চুটি গল্প :: অনুভৱ --- টিপুল ৰাজবংশী

জোনটিয়ে জিৰণী চ'ৰাত বহি চটপিত কৰি আছিল ৷ এবাৰ বহাৰ পৰা উঠি আহি বাছ আহিছে নেকি চালে , পিছে নাই , অহা নাই , তাৰ পিছত ঘডীটোলৈ চালে, চেঃ ন বাজি পচিশ মিনিট গ'লেই , তাৰ পিছত মুখতে ভৰভৰাবলৈ ধৰিলে ৷ এই বাছবোৰো যে ---- আজি এপেও আহিব নালাগে নে ! এনেহলে গাডীয়ে গাডী, কেতিয়াবা কেতিয়াবা উশাহ লবলৈও টান হয় ৷ জোনটিয়ে আকৌ এবাৰ ঘডীটোলৈ চালে ৷ হে ভগৱান চাৰে ন বাজিলেই 10:30 বজাত যে পৰীক্ষা আৰম্ভ হবই ৷ দেউতাক ফোন কৰি কম নেকি গাডী নোপোৱা বুলি ----- ৷ পিছে জোনটিয়ে কিবা এটা ভাবি নকৰিলে ৷

জোনটি মানে জোনটি ভৰালী , এইবাৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী ৷ জোনটিয়ে বীৰঝৰা কন্যা মহাবিদ্যালয়ত পঢে ৷ কলেজলৈ অহা যোৱাত কষ্ট হলেও জোনটিৰ মনত আছে বহুত আশা ! ডাঙৰ হৈ কিবা এটা কৰি দেখুওৱাৰ হেঁপাহ ৷ জোনটিয়ে মেট্ৰিক পৰীক্ষাটো ভাল নম্বৰ পাই পাছ কৰিছিল , সেই গতিকে গাঁৱৰ সকলোৱে জোনটিক চিনি পায় ৷ সকলোৱে তাইক ভাল ছোৱালী বুলিয়ে জানে , আৰু নাজানিবইনো কিয় ? জোনটিৰ নিচিনাকৈ কেইজনী ছোৱালীয়েনো ভাল নম্বৰ পাই কলেজলৈ যাব পাৰিছে এইহেন গাঁৱৰ পৰা ৷ জোনটি নবীন ভৰালীৰ ডাঙৰ ছোৱালী ৷ জোনটিহঁতৰ ঘৰখনত মানুহ বুলিবলৈ জোনটিৰ মা - দেউতাক আৰু এজন সৰু ভায়েক ৷ জোনটিৰ দেউতাকে গাঁৱৰে এল,পি স্কুল খনত চাকৰি কৰে ৷ জোনটিৰ দেউতাকৰো একমাত্ৰ ইচ্ছা , ল'ৰা ছোৱালী হালক ভালদৰে পঢাই - শুনাই ডাঙৰ মানুহ কৰিবলৈ ৷ জোনটিৰ দেউতাকে কেতিয়াবা ভাবে ছোৱালীজনীক চহৰতে থকাৰ ব্যৱস্থা কৰি তাত ভাল টিউচন মাষ্টৰ দিব পাৰিলে হয়তো আৰু ভাল ৰিজাল্ট কৰিব পাৰিলেহেঁতেন ৷ জোনটিৰ দেউতাকৰ মতত মত মিলাই তেওঁৰ লগত একেলগে কাম কৰা বৰুৱাই প্ৰায় ভৰালীক কয় " ভৰালী, ছো ৱালী জনীক চহৰতে ভাৰা ঘৰ এটা থিক কৰি পঢিবলৈ নিদিয়ানো কিয় হে , ছোৱালী মানুহ ইমান দুৰ যাব লাগে বৰ কষ্ট হয় হে --৷ বৰুৱাৰ কথাৰ উত্তৰত ভৰালী য়ে কয় -- থবটো মন যায় বৰুৱা ! কিন্তু আজিকালি যিহে দিন কাল ছোৱালাজনীক অকলে থব পাৰিনে ? মই এই কথাটোহে ভাবি ঠিক কৰিব পৰা নাই ৷ জোনটিৰ দেউতাকেই বৰুৱাৰ প্ৰশ্নৰ উত্তৰ প্ৰায় এনেকৈয়ে দিয়ে ৷

জোনটিৰ unit Test যোৱা সোমবাৰৰ পৰা আৰম্ভ হৈছে ৷ আজি Economics ৰ পৰীক্ষা ৷ জোনটিয়ে বহুত সময় গাডী অহা দেখা নাপাই মনতে ভাবিলে -- হ'বও পাৰে , আজিকালি এই সংগঠন বিলাকৰ একো নীতি- নীয়ম নোহোৱা হৈছে ৷ বন্ধ দিওঁ বুলিলেই দিয়ে ৷ আগতে জনা হ'লে কিবা এটা কৰিলোহেঁতেন ৷ এই বুলি জোনটিয়ে বেগৰ পৰা ম'বাইল ফোনটো উলিয়াব খোজোতেই এখন বাছ আহি কাষত ৰলহি ৷ জোনটিয়ে লৰালৰিকৈ ম'বাইলটো বেগত সুমুৱাই থৈ বাছখনত উঠিল , তাৰ পিছতহে স্বস্থিৰে নিশ্বাহ এৰিলে আৰু ভগৱানক Thank God বুলি ধন্যবাদ জনালে ৷ জোনটিয়ে পিছফালে মুৰ ঘুৰাই দেখে যে বন্তীয়ে তাৰ ফালে চাই আছে ৷ জোনটিৰ চকু বন্তীৰ ফালে যোৱাত বন্তীয়ে মিচিকিয়াই হাঁহি মাৰি কলে জোনটি আজি পলমেই হল ৷ বাছবোৰ যে ইমান বেয়া ৷ জোনটিয়ে গহীনভাবে উত্তৰ দিলে - কি কৰিবি বন্তী , এনেকুৱাই আৰু ---- ৷ বন্তী আৰু জোনটি দুয়ো একে শ্ৰেণীতে পঢে ৷ সিহঁত দুজনীৰ চিনাকী আজি এবছৰতকৈও বেছি হল ৷ সিহঁত দুজনীৰ প্ৰথম দেখাদেখি হৈছিল বাছতে আৰু তেতিয়াৰ পৰাই সিহঁতৰ বন্ধুত্ব ৷

কথা পাতি থাকোতেই সিহঁত কেতিয়া বাছষ্টেচন পালে গমেই নাপালে ৷ হেন্দিমেনৰ মাততহে গম পালে যে সিহঁত বাছষ্টেন পাইছে ৷ এই বাছষ্টেন ----- বাছষ্টেন --------- নামক নামক ৷ বাছৰ বাকীবোৰ মানুহ নমাৰ লগে লগে সিঁহত দুজনীও বাছৰ পৰা নামিল আৰু দুয়ো কলেজ অভিমুখে আগবাঢিল ৷ যদিও পলমকৈ বাছ পাইছিল তথাপিও সঠিত সময়তে সিহঁত কলেজ পালেগৈ ৷ যথা সময়ত পৰীক্ষা দি জোনটি ওলাই আহিল ৷ একে সময়তে বন্তীয়ো ওলাই আহিল ৷ দুয়ো একেলগে কলেজৰ পৰা আহি থাকোতে হঠাৎ বাটত দেখা এটা ঘটনাত জোনটিৰ দেহ , মন, শিয়ৰি উঠিল ৷ জোনটিৰ প্ৰতিবাদী মনটোৱে যেন নিজৰ ভিতৰতে কবলৈ ধৰিলে ৷ কি যে অসুৰ ইহঁত ৷ ইহঁতে সন্মান কি তাক বুজি নাপায় ৷ কাম বন নাই বাইক লৈ বাটে বাটে ঘুৰি ছোৱালী জোকোৱাই ইহঁতৰ একমাত্ৰ কাম ৷ আচলতে কেইজন মান ডেকা ল'ৰাই এজনী ছোৱালীক আগুৰী ধৰি কিছুমান অশ্লীল বাক্য প্ৰয়োগ কৰি আছিল ৷জোনটিহঁতে সিহঁতৰ কথাৰ পৰা গম পালে যে ছোৱালীজনীৰ ম'বাইলৰ পৰা মিছকল এটা আহিছে ৷ মস্তানা ডেকা উদণ্ড ল'ৰা কেইটাৰ এটাই প্ৰশ্ন কৰিছে --- মিছকল কিয় দিছিলা ? এনেকুৱাওটো হ'ব পাৰে যে ছোৱালীজনীৰ কোনোবা বান্ধৱীয়ে তাইৰ পৰা মবাইলটো কিবা কাৰণত লৈ মিছকল দিছে , অথচ ছোৱালীজনীয়ে গমেই নাপায় ৷ এনেকুৱাওটো হব পাৰে যে ল'ৰা কেইজনে এনেই মিছা কথা কৈ ছোৱালীজনীক তাত ৰাখিছে ৷ মুঠৰ ওপৰত ঘটনাটো দেখি জোনটিৰ মুহুৰ্ততে মুৰ আচণ্ডাই যোৱা যেন পালে ৷ জোনটিয়ে ইয়াৰ প্ৰতিবাদ কৰিব খুজিছিলেই পিছে বন্তীয়েহে বাধা দিলে ৷ কাৰ জানো দোষ, ------ তইনো এইবোৰৰ মাজত কিয় সোমাব খুজিছো ৷ ইহঁতৰ একো ঠিক নাই কাক কেতিয়া কি কৰে ৷ বন্তীৰ কথাত দুয়ো লৰালৰিকৈ আহিল যদিও জোনটিৰ মনত ছোৱালী জনীৰ কথাই বৰকে আমনি কৰিলে ৷ জোনটিৰ প্ৰতিবাদী মনটোৱে আকৌ কবলৈ ধৰিলে ----- এই উদণ্ড ডেকা লৰাবোৰক সৎ পথলৈ ঘূৰাই আনিবলৈ আমাৰ সমাজত কোনো নাইনে ? সেই ডেকা সকলে বাৰু বুজি নাপায়নে যে বাইক লৈ ঘুৰি ফুৰিলে বা বাটৰ এচুকত আদ্দা মাৰি থাকিলে দেশৰ বা সমাজৰ উন্নতি নহয় বুলি ! আজিকালি বাটে বাটে আদ্দা মাৰি ফুৰাটো ডেকা ল'ৰাবিলাকৰ যেন স্বভাৱত পৰিণত হৈছে ৷ আমাৰ সমাজত ইমানবোৰ মানুহ আছে তথাপি এই ডেকা বোৰক সৎ পথলৈ আনিবলৈ কোনো নাইনে ৷ এই ডেকাবোৰক সৎ পথলৈ আনিবলৈ আমাৰ সমাজ দায়বদ্ধ নহয়নে ? এই ল'ৰাবোৰক যিবোৰক দেশৰ ভৱিষ্যত বুলি ভবা হয় সিহঁতক ভাল পথলৈ আনিব নোৱাৰিলে আমাৰ দেশখন যে কিমান তললৈ নামিব তাক ভাষাৰে বুজাব নোৱাৰি ৷ এইবোৰ ভাবি জোনটিয়ে দীঘলকৈ হুমুনিয়াহ এটি এৰিলে ----- ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,215
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,752
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,097
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,769
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,510
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,214