চাহ-বাগানৰ মাজে মাজে প্ৰেমৰ আঁৰে-আঁৰে --- মৃণালৰাজ কলিতা

ডুমনিচকী চাহ বাগানৰ প্ৰান্তত আদিবাসীসকলৰ এখন গাঁও ৷ গাঁওখনৰ প্ৰায়বোৰ মানুহে চাহ-বাগানত কাম কৰি জীৱিকা নিৰ্বাহ কৰে ৷ সেই কাৰণে এওঁলোকক বাগানীয়া বুলি কোৱা হয় ৷ এওঁলোক বৰ দূখীয়া আৰু গাঁও খন শান্তি-সমৃদ্ধিৰে ভৰপূৰ ৷ নিজৰ ঘৰখন চলাবলৈ দিন-ৰাতি কাতি কৰি কপালৰ ঘাম মাটিত পেলায় কাম কৰে আৰু নিজৰ পৰিয়ালটোক পোহ-পাল দিয়ে ৷ এই চাহ বাগানখনৰ ওচৰতে চপনাহঁতৰ ঘৰ ৷ চাহ বাগানৰ মাজে মাজে চপনাই নাচি-বাগি হাঁহি- ধেমালী কৰি ডাঙৰ- দীঘল হৈছে ৷ চাহ বাগানখনেই যেন তাইৰ বাবে সৰগ, ইয়াতেই তাই সপোন ৰচে আৰু এয়েই তাইৰ জীৱন য'ত মনৰ ইচ্ছা- অনুভুতিবোৰ লুকাই আছে ৷
চপনা দেখিবলৈ বৰ ধুনীয়া ৷ তাইৰ দেহ যৌৱনৰ পৰশ পাই তেজে ফুটূ- ফুটূ কৰিছে ৷ তাইৰ দেহৰ সৌন্দৰ্য্য গাঁওখনৰ আনবোৰ ছোৱালীৰ তুলনাত বহুত বেছি ৷ কিন্তু এই সৌন্দৰ্য্য কিমান দিনলৈ বৰ্ত্তি থাকিব হয়তো কোনেওঁ ক'ব নোৱাৰে ৷

এদিনাখন এজন অচিনাকি যুৱকৰ চকুত পৰিল এই সুন্দৰ বাগানীয়া ছোয়ালীজনী ৷ সি এই চাহ বাগানখনলৈ ফুৰিবলৈ আহিছিল আৰু চপনাক দেখি মুগ্ধ হৈ পৰিল ৷ যুৱকজন গুৱাহাটীৰ ৷ তাৰ বন্ধু এজনৰ ঘৰলৈ ফুৰিবলৈ আহিছিল ৷ চাহ বাগানৰ মাজে মাজে সিওঁ বিচাৰিবলৈ ধৰিলে তাৰ প্ৰেমৰ পখিলা চপনাক ৷ তাৰ মনৰ নিবিড় কোণত বাগানীয়া ছোৱালীজনীৰ প্ৰতিচ্ছবি ৷ সি মনতে থিৰাং কৰিলে আৰু কেইদিনমান চাহ- বাগানখনতে থাকিব আৰু তাৰ প্ৰেমৰ পখিলী চপনাক নিজৰ কৰি ল'ব ৷

শাৰী- শাৰী চিৰিচ গছৰ মাজত বাগানীয়া ছোৱালী কেইজনীমানে পাত তুলি আছে ৷ লগতে তাৰ চপনাজনীওঁ ৷ অনুৰাগে চিৰিচ গছৰ তললৈ গৈ নয়নজুৰোৱা চাৱনিৰে তাইলৈ চালে ৷ তায়ো অজানিতে টুকুৰীৰ ফাকেৰে জুমি চালে অনুৰাগলৈ ৷ এনেকৈ সিহঁতৰ হৃদয়ত জাগি উঠিল প্ৰেমৰ লহৰ ৷ তাই উমান পোৱা নাই প্ৰথম চাৱনিত জাগি উঠা শিহৰণৰ মায়া ৷ চপনাৰ অন্যমনস্ক মনটো বাৰে বাৰে হাত- বাউলি দি মাতিছে নয়নযুৰোৱা ক্ষণৰ তৃপ্তি বিচাৰি ৷ সিওঁ যেন ব্যাকূল হৈছে তাইৰ প্ৰতি ৷ অৱশেষত চপনাক সময়ৰ ঢৌৱে উটুৱাই নিলে অনুৰাগৰ মায়াৰ সাগৰখনলৈ ৷ চাহ বাগানৰ মাজে মাজে সিহঁতৰ প্ৰেমে প্ৰাণ পাই উঠিল ৷ বতাহৰ তালে তালে দুয়োয়ে নাচি বাগি মাতাল হৈ পৰিল ৷ প্ৰথম প্ৰেমৰ সুবাসে চপনাৰ মূখলৈ গানৰ সুৰভি বিলালে ৷ তাই লিহিৰি আঙুলিৰে কোমল পাতত হাত বুলাই মিঠা মিঠা গান জুৰিবলৈ ধৰিলে ৷ তাইৰ এই সুৰৰ বিলাসিতা দেখি তাইৰ চংগীসকলে কেতিয়াবা তাইক শুধে -

" কি ৰে চপনা , আজকে তুই বৰ সুখী লাগাচী "

চপনাৰ মূখত এতিয়া মাথো গানৰহে স্থান আন কথাবোৰৰ নহয় ৷ তাই চংগীহঁতৰ কথাত মন নকৰি পাত তুলি তুলি গানৰ সুৰ বিলাইছে ৷ চাহ বাগানৰ মাজে মাজে প্ৰেমৰ আঁৰে আঁৰে তাই মিঠা মিঠা সপোন ৰচিছে ৷ হৃদয়ৰ ডলিচাখনত আকূলতাৰে সজাই থৈছে তাই ৰচা নতুন সপোনবোৰ ৷

সময়ৰ লগে লগে সিহঁতৰ প্ৰেমো আগবাঢ়িল বহুত গভীৰতালৈ ৷ অনুৰাগৰ দেহৰ স্পৰ্শই তাইক মতলীয়া কৰি তুলিলে আৰু দুয়ো সোমাই গ'ল এখন আন্ত: পৃথিৱীৰ মাজলৈ ৷ য'ত কেৱল মায়া - মোহ, মৰম - চেনেহেৰে আবৃত হৈ আছে প্ৰতিজন প্ৰেমীক - প্ৰেমীকাৰ আলিংগন ৷ লাহে লাহে চপনাৰ আচাৰ ব্যৱহাৰবোৰ সলনি হ'বলৈ ধৰিলে ৷ তাইৰ দেহৰ সৌন্দৰ্য্যই তাইৰ গৰ্ভত বাহ ল'লে ৷ সেই সময়ত চপনাৰ মৰমৰ অনুৰাগ গুৱাহাটীলৈ উভতিছিল ৷ তাই চিন্তাত পৰিল আৰু অনুৰাগে কথা দিয়া মতেই তালৈ বাট চাই ৰ'ল ৷ বহুদিন পাৰ হোৱাৰ পিছতো অনুৰাগৰ একো খবৰ পাতি নাপাই তাইৰ চিন্তা দুগুনে বাঢ়িল ৷ গুপ্ত কথাবোৰৰ মূখা কেনেকৈনো খুলিব তাইৰ ঘৰখনৰ আগত তাই বাস কৰা সমাজখনৰ আগত ৷ যদি কেনেবাকৈ অপমানিত হয়, দু:চিন্তা , নিচ কৰ্মৰ বাবে যদি তাই ঘৃণাৰ পাত্ৰ হৈ পৰে ৷ অৱশেষত সেই দিন আহিল ৷ চপনাৰ এটি কন্যা সন্তান জন্ম হ'ল ৷ গাওঁৰ মানুহৰ মূখে মূখে তাইৰ পাপৰ বিনা বাজিল ৷ চাহ বাগানৰ চৌদিশ বিয়পি পৰিল তাইৰ কু- স্বাভাব, কু- কৰ্মৰ ধুমুহা ৷ তাই এতিয়া কন্যা সন্তানটিৰ কি নাম দিব ?

চপনাৰ পাপে কুলষিত জীৱনটোৰ যেন এতিয়া কোনো মূল্য নাই ৷ গাওঁৰ মানুহে তাইক দেখিলে হাঁহে , ঠাট্টা - মস্কৰা কৰে ৷ তাইৰ চংগীহঁতেও তাইক মাতিবলৈ ঘৃণা কৰে ৷ তাইৰ একমাত্ৰ দেউতাকেওঁ যেন তাইক চাবলৈ লজ্জিত হয় ৷ চপনা আৰু তাইৰ ঘৰখনক গাওঁৰ মানুহে সিহঁতৰ গাওঁৰ পৰা এঘৰীয়া কৰি উলিয়াই দিলে ৷ এই দূখৰ ভাৰ সহিব নোৱাৰি দেউতাকে নদীত জাঁপ দি আন্মহত্যা কৰিলে ৷ দেউতাকৰ মৃত্যুৰ পাছত হাঁহি - ধেমালীৰে পাৰ কৰা চপনাজনী আজি মূখেৰে কিছুমান প্ৰলাপ বকি অনাই বনাই ঘুৰি ফুৰিবলৈ ধৰিলে ৷ কেছুৱাটি কোলাত লৈ ভাত এমুঠিৰ বাবে হাহাকাৰ কৰি ফুৰিবলগীয়া হ'ল ৷ কিন্তু এই পাপৰ সমভাগী অনুৰাগৰ কোনো শুং সূত্ৰই নাপালে ৷ এতিয়া মাথোঁ চপনা ডুমুনীচকী চাহ বাগানত অনাই বনাই ঘূৰি ফুৰা এটি সংগীবিহীন চগা, যাৰ কোনো ঠিকনা নাই ৷

আমাৰ সমাজত কিছুমান মূখাপিন্ধা ব্যক্তিৰ কাৰণে চপনাৰ দৰে সহজ সৰল ছোৱালীবোৰক মিছা মায়া দেখুৱাই নিজৰ ভোকাতুৰ মনক তৃপ্তি দিয়ে ৷ সমাজৰ প্ৰত্যেকেই সজাগ হোৱা উচিত, যাতে এই মূখাপিন্ধা মানুহবোৰৰ অস্তিত্ব সমাজখনৰ পৰা নাইকিয়া কৰিব পাৰে আৰু এখন সু - সমাজ গঢ়ি তুলিবৰ বাবে আগবাঢ়ি আহে ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,845
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,685
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,898
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,422
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,286
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:245