চিত্রলেখা --- দাদুল ভূঞা

এখন ছবি আকি দিয়াচোন,

সেই যে হাঁহি থকা ৰাংঢালী জনী কাজল

সনা চকুযুৰিৰ

দিপলীপ চাওনি।

যোৱাৰাতি তেওঁ দেখা দিছিল সপোনত,

হিম শীতল নিয়ৰত তিতি বুৰি আহিছিল

তেওঁ ।

মোৰ হৃদয়খন শেৱালি,

শেৱালি গোন্ধাইছিল, তেওঁ মোৰ বুকুত

গুজি দিছিল সর্বস্ব সুখ ,অনুভুতি ।

মই তৱধ লাগি তেওঁক চাই ৰৈছিলো, চাই

ৰৈছিলো তেওঁৰ কঁহুৱা কোমল হাঁহি ।

তেওঁৰ মেঘালি চুলিতাৰিত

শুকুলা মেঘবোৰে উজাই আহিছিল, আৰু মোৰ

বুকুৰ ঘাটত জোনাকে আহি গা ধুইছিল ।

মই জোনাকৰ সীমনাইদি যমুনাৰ

পাৰলৈ ঢাপলি মেলিছিল,

ওৰে ৰাতি তেওঁক বাহীঁৰ সুৰত

নিচুকাইছিলো,

পদূলিৰ তলসৰা শেৱালি জাকৰ লগত,

তেওঁয়ো খিলখিলাই

হাঁহি হাঁহি আতৰি গৈছিল, পুৱাৰ

এচেৰেঙা ৰ'দে আহি মোৰ চকুৰ

পতা জোকাইছিল ।

স্মৃতিৰ চৰাই এজাক হৈ তেওঁক উৰি যাব

নিদিও চিত্রলেখা, তুমি আকি দিয়াচোন

সেই ছবি সেই মাতাল ৰাতিৰ স্নিগ্ধ

শাৰদী ৰানী ।

+++++++++++++++++++++++++++

কবি :: দাদুল ভূঞা
জিলা:- শোনিতপুৰ,গহপুৰ(মাগনি)
মো:-৭৮৯৬৫০৬১৫৫/9859289325

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,718
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,999
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,739
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,243
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,140