চেপ্তাৰ "মই" --- নবজ্যোতি মিশ্ৰ (চিকু)

কেনেকুৱা চলি আছে
তোমাৰ জীৱন অধ্যায়ন ?

মনত আছেনে
"প্ৰেম" চাবজেক্টৰ
"মই" চেপ্তাৰটো

বৰ জটিল নহ্‌ !
আং বাং মিশ্ৰিত শব্দ,
অলপো ৰস নাই
এক্সুৱেলি বোৰিং ।

সাৰমৰ্ম ??
কি আছে...
কিছুমান প্ৰশ্নৰ ভৰাল,
ওপৰে ওপৰে চালে অৰ্থহীন
গভীৰত সমিধান নাই
কব গলে "নো মোৰেল"......।

ভয় নাই......
সমিধানহীন প্ৰশ্ন নুশুধে
স্কিপ দিচ্‌ চেপ্তাৰ ।

ডায়েৰিখন.....!
ডায়েৰিখন আছেনে ?
লিখি ৰাখিছানে
বুজি নোপোৱা এটি দুটি শব্দ
সজতনে ৰাখিবা
হয়তো কামত আহিব পাৰে
জীৱন অধ্যায়নৰ
পি.জি. এন্টেন্সত......।।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,308
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,403
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,830
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,287
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,789