মই জানো , তুমি মোৰ মাতত
আৰু চঞ্চল নোহোৱা
অনৰ্গল , ভাৱ লেশ কথাবোৰ তোমাৰ বাবে
আমনিদায়ক মাত্ৰ
মই জানো , মোৰ অভিমান তোমাৰ বাবে
আৰু উজাগৰি নিশাৰ দুস্বপ্ন নহয় ৷
সকলো কে দি যায় জীৱনে
অলপ যদি সুখ অলপ দুখ
তোমাৰ মোৰ সকলোৰে বাবে
একেই পৰিক্ৰমা জীৱনৰ ৷
বিশ্বাস কৰা
দুচকুত চকুলো থকালৈকে হে জিয়াই থাকিবা
মৃত্যুৰ দিনাও তুমি কান্দিবা
জিয়াই থকাৰ হেঁপাহত৷
বিশ্বাস কৰা
দুচকুত চকুলো থকালৈকে হে তুমি সুখী
চকুলো শেষ হলেই ভীষণ অসুখী ৷