চুটি গল্প :: স্মৃতিৰ মিঠা পৰশ --- টিপুল ৰাজবংশী

চ'ত মাহৰ আজি 25 তাৰিখ তাৰ মানে বিহুলৈ আৰু মাত্ৰ চাৰিটা দিন বাকী ৷ গাৱে ভুঞে সকলোতে এই কেইদিন ঢোল পেপাৰ মাতত ডেকা গাভৰুৰ মন আনন্দত উথলি উঠিছে ৷ মুঠতে চাৰিওফালে আনন্দ মুখৰ পৰিৱেশ ৷

এনেকুৱা এটা সময়ত দ্বিপু আহিছে গাৱৰ ঘৰলৈ ৷ গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজত চুডান্ত পৰীক্ষা দি দ্বিপু আহি আছে গাৱৰ ঘৰলৈ ৷

বাছৰ পৰা নামি গাওঁৰ আলিবাটত ভৰি দিয়েই দ্বিপু বুৰ গৈ পৰিল আনন্দৰ সাগৰত ৷ দ্বিপুবে অনুভৱ কৰিলে ৰাস্টাৰ দুয়োকাষে থকা সেউজীয়া গছ গছনীবোৰে যেন তাক স্বাগতম জনাইছে ৷ গছৰ ডালত বহি গীত গাই থকা না না ধৰণৰ চৰাই চিৰিকটি বোৰেও যেন তাক সাদৰ সম্ভাষণ জনাইছে ৷ সেই সময়ত দ্বিপুৰ অনুভৱ হৈছিল মই যদি এজন কবি হলোহেতেন তেন্তে নিশ্চয় এটা কবিতা লিখিলোহেতেন ৷ এইদৰে নানা ধৰণৰ কল্পনা কৰি গাৱৰ প্ৰাকৃতিক সৌন্দ্ৰয্যৰে ভৰপুৰ আলিবাটটোৰে গৈ থাকোতে দ্বিপুৰ বাৰে বাৰে মনত পৰিবলৈ ধৰিলে অনামিকালৈ ৷ তাৰ জানিবৰ মন গল অনামিকাৰ কথা তাৰ মৰমৰ অনামিকাৰ কথা ৷ কিন্তু দ্বিপুৰ মনটো হঠাৎ সেমেকি উঠিল ৷ দ্বিপুৱে বাৰে বাৰে নিজকে প্ৰশ্ন কৰিবলৈ ধৰিলে ----- অনামিকাই বাৰু এতিয়াও মোক ভাল পায়নে ? এনেকৈ বিভিন্ন কথা মনলৈ আহি থাকোতেই আন এটা পুৰণা ঘটনা দ্বিপুৰ মনলৈ আহিলে ৷দ্বিপু তেতিয়া ক্লাছ 10 অত , দ্বিপুৰ ভনী নিহা আৰু অনামিকা দুয়ো ভাল বান্ধৱী আছিল সেই সূত্ৰে অনামিকাই প্ৰায় নীহাহঁতৰ ঘৰলৈ আহিছিল ৷ এনেদৰে অহা যোৱা কৰোতে দ্বিপুৰ লগতো অনামিকাৰ চিনাকি হৈছিল অনামিকাই দ্বিপুৰ সুন্দৰ দেহ মাত কথা আদিত মুহিত হৈ দ্বিপুক ভাল পাই পেলাইছিল ৷ দ্বিপুৱেও অনামিকাক ভাল পাইছিল কিন্তু খুলি কব পৰা নাছিল ৷ অনামিকাই এদিন নিজৰ মনৰ কথা এখন চিঠিত লিখি জনাইছিল ৷ চিঠিখন দ্বিপুৱে মৰমেৰে পঢি কিতাপৰ মাজত সুমুৱাই থৈছিল ৷ কিন্তু এদিনৰ কথা দ্বিপুৰ ভনী নিহাই দ্বিপুৰ টেবুল চাফা কৰিবলৈ আহি কিতাপবোৰৰ মাজত অনামিকাৰ চিঠিখন আবিস্কাৰ কৰিলে ৷ ঠিক এনে সময়তে দ্বিপু ৰুমলৈ সমাই আহি দেখা পালে যে , নীহাই টেবুলৰ কিতাপ বোৰ ভালদৰে সজাই থৈছে ৷ দ্বিপুৱে মনতে ভগৱানৰ নাম লৈ ভাবিবলৈ ধৰিলে ৷ এই জনীয়ে চিঠিখন দেখা নাপালেই হল ৷ দ্বিপুৱে তাৰ ভনী নিহাক তাত দেখা পাই তাৰ খঙে চুলিৰ আগ পালে ৷

: অই কি কৰিছা , মোৰ কিতাপবোৰ তই কিয় খেলিমেলি কৰিছা ৷

: হু --- এতিয়া মইহে খেলিমেলি কৰিলোনে ? নিজে দেখোন অৰ কিতাপ ত'ত পেলাই থোৱা , মই কিতাপবোৰ অলপমান চিজিল লগাই থোইচুহে ৷

: হব যা , তই মোৰ পঢা টেবুল চিজিল নকৰিলেও হব ৷ মোৰ টেবুল মই চাফা কৰিম ৷ ( দ্বিপুৱে অলপমান ধমকিৰে কথাষাৰ কলে ) কিন্তু নিহাই এইবাৰ দ্বিপুক জোকোৱাৰ সুৰত কলে

: জানো দে কিয় চাফা কৰিব নিদিয়া, পাইচু নহয় ৷

নীহাৰ কথাত দ্বিপুৱে যেন এইবাৰ সচেতন হ'ল আৰু ভগৱানক প্ৰাথনা কৰিলে যাতে চিঠিখন নাপায় ৷

: কি পাইছা হু ------

: কি পাইচু কম যা , তুমি অলপ মান আতৰি যা আৰু চকু দুটা জোপাই দিয়া ৷

( নিহাৰ কথাত দ্বিপুৱে অলপমান আতৰি গৈ চকু দুটা জোপাই দিলে )

নিহাই অনামিকাৰ চিঠিখন উলিয়াই পঢিবলৈ ধৰিলে ----

মৰমৰ দ্বিপু দা মৰম লবা এইবাৰ বিহুত আমাৰ ঘৰলৈ আহিবা ---------

চিঠিখন পঢা নহওতেই দ্বিপুৱে চিঠিখন নিহাৰ হাতৰ পৰা লব খুজিছিল কিন্তু নোৱাৰিলে ৷ দ্বিপুৱে যি ভয় কৰিছিল সেয়াই হল ৷ দ্বিপুৱে লাজ লাজ ভাবেৰে ভনীয়েকৰ পৰা চিঠিখন খুজিলে ৷

: অই তই এইখন মোক দিয়া ৷

: নিদিও , নিদিও ------ এইদৰে দুয়ো চিঠিখনক লৈ কাজিয়া কৰিব ধৰিলে ৷ সিঁহত দুজনৰ উৎপাতত তিস্তিব নোৱাৰি মাক উৰ্মিলাই ৰুমৰ ভিতৰলৈ সোমাই আহি দুয়োকে গালি পাৰিবলৈ ধৰিলে ৷

: দ্বিপু তোমালোক দুজনৰ কি হৈছে ? এই দুপৰীয়াখন কি উৎপাত আৰম্ভ কৰিছা ৷ মাকৰ গালি পাই নিহা আৰু দ্বিপু দুয়ো নিৰৱ হৈ পৰিল ৷ কিছু সময় পাছত নিহাই আৰম্ভ কৰি দিলে ৷

: মই নহয় দাদাহে , নিহাই দ্বিপুৰ ফালে চকু টিপিয়াই কলে ৷

: মা , মই নহয় এই বেঙিয়েহে মোৰ টেবুল চাফা কৰিবলৈ আহিছিল ৷ সিহঁত দুজনে পুনৰ কাজিয়া আৰম্ভ কৰি দিলে ৷

: তহঁত দুজনে কাজিয়া কৰিয়েই থাকিবি নেকি ? নিহা বলা তুমি তোমাৰ ৰুমলৈ যোৱা ৷ মাকে দুয়োজনকে ধমক দি ভিতৰলৈ গল ৷ মাক ভিতৰলৈ যোৱাত নিহাই দ্বিপুলৈ চাই মিচিকিয়া হাহি এটা মাৰি কলে ——

: নকও দে ------- অ , এইখন লোৱা ৷ নিহাই দ্বিপুক চিঠিখন হাতত দি হাহি হাহি নিজৰ ৰুমলৈ গল ৷ চিঠিখন পাই দ্বিপুৱে আনন্দতে চিঠিখনৰ ওপৰতে চুমা এটা খালে ৷

দ্বিপুৱে এনেদৰে এটা ৰঙীন সোপোনত বুৰ গৈ থাকোতে তাৰ সোপোনৰ প্ৰেয়সী অনামিকাই তাৰ কানে কানে আহি কোৱা যেন পালে ৷
" দ্বিপুদা , এইবাৰ বিহুত আমাৰ ঘৰলে আহিবা দেই , মই আশাৰে তোমালৈ বাট চাই থাকিম , আহিবা দেই দ্বিপু দা ------

: যাম যাম অনামিকা এইবাৰ বিহুত যামেই ---ইয়া -------

দ্বিপুৱে হঠাৎ চক খাই উঠিল ৷ হেত্ তেৰি ইমান সময়ে কি যে ভাবি আছিলো ৷ ইমান সময়ে দ্বিপুৱে পুৰণা ঘটনা এটাত বুৰ গৈ আছিল
দ্বিপুৰ এনে লাগিল এই সকলোবোৰ যেন এই মাত্ৰ হৈ গ'ল ৷

দ্বিপুৱে এইবাৰ মনতে স্থিৰ কৰিলে এইবাৰ বিহুত তাৰ সোপোনৰ প্ৰেয়সী অনামিকাৰ ঘৰলৈ যাব ৷ তাক লগত লৈ বিহু তলিত বুহু মাৰিব তাৰ লগত বহুত কথা পাতিব লগতে তাক যাচিব ইমান দিনে সাচি ৰখা মৰম ভালপোৱা বোৰ — ----

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,014
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,546
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,194
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:657
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:623
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,151