চিটি বাছত লগ পোৱা কাশ্মিৰীজনী --- মৃণালৰাজ কলিতা

ৰাতিপুৱাৰ কোমল ৰ'দে সেউজীয়া ধৰণীৰ বুকুত হেঁপাহেৰে উপচায় দিলে সোণোৱালী কিৰণ ৷ নিশাৰ স্বপ্নলীলা নেওচী, আলিংগনৰ শোভা ভেদি আনিলে ব্যস্ততাৰ মালাধাৰী ৷ কোলাহলৰ জোৱাৰৰ আহ্বান য'ত নাই নীৰবতা, নিসংগতা আছে মাথোন ব্যস্ততা ৷ নিন্দ্ৰাময় ৰঞ্জনৰ চকুহালত আৱৰণ ৰূপে প্ৰত্যক্ষ হৈছে এইবোৰ ৷ ৰিণিকি ৰিণিকি পোৰৰ কণিকাবোৰ হেঙুলী ৰহণ সানি সোমায় আহিছে অশৃংখল কোঠালিটোৰ ইমূৰত থকা খিৰিকীখনৰ ফাকেৰে ৷ পলকতে কোঠালিটোৰ চাৰিওফালে পোহৰে উমলিবলৈ ধৰিলে ৷ ৰঞ্জনে চকুহাল মোহাৰি শোৱাৰ পৰা উঠি বিচনাখনতে বহি পৰিল ৷

আজি দেওবাৰ ৷ ৰঞ্জনৰ বুকুত এটা ভাল লগা অনুভুতিয়ে ভূমূকি মাৰিলে ৷ কাৰণ গুৱাহাটীলৈ পঢ়িবলৈ অহাৰ দিনৰে পৰা ব্যস্ততাৰ মাজেৰে দিনবোৰ পাৰ কৰিছে ৷ সি বিচাৰে এখন সপোনৰ পৃথিৱী, প্ৰেম-ভালপোৱাৰে পৰিপূৰ্ণ এখন সৰগীয় ঠাই ৷ সোণৰ শয্যাত পৰি সৰগীয় অপেশ্বৰীৰ নৃত্য-দৰ্শন, জিমমিল জোনাক ৰাতিৰ আলোসুৱা জোনাক, এচাটি জুৰ মলয়াৰ চেঁচা পৰা সুৱাস, অচিন- অজান সাতোৰঙী পখিটিৰ শুৱলা মাত ... ইত্যাদি ইত্যাদি ৷

নিয়তিৰ আদেশ অনুযায়ী ঘড়ীটিয়ে সকিয়ালে টং-টং-টং ৷ ৰঞ্জনৰ চকুহাল এতিয়াহে ভালদৰে মাল খালে ৷ সি ঘড়ীটোলৈ চাই দেখিলে ৰাতিপুৱা আঠ বাজিবৰ হ'ল ৷ আজি দেওবাৰ গতিকে বিশেষ কৰাব লগীয়া কাম একো নাই ৷ সি ঘৰলৈকে যাবলৈ ঠিক কৰিলে ৷ বহুদিন হ'ল বুকুৰ অতিকে আপোন পাগলদিয়াৰ পাৰৰ ধুনীয়া গাঁওখনলৈ নোযোৱা ৷ ৰঞ্জনৰ মনটো উগুল-থুগুল লাগিবলৈ ধৰিলে ৷

পাগলদিয়াৰ পাৰৰ ইকৰা- কহুৱাবোৰে বতাহৰ তালে তালে একেদৰে নাচি আছেনে ? নৈ পলসুৱা সেউজীয়া সেউজীয়া ধাননি পথাৰবোৰ একেদৰে সেউজীয়া হৈয়েই আছেনে ? পদূলীমূৰৰ শেৱালী-বকুলজোপাই এতিয়াওঁ সুগন্ধি বিলায় আছেনে ? উহ ... !!! কিমান যে প্ৰশ্ন তাৰ মনত ৷ সি পলম নকৰি ততাতয়াকৈ ঘৰলৈ যাবৰ বাবে সাজু হ'ল ৷

দহ মান বজাত ৰঞ্জনে গুৱাহাটিৰপৰা পাগলদিয়াৰ পাৰৰ অতিকে আপোন আৰু সৌন্দৰ্যময় গাওঁখনলৈ বুলি চিটিবাছেৰে যাত্ৰা আৰম্ভ কৰিলে ৷ কিনকিনিয়া বৰষুণ এজাক দি আছিলে বাবে চিটিবাছত যাত্ৰীৰ সংখ্যা কম দেখা গৈছিল ৷ ৰঞ্জনে এখন দুজনীয়া চিটত বহি ল'লে ৷ লগে লগে দাপোনৰ নিচিনাকৈ চকুত ভাঁহি উঠিল বুকুৰ অতিকে আপোন গাওঁখন, সেই ঘৰখন য'ত আছে বগা চাদৰেৰে ঢাকি ৰখা মাকৰ শেতা পৰা মূখখন আৰু ককায়েকলৈ বাট চাই ৰোৱা একমাত্ৰ ভনীজনী ৷

Excuse me বহিব পাৰোনে ?

মাতষাৰ শুনি ৰঞ্জনে চমক খাই উঠিল ৷ সি দেখিলে এজনী ধুনীয়া ছোৱালীয়ে তাৰ ওচৰত খালি হৈ থকা চিটটিলৈ আঙুলীয়াই দি তাৰ উত্তৰৰ বাবে অপেক্ষা কৰি আছে ৷ কিযে নম্ৰতাৰে ভৰা এই মূখমণ্ডল, হৰিণীলেখীয়া চকুজুৰি, বগা পৰা গাল দুখনি ৷ কিনকিনিয়া বৰষুণৰ টোপালে গোটেই দিহটোতে যেন নতুন সৌন্দৰ্য্যই আভাস লৈছে ৷ ৰঞ্জনে বজ্ৰপাত পৰাৰ দৰে একেথৰে ছোৱালীজনীলৈ চাই ৰ'ল ৷ ছোৱালীজনীয়ে আকৌ এবাৰ সুধিলত সি উত্তৰ দিলে –

"হয় নিশ্চয় পাৰিব ... বহক " !!!

অনুমতি পাই ছোৱালীজনীয়ে ডিঙিত কঢ়িয়াই অনা বেগটো হাতত লৈ লাহেকৈ বহলে ৷ তাইৰ জিপাল দেহৰ গাভৰু গাভৰু লগা সুৱাসটোৱে ৰঞ্জনৰ দেহ-মন জুৰ কৰি পেলালে
লাহে লাহে চিটিবাছখন বৰষুণৰ আৱৰণ ফালি গুৱাহাটিৰ পৰা পাগলদিয়াৰ অভিমূখে আগবাঢ়িল ৷ ৰঞ্জনে এটি লাজুক সনা চাৱনিৰে ছোৱালীজনীলৈ চালে ৷ কিয় জানো এই অচিনাকি ছোৱালীজনী দেখি তাৰ হৃদয়ত এটি শিহৰণে বাৰে বাৰে উন্মাদিত কৰিছে ৷ এয়া কি ??? প্ৰেম নহয়তো ....!!! প্ৰেম নামৰ শব্দটি শুনি ৰঞ্জনৰ মনত আৱেগে ঢৌ তুলি নাছিবলৈ আৰম্ভ কৰিলে ৷ ঢৌত মনৰ ইপাৰ-সিপাৰ খহি যোৱা যেন অনুভৱ হ'ল ৷ লাহে লাহে ঢৌবোৰে মৰম নাম লৈ প্ৰেম সাগৰত প্ৰেয়সীক বিচাৰি উটি যাবলৈ ধৰিলে ৷ কেনেকৈ প্ৰকাশ কৰিব আৱেগ অনুভুতিবোৰ, তাৰ মনৰ উদ্দিগ্নতাবোৰ যিয়ে প্ৰথম চাৱনিতে বলিয়া কৰিলে ৷ যদি হেৰাই যায় প্ৰেম নামৰ নাওঁখনি অনন্ত সাগৰত ...???

"আপুনি ক'লৈ যাব ... ? "
- ছোৱালীজনীয়ে ৰঞ্জনলৈ ছাই সুধিলে ৷
"মই সুন্দৰীঘাটলৈ যাম... আৰু আপোনি " ?
- ৰঞ্জনে আশা ভৰা চাৱনিৰে সুধিলে ৷
"সোণাৰূতলীলৈ" ৷
- ছোৱালীজনীয়ে চমুকৈ উত্তৰ দিলে ৷

ৰঞ্জনে এইবাৰ মনত ইমান সময়ে পুহি ৰখা কথাষাৰ ক'বলৈ ওলাল –

“আপোনাৰ নামটো জানিব পাৰোনে ?”

সোঁহাতৰ গালত আউলি-বাউলি হৈ থকা চুলিকোচা হাতৰ আঙুলিৰে বুলাই বুলাই ছোৱালীজনীয়ে ক'লে –

"মিচ কাশ্মিৰী কলিতা... আৰু আপোনাৰ নামটো ..." ?

সি টপৰাই উত্তৰ দিলে - "ৰঞ্জন কাশ্যপ" ৷

ৰঞ্জনৰ নামটো শুনি তাই মিচিকীয়া হাঁহি এটা মাৰিলে ৷

"কাশ্মিৰী কলিতা" বৰ মৰমলগা নাম ৷ মানুহজনীৰ সৈতে মনামটোৰ মিল আছে ৷ ৰঞ্জনে হঠাৎ এটি হুলে বিন্ধা চিঞৰ শুনি বাস্তবলৈ উভতি আহিল আৰু শিল পৰা ভাটৌ টো হৈ পৰিল ৷

কন্ডাক্টৰ- "সোনাৰুতলী, সোনাৰুতলী" ৷

চিটি বাছৰ গতি কমিল ৷ কাশ্মিৰীজনী ৰঞ্জনৰ কাষৰ পৰা আঁতৰি গ'ল ৷ হয়টো কিমান দিনৰ বাবে কোনেও ক'ব নোৱাৰে এদিন... এমাহ... এবছৰ... ৷ ৰঞ্জনৰ মূখৰ মাত হৰিল ৷ মনটোত বিষ থকা কাঢ়ে বিন্ধা যেন অনুভৱ হ'ল ৷

ৰঞ্জনে ঘৰলৈ গৈয়ো মন স্থিৰ কৰিব নোৱাৰিলে ৷ নিজকে খাপ খুৱাব নোৱাৰিলে পাগলদিয়াৰপাৰৰ মধূৰ সন্ধিয়াবোৰৰ মাজত, জুৰ মলয়াইয়ো শান্ত কৰিব পৰা নাই , পখীবোৰৰ মিঠা সুৰিয়া মাতেও আজি মুগ্ধ কৰাব পৰা নাই ৷ প্ৰতিপলে কাশ্মিৰীজনীলৈ মনত পৰে, চকু মুদিলেই তাইৰ মূখখন ভাঁহি উঠে ৷ ৰঞ্জনৰ হিয়া ফালি কান্দিবৰ মন গৈছে ৷ কিন্তু সি নিৰূপায় ৷ আকৌ এবাৰ মিলনৰ মধুৰক্ষণৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে ৷

এনেকৈ সময়বোৰ গৈ গৈ এসপ্তাহ পাৰ হ'ল ৷ কাশ্মিৰীজনীৰ সি একো সম্ভেদেই নাপালে ৷ মনত বহু আশা লৈ ঘৰৰ পৰা গুৱাহাটীলৈ উভতি আহিল ৷
কাশ্মিৰীজনীৰ চিন্তাই ইমানকৈ আমনি কৰিলে যে সি কোনো কামতে মন বহুৱাব নোৱাৰিলে ৷ আনকি পঢ়া-শুনাটো ৷ কি মায়া আছিল চিটিবাছৰ লগ পোৱা সেই অচিনাকী ছোৱালীজনীৰ চাৱনিত যিয়ে ৰঞ্জনৰ মন-প্ৰাণ হৰি প্ৰতিটো কামতে বাধাৰ প্ৰাচীৰৰূপে থিয় হৈছে ৷ মন- আকাশত হেঁপাহৰ ডাৱৰ আঁতৰি বিদনাভৰা ডাৱৰে হাত-বাউলি দি মাতিছে , বিষাদেৰে উতলি উঠিছে উন্মাদিত হৃদয়, দূৰণিৰ অস্পষ্ট্ প্ৰতিধ্বনিটোৱে প্ৰতিটো ক্ষণতে বুকুত খুন্দা মাৰিছে ...৷
ৰঞ্জনে নিজকে চাম্ভালিব নোৱাৰি তাৰ প্ৰিয় বন্ধু কূকিলৰ ওচৰলৈ যাবলৈ ওলাল ৷ কূকিল তাৰ বাল বন্ধু ৷ সিও গুৱাহটীতে থাকে ৷ দুয়ো একেলগে একেখন কলেজতে পঢ়ে ৷ ৰঞ্জনে কেতিয়াবা কেতিয়াবা মনৰ কথাবোৰৰ পাতলি মেলিবলৈ কূকিলৰ ওচৰলৈ যায় ৷ আজি অনিশ্চসত্তেওঁ সি কূকিলৰ ওচৰলৈ যাবলৈ ওলাল হৃদয়ৰ কোঠালিত এটি এটিকৈ শাৰী পাতি সংগোপনে সাঁচি থোৱা কথাবোৰ ক'বলৈ ৷ মনৰ সকলোবোৰ কথা উদঙাই ক'ব, দুয়োটাই একেলগে বহি কাশ্মিৰীজনীৰ কথা আলোচনা কৰিব, তাৰ মনৰ কিম্বা কিম্বা লগা ভাৱবোৰ প্ৰকাশ কৰিব ৷

ৰঞ্জনে ভাৱনাৰ সাগৰত বুৰ গৈ থাকোতেই কিমান দূৰ বাট আহি পালে গমকে নাপালে ৷ অলপ আঁতৰত কিবা এটা দেখি ৰৈ দিলে আৰু একেথৰে সেইফালে চাই থাকিল ৷ এজনী মহিলাই দোকান এখনৰ সন্মুখত কাৰোবাৰ বাবে অপেক্ষা কৰি আছে ৷ দেখাত ধুনীয়া আৰু চিনাকী চিনাকী যেন লাগিছে ৷ ৰঞ্জনে অকনমান আগুৱাই গৈ ভালদৰে লক্ষ্য কৰিলে ৷

"এয়া ....... এয়া , কি ? সপোন নে দিথক !!! এইজনী দেখোন চিটিবাছত লগ পোৱা কাশ্মিৰীজনী ৷ কাশ্মিৰীৰ শিৰত সেন্দুৰ....... নাই নাই এয়া কেতিয়াও সম্ভৱ নহয় ৷ "

- সি মনৰ মাজতে কৈ উঠিল আৰু লগে লগে হতাশ হৈ গ'ল ৷ দুচকুৰে ভাপৰ দৰে উতলি থকা দুধাৰি তপত চকুলোই গালত মালা গাঁঠিব ধৰিলে ৷

খহি পৰিল সপোনৰ আশা ভৰা পাহাৰৰ টিলাবোৰ , চূকৰ্ণ-বিচূৰ্ণ হৈ গ'ল শৰীৰৰ প্ৰতিটো অংগ, হেৰেই গ'ল মৰমৰ ডলিচা পাৰি থোৱা ফুলশয্যাৰ নিশাৰ হেঁপাহবোৰ ৷ ৰঞ্জনেওঁ যেনিবা হেৰাই গ'ল ব্যস্ততাপূৰ্ণ অসংখ্য জনতাৰ মাজৰ পৰা ৷ নিজকে বিচাৰি পোৱাৰ সন্ধানত ৷

এতিয়া মাথোন ৰঞ্জনৰ মনৰ এটিয়ে প্ৰশ্ন - চিটিবাছত ল'গ পোৱা কাশ্মিৰীজনী...

++++++++++++++++++++++++++++++++++++++

গল্পকাৰ :: মৃণালৰাজ কলিতা
গাওঁ :: সুৱণখাটা
জিলা :: বাকচা, অসম
ফোন :: ৮৮১২৮৬৩৩৯৩
ফেছবুক লিংক :: https://www.facebook.com/mrinalraj.kalita?fref=ts

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,747
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,940
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,714
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,971
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,423
শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:2,241