আইৰ তাঁতৰশালত ঘূৰি থকা
চেৰকীটোৰ দৰেই জীৱনতো ।
চেৰকীটোৰ পৰা মহুৰাত গৈ
শেষ হোৱা সূতাডাল
জন্মৰ পৰা মৃত্যুলৈকে
এটা দীঘলীয়া বাট ।
পকোৱা সূতাৰ হেৰাই যোৱা
আঁত ডালৰ দৰেই সপোনবোৰ
বিচাৰি বিচাৰি ভাগৰি পৰা ।
হয়তো জীৱন এনেকুৱাই
সময়ৰ লগত হেৰাই যায় ।
আইৰ তাঁতৰশালত ঘূৰি থকা
চেৰকীটোৰ দৰেই জীৱনতো ।
চেৰকীটোৰ পৰা মহুৰাত গৈ
শেষ হোৱা সূতাডাল
জন্মৰ পৰা মৃত্যুলৈকে
এটা দীঘলীয়া বাট ।
পকোৱা সূতাৰ হেৰাই যোৱা
আঁত ডালৰ দৰেই সপোনবোৰ
বিচাৰি বিচাৰি ভাগৰি পৰা ।
হয়তো জীৱন এনেকুৱাই
সময়ৰ লগত হেৰাই যায় ।