গল্প :: সেউতী বাইদেউৰ চিঠিখন --- সত্যজিত কাকতি

নয়ন জানো কলৈ গ'লগৈ ? আজি দেখোন নাই মোৰ লগত বিৰিখৰ তলত বহি সুখ- দুখৰ কথাবোৰ পাতিবলৈ । ইমান শান্ত ল'ৰাটো ,মানুহৰ আগত মুখেৰে মাতষাৰিও নোলাইছিল অথচ মোক কিবা কথা কোৱা মেচিনৰ দৰে কথাবোৰ কয় । কেতিয়াবা তাক বৰ উদাস যেন লাগে । মই তেতিয়া তাক সোধো কিয় ইমান মন মাৰি আছা ? তুমি এনেকৈ থাকিলে মোৰ কি ভাল লাগিব নেকি ? প্ৰত্যুত্তৰত সি কয় - তোমালোক ছোৱালীবোৰৰ দৰে আমাৰ ল'ৰাবোৰৰ জীৱনটো ইমান সহজ নহয় |

অ । তহঁতৰ তো মাত্ৰ এটা ভাল ল'ৰালৈ বিয়া সোমাই সুখেৰে জীৱন কটোৱাটোৱেই প্ৰধান চিন্তা নহয় জানো ? পিছে সেই সুখৰ জীৱনটো পাবলৈ আমি ল'ৰাবোৰেহে মূৰ ঘমাব লাগিব। -সি অলপ খঙেৰে কথাখিনি খৰকৈ কয় আৰু চকু চলচলীয়া হৈ আহে । সেইদিনাখনেই তাৰ মুখেৰে শেষবাৰৰ বাবে কথা শুনিলোঁ । ল'ৰাটোৰ মনত মই বাৰুকৈয়ে সোমাব পাৰিছিলোঁ হয়তো সেইবাবেই তাক মই মনে প্ৰাণে ভালপাই পেলাইছিলোঁ । হয়তো সি কথাষাৰ কাহানিও কল্পনাও কৰা নাছিল । সি হয়তো মোক তাৰ শৈশৱৰ সেউতীজনী বুলিয়েই ভাবি আছিল । যিদিনা নয়নক মই শেষবাৰৰ বাবে লগ পাইছিলোঁ তেতিয়া মই তাৰ দুচকুত অলেখ ভয় আৰু দোমোজাৰ আকাঙ্খা দেখিবলৈ পাইছিলোঁ কিন্তু সুধিবলৈ যেন মই অসাৰ হৈ পৰিছিলোঁ । সি মোক প্ৰথমবাৰৰ বাবে নিঃসঙ্কোচে সাৱটি ধৰি হুক-হুকাই কান্দিছিল । মইয়ো একো বাধা দিয়া নাছিলোঁ, মই মাথো বিষ্ময় মানিছিলোঁ যে ইমান লাজকুৰীয়া ল'ৰা এটাই এজনী গাভৰু ছোৱালীক সাৱটি ধৰিছিল । হঠাতেই সি আঁতৰি গৈছিল মই কিবা ক'ব খোজাৰ আগতেই । মইতো একোৱেই গম পোৱা নাছিলোঁ । ৰাতি শুবলৈ লওঁতে নয়নৰ মুখখনিলৈ বৰকৈ মনত পৰিছিল আৰু মনতে দৃঢ়ভাবে ভাবি লৈছিলোঁ ! কাইলৈ নয়নক মই সকলো ক'ম মোৰ ভালপোৱাৰ কথা । অলপ ভয় আৰু ভালও লাগিছিল । পাছদিনা আবেলি বিৰিখজোপাৰ তলতে বহি বহি নয়ন অহালৈ বাট চালোঁ পিচে নয়ন আৰু নাহিল । মনটো অলপ সেমেকি গৈছিল....সিফালেদি আহি নয়নৰ ভনীয়েক শিখাক লগপাই সুধিলত হে গম পালোঁ নয়ন হেনো কলিকতালৈ গৈছে কিবা কাম বিচাৰি । কথাষাৰ শুনা মাত্ৰকে মই দৌৰিছিলোঁ আৰু বিছনাখনত পৰি কান্দিছিলোঁ হয়তো মই অজ্ঞান হৈ পৰিছিলোঁ নেকি ? নয়ন গুচি যোৱাৰ পৰা দিনবোৰ মোৰ বাবে এবছৰ যেন লাগিছিল । ডিগ্ৰীৰ ৰিজাল্ট পালো আৰু দেউতাই গুৱাহাটীলৈ পঠোৱাৰ কথা ভাবিলে মইয়ো সন্মতি দিলোঁ । ভাবিলোঁ অলপ আঁতৰি যাওঁ ।

এনেকৈয়ে দিনবোৰ বাগৰি গল । নয়নৰ কথা মনত পৰিলেই চকুদুটি সেমেকি আহে । দুবছৰৰ মূৰত মই সেইদিনা ঘৰলৈ গৈছিলোঁ ,গাওঁখন কিবা মলীনতাত ডুব গ'ল কেওফালে নিমাওমাও পৰিবেশ । গাঁওলৈ সোমোৱা কেচা বাটটোৰে অলপ আগবাঢ়ি দেখিলোঁ নয়নহঁতৰ ঘৰত মানুহৰ জাক । যিমানেই কাষ চাপি গ'লো সিমানেই বুকুখন কপিবলৈ ধৰিলে । অহ! নয়নহঁতৰ ঘৰত কন্দা-কতা হুলস্থুল , তাৰ পাছতে দেখিলোঁ এখন চাঙীত বগা কাপোৰে ঢাকি নিছে এটা মৃতদেহ ,কাপোৰখনৰ গাত কিবা ৰঙা ৰঙা তেজৰ চেঁকুৰা যেন লাগিল । চাই থাকোতেই মৃতদেহটো কঢ়িয়াই নিয়া মানুহকেইজন মোৰ ওচৰৰে পাৰ হ'বৰ ধৰোতে এজাক ক্ষীণ বতাহে মৃতদেহটোৰ মূৰৰ ফালে অকনমান কাপোৰ উৰুৱাই দিলে । মই চাওঁ নাচাওঁকৈ চাই পঠালোঁ আৰু দেখিলো এইয়া চোন মোৰ নয়ন। তাৰ পাছত মোৰ কি হ'ল মনত নাই হয়তো অজ্ঞান হৈ পৰিছিলোঁ । এতিয়া মূৰটো বিষোৱা যেন লাগিছে হয়তো আৰু অলপ সময় পাছতেই মইয়ো যামগৈ, অলপ আগতে খোৱা সেই বটলৰ জহৰকেইটোপালৰ প্ৰভাৱ লাহে লাহে পৰিছেহি । ভাইটি মই গোটেই কথাখিনি তোমাৰ হাতত দিলোঁ, আশা কৰোঁ তুমি মোৰ মৃত্যুক অপবাদৰ নাম নিদিয়া । মই নয়নৰ কাষলৈ.........

(চিঠিখন ইমান ডোখৰলৈকে মোৰ হাতত পৰিল- বাৰু যি পালো আপোনালোকৰ আগত কৈ দিলো)

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:374
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,596
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,348
শিতান: প্ৰবন্ধ
মুঠ পঢ়ুৱৈ সংখ্যা:2,454
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,294
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,369