গাওঁ :: জাহা ---- সমুজ্জ্বল ডেকা

"আমাৰ গাওঁ শুৱনি গাওঁ
প্ৰগতিৰে শান্তিৰে আমি আগুৱাওঁ ৷
জাতি-ধৰ্ম নিৰ্বিশেষে আমি ভাই-ভাই
জীৱন গঢ়িবলৈ ক'তোৱেই নাই ইয়াতকৈ পূণ্য ঠাই ৷৷"

প্ৰাকৃতিক সৌন্দৰ্যবোৰ আমি নিজৰ নিজৰ গাওঁ সমূহতে কম-বেছি পৰিমানে দেখা পাওঁ ৷ মোৰ গাওঁখনিও প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ৷ মই যিখন গাৱত বসবাস কৰোঁ সেইখন শিক্ষাৰ নৱদীপ নলবাৰী জিলাৰ বাঁহজানী মৌজাৰ অন্তৰ্গত ৷ মোৰ গাঁৱৰ নাম হ'ল জাহা ; যিখন নলবাৰী চহৰৰ দক্ষিনে প্ৰায় ৯ কিঃমিঃ নিলগত অৱস্থিত ৷ খেতি-বাতিৰ ক্ষেত্ৰত আগবঢ়া এই গাওঁখনি শিক্ষাৰ ক্ষেত্ৰতো যথেষ্টখিনি আগবঢ়া ৷ কেৱল হিন্দু ধৰ্মাৱলম্বী লোকৰ বাসস্থানথলী এই গাঁৱৰ ৮০-৯০% লোকেই শিক্ষিত ৷ পুৰুষৰ লগতে মহিলাসকলেও প্ৰায় সমানে বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি গৈছে ৷ সৰহ সংখ্যক মহিলাই স্বাৱলম্বী হ'বলৈ আত্মনিৰ্ভৰশীলতাৰ সুপথ বাচি লৈছে ৷ মূলতঃ আত্ম সহায়ক গোটৰ লগত জড়িত হৈ নিজকে কৰ্মমুখী কৰি তুলিছে ৷ এই গাৱৰ কিছু সংখ্যক মানুহে বিল-পুখুৰী আদিত মৎস্য পালন কৰিও জীৱিকা নিৰ্বাহ কৰি আছে ৷ বহু দূৰ-দূৰণিৰ ঠাইলৈ ইয়াৰ মাছ ৰপ্তানি হয় ৷

আমাৰ গাৱত এখন প্ৰাথমিক বিদ্যালয় আছে যিখনৰ নিচেই কাষেৰে এটি ডাঙৰ জান বৈ গৈছে ৷ এই জানটিত খেতিয়কসকলৰ উপযোগী হোৱাকৈ ৬ বছৰমান আগতে এটি চুইট্ছ গেট স্হাপন কৰা হৈছিল ৷ তাৰোপৰি আমাৰ গাৱৰ এমূৰে এখন মধ্য ইংৰাজী বিদ্যালয়ো আছে ৷ আন এটা মূৰত শ্ৰীশ্ৰী মহাপ্ৰভু বাৰ গোপাল জাগ্ৰত থান এখন আছে ৷ য'ত দৈনিক হিন্দু ধৰ্মাৱলম্বী লোকৰ সমাগম হয় ৷

ৰং চেনেলৰ জনপ্ৰিয় ধাৰাবাহিক "বৰলা কাই" খ্যাত কমেডিয়ান অভিনেতা হিৰণ্য ডেকাৰ জন্মস্থান উক্ত গাওঁখনি সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনতো আগবঢ়া ৷ এই গাৱতে বৰ্ণিল কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীশ্ৰী শংকৰদেৱ উৎসৱ, শ্ৰী শ্ৰী লক্ষ্মীপূজা পালন কৰা হয় ৷ অন্যান্য উৎসৱ-তিথি পালন কৰাৰ লগতে প্ৰতি বছৰে মাঘ মাহৰ ১,২ আৰু ৩ তাৰিখে শ্ৰীশ্ৰী মহাপ্ৰভু বাৰ গোপাল মন্দিৰত সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত হাজাৰ হাজাৰ লোকৰ সমাগম হয় ; যিয়ে আমাৰ গাৱৰ চিনাকী তথা সৌন্দৰ্য বৰ্ধনত সুকীয়া ইন্ধন যোগাই আহিছে ৷