গাওঁ ভালপোৱা মানুহবোৰ --- দাদুল ভূঞা

গাওঁ ভালপোৱা মানুহবোৰ গাঁৱত

থাকে গাৱঁৰ পলসুৱা মাটিত সেউজীয়াৰ

খেতি কৰে ।

গাওঁ ভালপোৱা মানুহবোৰে ভাল পায়

পথাৰৰ বোকা পানী শৰত্তৰ

শেৱালি ফুলা ৰাতি আঘোণৰ

সোনালী পথাৰৰ হালধীয়া হাঁহি ।

গাওঁভালপোৱা মানুহবোৰ গাঁৱলীয়া,

তেওঁলোকে চিনি নাপায় চহৰ

চিনি নাপায় মহানগৰীৰ যানযত্

চিনি নাপায় সৰু সৰু

গলি কিম্বা ডিস্কো বাৰ ।

গাওঁ ভালপোৱা মানুহবোৰে চহৰত উশাহ

লব নোৱাৰে

নাজানে ট্রেফিক জাম ফালি খোজ দিব ।

কংক্রিটৰ বৃহত্ত অট্টালিকা দেখি তৱধ

লাগি চায় বিলাসী গাড়ীৰ শৱদত

তেওঁলোক মূর্চ্চা যায় ।

গাওঁভালপোৱা মানুহবোৰে নাজানে ইংৰাজী অসমীয়াৰ

খিচিৰি ভাষা নাজানে আধুনিক পৃথিৱীৰ

আদব- কায়দা তেওঁলোকে ফুল ভাল পায়

গোলাপ ভাল পায় ফৰিং ফুটা জোনাকৰ

তৰাফুলীয়া আকাশ ।

গাওঁভালপোৱা মানুহবোৰ

সাৰে থাকে ভোকাতুৰ

নিশা খাবলৈ নাপায় ককবকাই থাকে;

কাতিৰ কুঁৱলি শুনা বিষন্নতাৰ দুপৰীয়া ।

আঘোণ আহিলে গাওঁভালপোৱা মানুহে দুখৰ

পোচাক খুলি সুখৰ পোচাক

পিন্ধে বিৰীয়া বাড়ীত সুখে হালি-

হালি নাচে ।

কপৌফুল ফুলা বতৰত গাওঁভালপোৱা মানুহৰ

বুকুলৈ নামি আহে হেঁপাহৰ বহাগ

গামোচাৰ ভাজঁত সাঁচি থয় চেনেহৰ

বহাগ ঢোলৰ ৰগৰত,পেঁপাৰ

মাতে আদৰি আনে মৰমৰ পাৰঘাট ।

গাওঁভালপোৱা মানুহে ,সেয়ে ভাল নাপায়

চহৰ ভাল নাপায় চহৰৰ

গন্দগুলীয়া পৰিৱেশ ।

গাওঁভালপোৱা মানুহবোৰ

গাওঁতে থাকি ভাল পায় গাঁৱৰ

বোকা পানীতেই আজীৱন বিচাৰি পায়

জীৱনৰ সঞ্জিৱণী সুখ ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,803
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,003
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,770
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,959
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,827