গল্প :: ল’ৰালিৰ সোঁৱৰণি: নমতা বিয়ালৈ গৈছেনে কেতিয়াবা? মই কিন্তু গৈছোঁ --- ফাৰুক আজিজ

দেওঁবাৰবোৰ আগতে আমাৰ কাৰণে বৰ ব্যস্ত আছিল। ৰাতিপুৱা ৰংগোলী, তাৰপাছত শ্ৰীকৃষ্ণ, শক্তিমান। মুঠতে কামেই কাম। তাৰমাজতে ভন্টিৰ লগত নোহোৱা নোপোজা কথাত কাজিয়া লগা এইবোৰটো আছেই। তাতে গোটেই সপ্তাহটোৰ বাতৰি কাগজৰ পৰা বাচি বাচি গাংগুলি, দ্ৰাভিডৰ ফটো কাটি ঘৰ লেতেৰা কৰাটো এটা নিয়মীয়া কাম আছিল। আমাৰ অতপালিত ৰব নোৱাৰি কেতিয়াবা মায়ে কোৱা মনত পৰে “এই দেওঁবাৰবোৰ নাহিলেই ভাল।”

এনে এটা দেওবাৰতে এদিন গধুলি কৰিবলৈ কোনো কাম নাছিল। মোৰ লগৰটো যে জুনেছ (সেই যে পূজাত ৰিভলভাৰ কিনি বাহাদুৰি মাৰি ফুৰিছিল) সিও নাছিল। এনেতে আমাৰ ওচৰৰ ভাইটী মামা আহিল একদম পুৰা ফিটফাট হৈ

“ব’ল ফুৰি আহোঁ।”-----“ক’ত যাব?”

“বিয়া এখন খাই আহোগৈ ।”---- “ৰ’ব । মইও যাম ।”

মাৰ অনুমতি ল’লোগৈ (বিৰাট নম্ৰ, ভদ্ৰ আৰু অমায়িক আছিলোঁ তেতিয়া, হি হি হি)

ভন্টিৰো কোনো কাম নাছিল । দীঘল গামোছা এখনকে শাড়ী বনাই পিন্ধি আছিলে । তায়ো দৌৰি আহি আমাৰ লগত যাব ওলাল ।

আমি তিনিও খোজ কাঢ়ি যাবলৈ ধৰিলোঁ । তেনেতে ৰাস্তাত জুনেছক লগ পালোঁ । বাপেকৰ লগত ক’ৰবাৰ পৰা আহি আছিল। সিও দৌৰি আহিল ।

মামা: এতিয়াহে ভাল লাগিছে । মানুহ বেছি হ’লেহে বিয়া খাবলৈ যায় ভাল লাগে ।

আমিও হয়ভৰ দিলোঁ । গোটেই ৰাস্তাতো আমি বিভিন্ন কথা পাতি গ’লো কিন্তু কোনেও মামাক নুশুধিলো আচলতে বিয়াখন কাৰ ? আমাকনো কিয় লাগে ? খাব আহিছোঁ, খালেই হ’ল আৰু ।

বিয়া ঘৰ পাইছোহি আৰু । এনেতে মামাই দোকান এখনত সোমাল আৰু তামোল এখন লৈ কথাৰ মহলা মাৰাত লাগিল । ইফালে বিয়া ঘৰৰ হাই উৰুমি কানত পৰিব ধৰিছিল আৰু ।

“আচ্ছা, এই বিয়াখন যে আছে ? কইনা ক’ৰ ?”

“এইখন ছোৱালীৰ বিয়াহে ?”

“এহ । ক্ষমা কৰিব । কি সুধিব লাগে কি সুধিছোঁ । নহয় মানে দৰা ঘৰ ক’ত ?”

“বোকাখাতৰ । চৰকাৰী চাকৰিয়াল । বুজিছে ? আপুনি বিয়াতে অহা নাই জানোঁ ।”

“অ’ মানে বহুদিন আগতে মাতিছিল । ল’ৰাই কি ক’ৰে পাহৰি গৈছিলোঁ । আহো বাৰু ।”

আমি আচৰিত হৈ ভাইটী মামালৈ চালো । মামাই কোবাকোবিকৈ বিয়া ঘৰৰ ফালে খোজ ল’লে ।

বিয়া ঘৰত সোমোয়ে আমি এজন মানুহ লগ পালো । কইনাৰ বাপেক আছিল চাগে । আমাক বহিব দিলে আৰু মামাৰ লগত কথা পাতিব ধৰিলে ।

“আপোনালোকক চিনি পোৱা নাছিলো ।”--------- “অ’ আমি আচলতে দৰাঘৰীয়া আহে । মই দৰাৰ লগত একেলগে চাকৰি কৰোঁ।”

আমাৰ মূৰৰ ওপৰত যেন আকাশী সৰগহে ভাগি পৰিল।

মামাই আকৌ ক’বলৈ ধৰিলে “মই আচলতে আজি বোকাখাততে যাব লগীয়া আছিল। কিন্তু যোৱা নহ’ল। গতিকে-----অ’ ইহঁতকেইটা মোৰ ভাগিন দেই। ক’লে বোলে কইনাজনী চাই যাওঁহি।”

“অ’ ভালেই কৰিলে দিয়ক। ব’লক কইনাৰ লগত চিনাকী কৰাই দিওঁ।”

মাম যেন নিজৰ কথাত নিজেই বান্ধ খালে- “অলপ দেৰি জিৰাই লও দিওক।”(কইনাৰ ওচৰলৈ গ’লে উপহাৰৰ কথা আছেতো)-------“ঠিক আছে বহক তেনেহ’লে।”

মানুহজন যোৱাৰ পাছত মামাক আমি চিকুতিবলৈ ধৰিলো, “কি ক’ৰিলা তুমি? এতিয়া গম পাই যদি। তোমাক ৰ’বা আজি ঘৰলৈ ব’লাচোন।”(জুনেছ) (ভাগ্য ভাল আছিল তেতিয়া আজিকালিৰ দৰে গোলাঘাটত মোবাইল নামৰ যন্ত্ৰ্ববিধ নাছিল)

বিয়াঘৰত যেন আমাক লৈ এটা ব্যস্ততা আৰম্ভ হৈ গৈছিল। আমাৰ কাৰণে ভিতৰতে ডাইনিং টেবুল যোগাৰ কৰিব দিয়া কাণত পৰিছিল, হাজাৰ হওঁক দৰা ঘৰৰ মানুহতো।
আমি মামাক মানুহৰ মাজত গালি পৰিব নোৱাৰি চিকুটিব ধৰিলোঁ।

মামাও চিন্তাত পৰা যেন লাগিল “ভিতৰত গ’লেতো ফচাৰ পুৰা সম্ভাৱনা আছে। বহুত মানুহ আহিব আমাৰ লগত চিনাকী হ’বলৈ। এতিয়া কি কৰ?”

আমিও ইস্ত দেৱতাক স্মৰণ কৰিব ধৰিলোঁ, “হে ভগৱান আজি তুমিহে তুমি।”

মামাই লগা লগ থিয় হ’ল আৰু ভোজনালয়ৰ ফালে গতি কৰিলে আৰু আমিও পিছে পিছে গ’লোঁ।

আমি খোৱা টেবুলত বহিলোঁ, “পাছত যি হয় দেখা যাব। এতিয়া দকছি খাই ল।”

তেনেতে কইনাৰ বাপেক জন আহিল, “ য়ে আপোনালোক ইয়াতে বহিল। আমি আকৌ ভিতৰত সাজু কৰিছিলোঁ।”

“ৰাইজৰ লগত নাখালে ভাল নেদেখি নহয়।”(মামা)

“ঠিকেই কৈছে বাৰু। আপোনালোক পাছত ভিতৰলৈ আহিব দেই। ভালকৈ কথা পতাই হোৱা নাই। আৰু আপোনালোককো ঘৰৰ মানুহবোৰৰ লগত চিনাকী কৰি দিম।”
আমাৰ পেটতে হাত ভৰি লুকাল। ইফালে ভালৰো ভাল মাছৰ টুকুৰা, মিঠাই, মাংস আমাৰ পাটত পৰিব ধৰিলে। আমি সকলো চিন্তা বাদ দি খোৱাত লাগিলোঁ।
মামাৰ ইফালে চিন্তা বাঢ়িবলৈ ধৰিলে, “আজি আৰু ৰক্ষা নাই, বুজিছ। ইফালে হাতত মাত্ৰ ৫০ টকা এটাহে আছে। উপায় নাপালে সেইটোৱে দিব লাগিব উপহাৰ হিচাপে।” (বহুত দুখ মনে)

খাই বৈ আমি ভয়ে ভয়ে হাত ধুবলৈ বাহিৰলৈ আহিলোঁ। তেনেতে বাহিৰত কেইটামান সৰু সৰু ল’ৰা ছোৱালীয়ে দৌৰা দৌৰি কৰি থকা দেখা পালোঁ।

“অ’ই ইফালে কিবা ৰাস্তা এটা আছে যেন লাগিছে। অ’ই পলা।”

মামা আৰু নৰল। কোবা কোবিকৈ খোজ লব ধৰিলে। আমিও পাছে পাছে। অলপ দূৰ অহাৰ পাছত মানুহৰ সমাগম কম হোৱা যেন পোৱাত দৌৰিব ধৰিলো, কিজানি আমাক চিনা কোনোবা মানুহ ওলাইয়ে। ইতিমধ্যে ৰাতি হৈ আহিছিল। গোটেই ৰাস্তা আমি মামাক গালি পাৰি আহিছিলোঁ। আৰু মামাইও চুপ চাপ শুনি গৈছিল আৰু এটা কথাই কৈছিল বাৰে বাৰে, “ঘৰত কাকো নক’বি দেই।” আৰু আমিও নক’লো। ইফালে বিয়া ঘৰত আমাক নেদেখি কেনে প্ৰতিক্ৰিয়া হৈছিল জানিবলৈ খুব মন গৈছিল, কিন্তু গম নাপলোঁ কেতিয়াও।

ঘটনাটোৰ আজি বহু বছৰেই হ’ল। কিন্তু মনত পৰিলে এতিয়াও কিবা এট ভাল লাগে। আজিও কেতিয়াবা কোনো অচিনাকী মানুহৰ ঘৰত বিয়া দেখিলে সোমাব মন যায় আৰু যেন ক’ম, “আমি দৰাঘৰৰ পৰা আহিছোঁ।”

--------------------
(২২/০৮/২০১৩)

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,417
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,247
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,018
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,086
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,329