গল্প :: মৃত্যু এনেকৈয়ে আহে --- টিপুল ৰাজবংশী

মবাইলটোৱে চাৰ্চ শেষ হোৱাৰ ইংগিত এটা দিলে টুট--টুট ---- চেহ্ আজি কাৰেন্টটোও বৰ দিকদাৰি দি আছে নহয়, এনেতে অৰুপৰ মবাইলত অচিনাকি নম্বৰ এটাৰ পৰা ফোন ক'ল এটা আহিল -------

: হেল্ল--—-

: হেল্ল চাৰ, এটা কথা হল নহয় ---- কি ?

আমাৰ শীল চাৰ এক্সিডেন্ট এটাত ঢুকাল ------

: ক'ত কেনেকৈ ? ভাস্কৰৰ পৰা কথাটো ভালকৈ জনাই নহল এনেতে মবাইলৰ চাৰ্চ শেষ -—--

চাৰৰ মৃত্যু হোৱা খৱৰটো অৰুপৰ মনটোৱে মানিব নুখুজিলে ৷ দুদিন মান আগতে ইমান ভালকৈ কথা পাতি আহিলে সেই মানুহটোৱে বাৰু মৰিব পাৰেনে ! নাই নহব ----- খৱৰটো ভালকৈ লব লাগিব --- অৰুপে মবাইলৰ পৰা খৰধৰকৈ চিমখন উলিয়াই অন্য এটা মবাইলত লগাই ভাস্কৰলৈ ফোন লগালে ----

ভাস্কৰ মানে, ভাস্কৰ অৰুপৰ এজন ভাল বন্ধু , লগতে ভাস্কৰ তাৰ সৰু ভাইৰ নিচিনা ৷ ভাস্কৰৰ পৰা অৰুপে গম পালে যে চাৰৰ ৰাতিপূৱা 10 মান বজাত গুৱাহাটীলৈ গৈ থাকোতে বাটত চাৰৰ গাডী ট্ৰাক এখনত খুন্দা মৰাত চাৰৰ মৃত্যু হল ৷

খৱৰটো শুনি অৰুপৰ মনটো সেমেকি উঠিল -— মনলৈ আহিবলৈ ধৰিলে চাৰৰ মৰমসোনা কথাবোৰ , মনলৈ আহিবলৈ ধৰিলে চাৰে কেনেকৈ সুন্দৰভাবে ক্লাচত বায়লজি বুজাইছিল , কেনেকৈ মৰমেৰে গোটেই স্কুলখনক বান্ধী ৰাখিছিল ৷

অৰুপে আগৰ কথাবোৰ ভাবি ভাবি নতুনকৈ প্ৰকাশ পোৱা স্কুল মেগাজিনৰ পাতত থকা চাৰৰ ছবিখন বহু সময় ধৰি চাই থাকিল ৷

অৰুপে মনৰ ভিতৰতে কবলৈ ধৰিলে ----- মানুহে জন্ম পালে এদিন মৰিবই লাগিব কিন্তু মৃত্যু কেনেকৈ আহিব সেইটো কোনেও নাজানে ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,215
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,545
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,914
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,298
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,939
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:583