিয়াই ভাঙ্গি গ’লহেতেন । এতিয়াও মনত আছে তাইৰ দিস্তা কাগজৰ দুখন পৃস্থাৰ চাৰিওখন পিঠিতে তাই তালৈ লিখিছিল অসহায় সময়বোৰৰ কথা, কিমান যে চকুপানীৰ টোপালে আখৰবোৰৰ আক্রৃতি বিকৃত কৰি তুলিছিল সেইদিনা । মনত পৰিলে এতিয়াও তাইৰ খুব কস্ট হয় বাস্তবক গ্রহণ কৰিবলৈ। মাক বাপেকৰ অমান্তি হৈ তাইৰ একো কৰিবলৈ সাহস নাছিল সেই সময়ত, ৰজতৰ সৈতে বিয়া হৈ আহি তাই ভাবি পোৱা নাছিল কেনেকৈ তাই গ্রহণ কৰিব নতুন মানুহজনক স্বামী হিচাপে, বিচনাৰ এটা মুৰত চেপেতা লাগি পৰি ৰৈছিল তাই ভয়ত, দুখত আৰু যন্ত্রণাত । যেতিয়া সি তাইৰ ওখ চাপৰবোৰত নিজৰ আধিপত্য বহন কৰিব বিচাৰিছিল তাইৰ উঠত উঠ গুজিব বিছাৰিছিল তাইৰ এনেকুৱা লাগিছিল যেন তাই তেতিয়াই বিচনাৰ পৰা উঠি পলাই যাব ৰজতৰ বাহুবন্ধনৰ পৰা মুক্ত হৈ ! কিন্তু একো কৰিব পৰা নাছিল তাই, নিজৰ অজ্ঞাতে তাইৰ শৰীৰৰ পৰা এপদ দুপদকৈ আটাইবোৰ কাপোৰেই সোলোকাই দিছিল ৰজতে, ৰজতে তাইক চুওঁতে তাই চম্পকক অনুভব কৰিছিল আৰু এদিন গোতেই শৰীৰটোৱে তাই তাক সঁপি দিছিল তাইৰ অজানিতে, গাৰু তিতি গৈছিল মনিকাৰ সেইদিনা বহুত কিবা হেৰুৱাৰ বেদনাত, তেনেকৈয়ে পাৰ হৈছিল সময় এদিন দুদিনকৈ আৰু মনিকা ৰজতৰ জীবনলৈ আহিছিল গুঞ্জন, গুঞ্জন জন্ম হোৱাৰ পিছত হে মনিকাৰ হেৰাই যোৱা হাঁহিটো প্রস্ফুতিত হৈ পৰিছিল তাইৰ উঁঠ,চকু,মুখত । পাহৰিবলৈ চেস্টা কৰিছিল তাই ইতিহাসে গৰকা তাইৰ অসফল প্রেমৰ কাহিনী । দিনটো ব্যস্ত হৈ পৰিছিল গুঞ্জনৰ লগত আৰু ৰাতি ৰজতৰ লগত । ইমান দিনেতো ঠিকেই আছিল সকলো, ভগবানে আকৌ তেন্তে কিয় শুকাবলৈ ধৰা ঘাঁ টুকুৰা খজুৱাই তেজ উলিয়াবলৈ বিচাৰিছে, কিয় মনত নেপেলাও বুলি ভাবিলেও বাৰে বাৰে অহা হৈছে তাইৰ মনলৈ কলেজৰ দিনবোৰৰ কথা, ইউনিভাৰচিতিত নাহৰৰ তলে তলে খোজ কঢ়া যৌৱনময় ৰাস্তাটোৰ কথা । তাইতো পাহৰিয়ে গৈছিল নাহৰৰ গুন্ধ, চিপচিপিয়া বৰষুণত তিতাৰ আমেজ, কিয় আকৌ সেইবোৰে তাইক খেদি আহিছে, তাই যেন পাগল হৈ যাব এইবোৰ ভাবি ভাবি ......।

অৱশেষত সেই বিশেষ দিনটো আহিল, গুঞ্জনৰ চম্পক চাৰ ওৰফে মনিকাৰ প্রাক্তন প্রেমিক ২০ বছৰৰ পিছত প্রথমবাৰ আহিব লগীয়া দিনটো আহিল, অন্য দিনাতকৈ অলপ সোনকালে উঠিল তাই, আগদিনা চাফা কৰি থোৱা ফুলদানি কেইটা আকৌ জোকাৰি জোকাৰি চাফা কৰিলে, সজীৱ ফুল দুপাহ মানো তাই আনি কাঁচৰ পাত্রটোত পানী এখিনি দি ধুনীয়াকৈ সজালে, তাইৰ এই বয়সতো মনটো আজি অলপ চঞ্চল মনা হৈ পৰিছে, ৰজতকো তাই আজি অফিচৰ পৰা সোনকালে আহিব কৈ দিছে, কাৰণ তাই বিচৰা নাই চম্পক আৰু তাৰ পত্নীৰ সন্মুখত অকলে ওলাবলৈ, তাইৰ মনলৈ বাৰু কিবা ঈর্ষাৰ ভাৱ আহিছে নি কিজানি চম্পকৰ পত্নী খুউব ধুনীয়া হ’ব বুলি ভাৱি...। নাই মুকলি কৰিব চেস্টা কৰিলে তাই মনটো । আজি তাই দোচা নবনাই, লুচিও নবনাই কাৰণ সেইবোৰ হয়তো তাৰ পত্নীৰ প্রিয় নহ’বও পাৰে, এটা চকলেত কে’ক বনালে তাই আইচিং কৰি, মচমচিয়াকই পুৰ পিঠা বনালে, চানা আছিল তাৰে বনালে তাই ৰসগুল্লা কেইটামান । আৰু নিমকি ভুজিয়া আছেই, ৰজতক আঁহোতে পানীৰ আৰু পাঠাৰ মাংস লৈ আনিব ক’লে মুৱা মাছ আছে, তাই চৰচৰী বনাব, খোৱাৰ লিস্ত খন মনতে জুকিয়াই মনিকাই কাস্তাৰদ খিনি পাতি দিলে, নহ’লে বৰ সময় লাগে ঠাণ্ডা হবলৈ, চম্পকৰ অসমীয়া খাদ্য খুউব প্রিয় । তাতে টেঙ্গা জাতীয় শাক পাত আৰু ভাল পাই সি, মনিকাই জানে কিন্তু তাই আজি সেইবোৰ থাকিলেও নবনাই কাৰণ তাৰ পত্নীৰ সেইবোৰ প্রিয় নহ’বও পাৰে, তাই শুনিব বিচৰা নাই বাহ্ মনি বিৰাট ভাল লাগিছে, সঁচাকই তোমাৰ হাতত যাদু আছে । ক’ব জানো সি এতিয়াও তেনেকৈ, কিন্তু যদি কয় তাইতো সহজ হ’ব নোৱা্ৰিব তাৰ পত্নীৰ আগত, তাই সেয়ে নবনাইয়ে সি ভালপোৱা খাদ্য । নিজকে সুধিলে তাই হয় জানো তাই মাত্র চম্পকৰ পত্নীৰ অপ্রিয় হ’ব ভাবিয়ে বনোওা নাই নে তাঁৰ প্রতি থকা অভিমানৰ কাৰণে ? অর্থহীন যদিও স্বাভাবিকতে এনুকুৱা পৰিস্থিতিত আহিবলগীয়া কিছুমান অবান্তৰ কথাই তাইক ব্যতিব্যস্ত কৰি তুলিলে, ভাবিও আছে, কৰিও আছে তাই, ৰজত আৰু গুঞ্জনো আহি পালেহি, তাই বিধে বিধে বস্তুবোৰ বনাই হতকেচত থৈ দিছে । টিং টং...উচপ খাই উঠিল মনিকা, মানে আলহি পালেহি, উহ কাম কৰি থাকোতে তাই নিজক চাবলেই পাহৰি গৈছিল, খৰধৰকৈ গৈ তাই পিন্ধি থকা শাৰী খন ঠিক কৰি চুলিকুছা ফণিয়াই ললে, ৰঙ্গা ফোটটো অলপ উজ্জল কৈ লৈ সেন্দুৰখিনিও অলপ দীঘলকৈ লৈ ল’লে, চম্পকৰ পত্নী চাগে খুউব ধুনীয়া, তাতে সি আগতে তাইক যেনেকৈ খীন হৈ থকিব কৈছিল তাইকো চাগে কয়, টিং টং টিং টং ......বুকুখনৰ ধপধপনিটো আগতকৈ বাঢ়িছে তাইৰ যিমানে দৰজা খনৰ উচৰ চাপিছে, লাহেকৈ দৰজাখন খুলিলে তাই । কিন্তু এয়া কি...ওখ, শকত, চশমা পৰিহিত মানুহজনক তাইৰ চম্পক বুলি ভাবিবলৈ কস্ট হ’ল, অচিনাকী মানুহৰ দৰেই তাই আহক বহক বুলি সম্ভাষণ জনালে তাইৰ এসময়ৰ প্রেমিকক ,ৰজত আৰু গুঞ্জনু আহি ড্রয়িং ৰুমতে বহিল, মনিকাই চৰবতৰ ট্রেখন লৈ চম্পকলৈ আগুওাই দিলে । ভালনে বুলিয়ে আৰম্ভ কৰি ৰজতক তায়ে চিনাকি কৰাই দিলে এসময়র সহপাঠী আৰু বর্তমান পুতেক গুঞ্জনৰ শিক্ষক হিচাপে । বেছিকৈ কথা নপতা ৰজতক আজি বহুত কথা পতা দেখিলে মনিকাই । এনেকৈ পাতিছে যেন তেঁওৰ হে লগৰ, ভাল লাগিল মনিকাৰ অন্তত নীৰব পৰিবেশ বোৰে হুৰুঙা নপাব তাই ভবাৰ দৰে, কথাৰ মাজতে তাই চাহৰ যোগাৰ কৰিলে, তাইৰ হাতত চম্পকে দিয়া টোপোলাটো তাই ভিতৰত আহি খুলিলে, বিকাজীৰ কুছ কুছ চানা পেকে্ট এটা, তাইৰ যিটো এসময়ত খুব প্রিয় আছিল, কালাকান্দৰ ডাঙৰ টোপোলা এটা, আৰু পেটিছ, গোটেইবোৰ চোন তাইৰ প্রিয় বস্তু, আগতে তাই তাক কয়, “কালাকান্দ খাবা একদম গাখীৰতে বনোৱা , সেইটোৰ সমান পিউৰ মিঠাই ক’তো নোপোৱা,” চম্পকে ইমান পাহৰা নাইনে এইবোৰ কথা..., কিন্তু ক’তা তাৰ পত্নী চোন নাহিল, সিয়ে চাগে নানিলে, কিজানি কথাই কথাই কিবা ভু পাই... তেতিয়াতো পৰিবেশটো বেলেগ হৈ যাব মনতে কথাবোৰ ভাবিলে তাই, চাহৰ কাপ প্লেটযোৰ ধুনীয়াকৈ ট্রে খনত সজাই ডাইনিং টেবুলত থৈ মাতিব খুজিও ৰৈ গ’ল, কি বুলি মাতিব তাই, চম্পক নে চাৰ নে...বিনা সম্বোধনেৰেই তাই আহক চাহ দিছো বুলি ভিতৰৰ ডাইনিং ৰুমলৈ চম্পকক মাতি আনিলে, ৰজতে আগবহাই আনি গা ধোৱা ঘৰত সোমাল, মনিকাই ভালে পালে খোলাকে তেও কথা এষাৰ পাতিব পাৰিব বুলি ভাৱি । কঁপা কঁপা মাতেৰেই সুধিলে তাই ইফালে সিফালে চাই, “ভাল নে তোমাৰ ? ......গুঞ্জনৰ পৰাহে পালো তোমাৰ খবৰ তোমাৰ পত্নীক কিয় নানিলাচোন , একেলগে এসাজ খালো হ’লে সবেই”, খুব খৰধৰকই তাই কথা খিনি কৈ শেষ কৰি উত্তৰলৈ বাট নাচাই পাকঘৰলৈ গ’ল, কথাখিনি কঁওতে তাই মন কৰিলে চম্পকে তাইৰ মুখলৈকে চাই আছিল, হঠাৎ চকুৱে চকুৱে পৰাত খুব কিবা লাগিল মনিকাৰ, বিচাৰিবলৈ চেস্টা নকৰিলে তাই সেই চকুহালত ডেকা ল’ৰামতীয়া চম্পকক, মনিকাৰ একো কথাৰ উত্তৰ দিয়াৰ প্রয়োজনবোধ নকৰিলে চম্পকে, চাহ কাপত চুমুক দি মাত্র কলে, “একে আছে সোৱাদ মনিকা, ভাল বনাইছা”,পাকঘৰৰ পৰা তাই শুনি আছে কিন্তু কি ক’ব তাই চাহ বাদ দি আৰু একো বস্তুতে যে সি আগৰ সোৱাদ নাপাব ! কাৰণ তাই বনোৱাই নাই সি আগতে তাইৰ হাতেৰে খাই জুতি পোৱা বস্তুবোৰ। খং উঠিল মনিকাৰ তাই শুধা প্রশ্নৰ যথোচিত উত্তৰ নাপাই, তাতে ৰজতো আহি পোৱাহি নাই গা ধু বুলি কৈ । গুঞ্জনেও গৈ নিজৰ ৰুমত সোমাই আছে, কিয় আজি ভগবানে তাইক সুযোগ দিছে নি চম্পকৰ ওচৰত ক্ষমা খুজিবলৈ ? কিন্তু তাই চম্পকক যেনেকুৱাকে কল্পনা কৰিছিল সি চোন সম্পুর্ণ বেলেগ হৈ দেখা দিলে তাইক, মানে তাই ভবাৰ দৰে সি খীন হই থকা নাই, পেটত চর্বী জমা হৈ গম পোৱা গৈছে তাৰ বয়সৰ কথা, এনেতে গা ধোওা ঘৰৰ পৰা ৰজতো ওলাই আহিল আৰু ডাইনিং টেবুলতে কথা পাতিবলৈ ল’লে দুইজনে, কিন্তু সচাকৈয়ে যেন বিধাতাই আজি মনিকাক সুযোগহে দিছে তাৰ ওচৰত ক্ষমা মাগিবলৈ হঠাতে অহা এটা ফোনক’লে ৰজতক অফিচলৈ মাতি পঠালে, ৰজত যাব লগা হ’ল ভাত নোখোওাকৈয়ে, এতিয়া কি কৰিব মনিকাই, ভালে পালে মনিকাই অন্তত এনেকুৱা পৰিবেশত ইতস্তত কৰিবলৈ কোনো তৃতীয় ব্যক্তি নাই, এইবাৰ আহি তাই তাৰ মুখৰ আগৰ চকীখনতে বহি পৰিল, উজ্জ্বল লিপস্তিক , সেন্দুৰ ফুট লৈ তাই আজি ধুনীয়া হৈ আছে, কাৰণ তাই ভাবি আছিল চম্পকৰ সৈতে তাৰ ধুনীয়া পত্নীগৰাকীয়ো আহিব, সেয়ে তাইও ধুনীয়া হৈ আছিল, তাই সুধিলে আকৌ তাক “কিয় নানিলা তাইক ? ভাবিছিলো আজিয়ে দেখিম, ইউনিভাৰচিতি এৰাৰ পিচৰে পৰা তোমাৰ একো খবৰ পোৱা নাছিলো, এতিয়া আৰু আগৰ কথা বোৰ নুলিয়াও ,

যি হ’ল হ’ল,সকলোতো ভগবানৰ ইচ্ছা, তুমি যে একদম সলনি হই গ’লা,”এইবাৰ তাই হাঁহি হাঁহি ক’লে, “তুমি তো ইমান শকত হৈ যাবা বুলি মই ভবাই নাছিলো, আগতে চোন খুব যত্ন লৈছিলা,” তাই সহজ হ’বৰ চেস্টা কৰিলে, কাৰণ ভিতৰত গুঞ্জন আছে, কথাখিনি একেলগে কৈ তাই চম্পকৰ মুখলৈ চালে উত্তৰৰ অপেক্ষাত, কিন্তু তেতিয়াও চম্পক নীৰব, সি যেন বিচাৰিয়েই পোৱা নাই কথাবোৰৰ আঁত, কেইটামান নীৰব মুহূর্ত তেনেকৈয়ে পাৰ হৈ গ’ল , মনিকাই উঠি গৈ এইবাৰ পাকঘৰৰ পিনে খোজ ল’লে, হঠাতে চম্পকে তাইক মাতিলে, “মনি, তুমি কিন্তু বহুত সলনি হৈ গ’লা, ময়োতো তোমাক আগৰ মেদহীন মনি জনীকে কল্পনা কৰি আছিলো, ভাল লাগিল তোমাৰ সুখৰ সংসাৰ দেখি, গুঞ্জন তোমাৰ ল’ৰা বুলি জনা দিনাৰেপৰা তাৰ চকুত তোমাৰ চকুহালি বিচাৰি ফুৰিছিলো, বহুত মন গৈ আছিল তোমালোকক চাবলৈ কিমান যে দিন হ’ল” সি কৃত্রিম হাঁহি এটা মাৰি সহজ হ’বলৈ চেস্টা কৰি আকৌ আৰম্ভ কৰিলে, “তো্মাক মনি বুলি মাতিব মন গৈছিল সেয়ে মাতিলো এবাৰ, আৰু তুমি যে ইমানকৈ পত্নী পত্নী কৈ আছা, মইতো এতিয়াও অবিবাহিত, নহ’লে এনেকৈ বুঢ়া হৈ যাঁওনে চর্বীবহুল দেহটো লৈ, তেতিয়াৰ দিনৰ কথা বেলেগ আছিল, মন গৈছিল সদায় যেন প্রাণচঞ্চল ডেকাটোৱে হৈ থাকো, কিন্তু তোমাৰ বিয়াৰ পিছৰে পৰা নিজৰ প্রতিও অনীহা জন্মিল, কি বুলি কাক দেখাবলৈ নো হৃস্ত পুস্ত হৈ থাকো যদি কাষত তুমিয়ে নাই......এটা হুমুনিয়াহ কাঢ়ি চম্পকে কৈ গ’ল “মোৰ কলেজৰ চাকৰিতো পাইছো তোমাৰ বিয়াৰ পাঁচ বছৰৰ পিছত, তেতিয়ালৈকে তোমাক এনেও ঘৰত নথ’লে হ’লে, বৰ ভাল লাগিছে আজি তোমাক , তোমাৰ সন্তানক আৰু তোমাৰ ছাঁৰ দৰে থকা স্বামীক দেখি, বাৰু বাদ দিয়া সেইবোৰ যি হ’লেও মই তোমাৰ প্রিয় মিঠাইকেইবিধ আনিছো দেখিছা্‌” বুলি চম্পকে কথাৰ মুখনি মাৰিব খুজিলে...। পাকঘৰৰ পৰাই সকলো শুনি থকা মনিকাৰ আৰু শুনাৰ শক্তি নাইকিয়া হৈ গ’ল ,তাই বুজিলে তাইও যেনেকে নিজৰ যত্ন নোলোৱা্কৈ বুঢ়ী হৈ গৈছে সিও একেটা কাৰণতে বুঢ়া হ’ল । সকলো স্পস্ট হৈ গ’ল তাইৰ চকুত এতিয়া । তাই ভবাৰ দৰে অভিমান ঠেহ পেচ ঈর্ষা এইবোৰ কেতিয়াবাই মিলি গৈছে বতাহত ধূলিকণা হৈ । নাহৰ গছবোৰৰ মাজে মাজে এতিয়াও তেন্তে ভালপোৱাৰ বতাহজাক বলি আছে । হতকেচ বোৰ এটা এটা কৈ চাই তাই তাতে বহি পৰিল মূক হৈ, কাৰণ তাৰ এটাতো চম্পকৰ প্রিয় বস্তু বোৰ নাছিল ।

****************************
জুৰি গগৈ, উদ্ভিদ বিজ্ঞান বিভাগ
কটন কলেজ স্টেত ইউনিভাৰচিতি

****************************

google_ad_client = "ca-pub-7266255229823793"; google_ad_slot = "8669829143"; google_ad_width = 336; google_ad_height = 280;