গল্প :: লংকাম --- ৰাজীৱ কায়স্থ

মানৱ নহা দেখি চাকিটো নুমুৱাই থলে নীলিমাই । হঠাৎ কোঠাটো বুৰ গ'ল নিসংগ এন্ধাৰত দুনয়নত অপেক্ষাৰ উজাগৰী জোনটি, লৈ ভাবৰ তন্ময়তাত ক্ৰমশক গহীন হৈ পৰিল নীলিমা । মানৱৰ কথাষাৰি মনত দুলি থাকিল কেৱলঃ ''তই মোৰ বুকুৰ ৰজনীগন্ধা ।"বিছনাত বাগৰৰ উচপিচনি ঢৌ খলাওতেই অশৰীৰী নিশাটো তাইৰ বুকুৰ তিলফুলত অদৃশ্য হৈ গ'ল । বাহিৰত কুকুৰাৰ ডাক শুনি খপজপাই সাৰ পাই উঠিল নীলিমা ।

খিৰিকীখন খুলি দিলে তাই । লগে লগে এছাটি শীতল বতাহে তাইৰ গা-মন চুই গ'ল । পাছৰাতি টোপনিহীনতাৰ বাবে অৱসন্নতা অনুভব কৰিলে তাই বাহি বিছনাখন পৰিপাটি কৰি তাই গা-ধোৱা ঘৰত সোমাল ।

গোলাঘাটৰ ৰেংমা পথাৰৰ সৰুধন, মিলি, কছাৰী, লংফাকাইহঁতক খবৰটো দিয়ে ৰাতিটো 'জেংপাটাত' কটাই পুনশ্চ আপোন ঠাই লংকামগাঁওলৈ উভতি আহিল মানৱ _ নীলিমা তেতিয়া হোৰাত খৰি কেইটামান ভৰাই ঘৰলৈ বুলি আহি আছিল । বাটত হঠাৎ মানৱক দেখি তাই ৰই দিলে । তাইৰ চকুত, চকু থৈ কথা ক'বলৈ অপ্ৰস্তুত মানৱ । কি ক'ব ? তাইক সি কেনেকৈ বুজাব ? তিনিদিন, তিনিৰাতি সি কিয় তাইক দেখা কৰিবলৈ অহা নাছিল । ক্ষণিক নীৰৱতা ভাঙি নীলিমাই তাইৰ হোৰাৰ পৰা আটে ফল কেইটামান উলিয়াই মানৱৰ হাতত দিলেঃ "হো বাবু, এইকেইটা খাবি মই যাং" । সি একো ক'ব নোৱাৰিলে তাইক । তাই যোৱা লুংলুঙীয়া বাটতোলৈ তন্ময় হৈ চাই ৰ'ল মানৱ ।

গাঁৱত সোমায়ে মানবে সোনোৱাল মাষ্টাৰৰ অকাল মৃত্যুৰ বতৰাটো পাই শোকত ভাগি পৰিল _ লংকামগাঁও বুলিলৈ এইখন আৰু তাহানিৰ...সেই নদন-বদন গাঁও হৈ থকা নাই আৰু । অমানৱীয় গোষ্ঠী সংঘৰ্ষৰ লেলিহান শিখাই গাঁওখনক ইতিমধ্যে জামৰি ধৰিছে । মানৱহঁতক আদৰ্শৰ আদিপাঠ শিকাওতা সোণোৱাল মাষ্টাৰ আৰু নাই, সিহঁতৰ মাজত । মানৱ, পিয়ন হলিৰামৰ পুতেক । গাঁওখনত সিয়ে বেছি পঢ়া-শুনা আৰু জনা বুজা ল'ৰা । সেই দেখি সোণোৱাল মাষ্টৰে তাক বৰ মৰম কৰিছিল ।

_"হাথিয়াৰে সমস্যা সমাধান নকৰে, আমি অহিংসাৰে বিল্পৱ কৰিম এদিন আমি জয়ী হমেই"-সোণোৱাল মাষ্টাৰৰ এইষাৰ যথোক্তি তেঁওৰ সতে যেন গুচি গ'ল । সোণোৱাল মাষ্টাৰৰ মৃত্যুৱে লংকামগাঁওখনক কিছুদিন শোকৰ আৱৰ্তত নিৰ্বিকাৰ কৰি ৰাখিলে ।

"তই মোক বেয়া পাই আছ, হয়নে নীলুঃ" মানৱৰ প্ৰশ্নৰ একো সমিধান নিদি তালৈ এবাতি লাওপানী আগবঢ়াই দিলে তাই । মানৱে তাইৰ হাতখন ধৰিব খোজোতেই তাই উচুপি উঠিল ।

"তই কান্দিছ কিয় ভেদেলি এইজনী ; কোনোৱে কিবা ক'লে নেকি ?"

"মোৰ দৰে ডাইনী এজনী তোৰ লগত থাকিলে তোৰ অপকাৰ হ'ব বাবু, সোণোৱাল মাষ্টাৰক ময়ে কিবা দোষ লগাই খালো বুলি বু বু- বা বা, চলিছে গাঁওখনত । কেনেবাকৈ তোৰ কিবা অমংগল হ'লে মানুহ মখাই মোক জ্বলাই মাৰিব ।

" বাবু তই.........."

"নীলু এইসৱ আপদীয়া কথা তই চিন্তিব নেলাগে ।"

কুসংষ্কাৰ আৰু অন্ধবিশ্বাসে মানৱহঁতৰ গাওঁখনক বন পোৰা জুইৰ দৰে বেৰি ধৰিছে । নীলিমা ঘাতমাউৰা ছোৱালী, পৈতৃক সম্পত্তি বুলিবলৈ একমাত্ৰ ঘৰটো আছিল তাকো পেহাক এজনে চক্ৰান্ত কৰি কাঢ়ি নিলে । লোকৰ ঘৰত বান্দি খাটি থাকোঁতে শেহত গৈ ডাইনীৰ কলংক । ডাইনী সন্দেহত গাওঁবাসী তাইক জুলুম কৰি আহিছিল । মানৱ নথকা হ'লে তাই জী নেথাকিলেহেঁতেন ।

নীলিমাৰ প্ৰতি মানৱৰ আন্তৰিক টানৰ কথা এতিয়ালৈকে সি তাইক খুলি ক'ব পৰা নাই, সি যে তাইক ভাল পায় ।তাইক ৰক্ষণা-বেক্ষণ দিয়াৰ বাবে গাওখনে এতিয়া তাক চকুৰ কুটাৰেও দেখিব নোৱাৰা হ'ল

_"নীলু কেইদিন মানৰ কাৰণে মই তোৰ ওচৰলৈ হয়তো আহিব নোৱাৰিম, পুলিচে আমাৰ সংগঠনটোৰ বিষয়ে ইতিমধ্যে গ'ম পাইছে ।সোণোৱাল মাষ্টাৰৰ হত্যাকাণ্ডত আমাৰ গাৱৰে কোনোবা জড়িত হৈ আছে; নীলু তই সাৱধান হৈ থাকিবি" মানৱৰ কথা শুনি নীলুৱে বুজি পালে মানৱ অবিহনে যে তাইৰ জীৱন অসাৰ "বাবু তোৰ বাহিৰে মোৰ কোনো নাই । তোৰ মংগল চিন্তি বুঢ়া বাথৌৰ থানত ফুলৰ মালা দিওঁ ।

" নীলুৰ অন্তৰৰ ভাৱ মানৱে উপলৱ্ধি কৰে যদিও, পৰিস্তিতিৰ ধামখুমীয়াত পৰি তাৰ অন্তৰপ্ৰাণ নিৰ্বিকাৰ… ।" সেইদিনা লংফাকাইহঁতক পুলিচ অহাৰ খবৰটো দি আহিলো বিপদ কেতিয়া কোনপিনেৰে আহে ঠিক নাই, তই ভালকৈ থাকিবি নীলু ,মই আহিলো "

সেই ৰাতিয়ে মিলি, সৰুধনৰ, লগত মানৱ জেংপাটালৈ গ'ল, মানৱহঁতৰ সংগঠনটোৱে জনজাতীয় লোকৰ প্ৰাপ্যত্ব, অধিকাৰ আদিৰ বাবে অহিংস সংগ্ৰাম কৰি আহিছে বৰদামুক, দেনগাঁও, চাৰহেদ, ফাংচোগাঁও আদিৰ, লোকসকলে মানৱহঁতৰ "জিন্দাবাদ" সংগঠনটোৰ লগত পৰোক্ষভাৱে জড়িত জেংপাটাত সংগঠনৰ জৰুৰী সভা এখন পৰিচালনা কৰি পিছদিনাই লংকামলৈ উভতি আহিল মানৱ ।

লংকামত সোমায়ে মানৱৰ চকুৱে প্ৰথমতে যি দৃশ্য দেখিলে মানৱ আচম্বিত হৈ ৰ'ল । চকুৰ আগত যেন ঘুপঘুপীয়া এন্ধাৰ, এখন মৰিশালী । কানাই স্কুলঘৰৰ চালৰ পৰা তেতিয়াও পোৰা কাঠৰ ধোঁৱা অহৰৰ ওলায় আছিল । কানাই পথাৰৰ জুপুৰী ঘৰবোৰৰ ভস্মীভূত ছাইবোৰ পৰি আছে তেনেকৈ ।লংকামত একো বাচি থকা নাই জাহ যোৱা একুৰা ঠাই লংকাম । বুঢ়া বাথৌৰ থানৰ ভগ্নস্তূপ দেখি নীলু নীলু বুলি চিঞঁৰি উঠিল মানৱ …

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:852
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,868
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,140
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,174
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,089