চুটিগল্প :: ফেচবুকত প্ৰেম --- টিপুল ৰাজবংশী

দুপৰীয়া সময় খিনিত কণিকাই প্ৰায় ৰং চেনেলত দিয়া অসমীয়া চিৰিয়েলবোৰ চায় ৷ তাতে আজি ৰবিবাৰ গতিকে কলেজ নাই ,ৰবিবাৰৰ দিনটোত কনিকাই টিভি চাই ফেচবুকত বন্ধুবোৰৰ ফটোত কমেন্ট , লাইক মাৰি বৰ ভাল পায় ৷

এনেতে এজন বন্ধুয়ে কনিকালৈ মেচেজ দিলে —

বন্ধু: — হাই ---!!!

কনিকা : — হাই ----! !

বন্ধু: -- কি কৰি আছা ?

কনিকা: --- নাই এনে আছো, আপুনি ?

বন্ধু: --- নাই এনেই ! আপুনি মোক এটা হেল্প কৰিব পাৰিবনে ?

কনিকা : -- কওকচোন কি ?

বন্ধু: -- আপুনি মোৰ কাৰণে এজন গাৰ্ল ফ্ৰেণ্ড বিচাৰিব পাৰিবনে ??

অচিনাকি বন্ধুজনৰ কথাত কনিকাৰ এইবাৰ খং উঠিল যদিও ভদ্ৰ ভাবে কলে ---

চাঁওক এই প্ৰেম , ভালপোৱাৰ মামলাত মই একেবাৰে কেঁচা গতিকে এই বিষয়ে মোক একো নুসুধিলেই ভাল পাম ৷

বন্ধু : --- অ, হয় নেকি ?? পিছে আপোনাৰ বয় ফ্ৰেণ্ড আছে নে নাই ?

কনিকা : --- আপুনি কি ভাবে ?

বন্ধু : --- থকা যেন লাগে ! নাই যদি প্লিজ মোৰ গাৰ্ল ফ্ৰেণ্ড হ’বানে ??

বন্ধুজনৰ কথাত কনিকাৰ এইবাৰ খং উঠিল আৰু লগে লগে ফেচবুকৰ পৰা লগ আউত কৰি দিলে আৰু কনিকাই খঙতে মুখেৰে ভৰভৰাবলৈ ধৰিলে ----

এই ল'ৰাবোৰে বাৰু বুজি নাপায় নেকি ? যে প্ৰেম হ’বলৈ হ’লে প্ৰথমে দুটা মনৰ মিলন হ’ব লাগে ৷ এনেকৈ ফেচবুকত প্ৰেমৰ অভিনয় কৰি কিমান ছোৱালীৰ যে জীৱন ধংস কৰি আছে কিছুমানে ৷ এইবোৰ ভাবি --- কনিকাৰ বন্ধুজনৰ প্ৰতি মনত ঘৃনা উপজিবলৈ ধৰিলে ৷৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,014
শিতান: অসমীয়া কৌতুক
মুঠ পঢ়ুৱৈ সংখ্যা:1,214
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,344
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,775
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,828