জননী --- ৰাজীৱ কায়স্থ

সম্প্ৰতি মাটিৰ
সুগন্ধি গুচি গৈছে
_
গুচি গৈছে
বুঢ়া দেউতাৰ
লগতে....
_
ক'তেইবা উৰিব পখিলা
অসুগন্ধিৰ
মৃতফুলৰ
বাগিচাত
_
নুৰে.....
নুৰে... আৰু
কাহানিও
_
উদয় নহয় সেইদিনৰ
উদাৰ বেলি
_
আকাশেও মেলি নিদিয়া হ'ল
তৰালি আঁচল ।
_
মৰাজোনৰ শিল উপচি লুইত,
বনজুইত পাৰাপাৰ
_
জননীৰ
প্ৰান্তে প্ৰান্তে
শোকৰ সংগীত ।
_
অশান্ত সিন্ধুৰ ধুমুহাৰ ইংগিতত
_
জঁকাবিহীন
ভৱিষ্যৎ সভ্যতাৰ অশ্লীল তাণ্ডৱ ।
_
দেখিও দেখা নাই জননীৰ অসুখ
ভূমিকণ্ঠৰ
আৰ্তনাদ ।
_
মানুহ মাত্ৰে স্বপ্ননিচাৰ বিলাস
কংক্ৰীয়াচ কল্পনা
_
সম্প্ৰতি স্বাৰ্থৰ
কুন্ধচ আৰোহনত নৈতিক স্খলন ।
_
জাতীয় জীৱনৰ ভগ্নস্তূপ ।
_
চৌপাশত
জননীৰ বিলাপ ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,783
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,436
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,300
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,892
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,747