গাঁৱৰ হেঁপাহ --- পলাশ প্ৰান্তিক

মই গাঁৱৰ ল’ৰা
সৰিয়হ হালধীয়া পথাৰৰ কাষত
গৰু চৰাই থকা গৰখীয়া ল’ৰাজাক
মোৰ সহপাঠী

দলনিত মাছ মাৰি উভতি অহা
গাঁৱৰ গাভৰুজাক
মোৰ কান সমনীয়া
একেলগে লুকাভাকু খেলিছো
আৰু খেলিছো দৰা কইনা

মই গাঁৱৰ ল’ৰা
গাঁৱৰ কেঁচা মাটিৰ সতে
মোৰ আছে অটুট সম্পৰ্ক

চহৰীয়া সভ্যতাত
মোৰ হৃদয় হেৰুৱা যাতনাই
বুকু খহাই, বুকু জ্বলাই

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,773
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:503
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,207
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,783
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:398
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:647