চাকি --- অংকুৰ জ্যোতি বুঢ়াগোঁহাই

ৰাতিটো শেষ হ'ল,

শিতানৰ টিপ চাকিটো

অলপ আগেয়ে নুমাল,

মোৰ দুচকুত এতিয়াও

সাৰে আছে শেষ নিশাৰ এন্ধাৰ।

শেতেলীৰ কাষৰ খিৰিকী খন

খুলি দিলো,

বতাহত এখিলা দুখিলাকৈ সৰিছে,

একেচিয়া জোপাৰ শুকান পাত।

মোৰ বুকুৰ শুকান কামিহাঁড়ত

শীতৰ বতাহ জাকে

খুন্দিয়াই যেন ক'ব ,

মই কাঁইটেৰে আৱৰা ৰঙা গোলাপ।

মোৰ মনৰ কথা

তোমাক কেনেকৈ উনুকিয়াওঁ !

মই হ'লো কুমাৰ,

মোৰ হাতত প্ৰাণ পাই উঠা,

চাকি গছীয়ে দুৰ কৰে,

কাৰোবাৰ পদুলিৰ এন্ধাৰ.......

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,225
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,747
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,959
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,277