জীৱন গঢ়াৰ পথত প্ৰাপ্তি,অপ্ৰাপ্তি আৰু ত্যাগী আমিবোৰ ---- সত্যজিত কাকতি

পাহৰণি আৰু বিস্মৃতিৰ গর্ভত পোত খাই থকা সকলোবোৰক স্থান আৰু সময়েহে যেন
নিয়ন্ত্ৰণ কৰে।কিয়?কেনেকৈ?কাৰ বাবে? আদি হাজাৰটা প্ৰশ্ন জীৱনক লৈ।বুজা
নুবুজাৰ সাথৰতে শেষ হৈ যায় ভাৱনাবোৰ।মনৰ মাজতে আৱেগ আৰু বিবেকৰ
মৌনযুদ্ধখন এনিটাইম বিহ্বল হৈ থাকে।সুখ-দূঃখৰ তর্জুখনত হাঁহি কান্দোনৰ
জোখ মাপ।আৰু সময়ৰ অবিশ্ৰান্ত গতিত নির্বাকিত সহযাত্ৰী হওঁ আমিবোৰ।এইবোৰেই
যেন জীৱন।

“কেনে আছে সকলোবোৰ?মোক বাৰু আগৰদৰেই দেখিব নে?“বাৰে বাৰে একেই গতানুগতিক
প্ৰশ্ন।ক্ষান্ত গতিৰে বেলিটি ক্ৰমশঃ হেঙুলীয়া হ‘বলৈ ধৰিছে।চিনাকী অসমৰ
অচিনাকী বতাহ।অনুকম্পাৰে ভৰা মৃদু লহৰে হৃদয় কঁপাই নিছে।কৃত্ৰিম
বতাহজাককো মনটোৱে আৱেগ সানি অশান্ত আৰু অধীৰ কৰি পেলাইছে।ইমান অবোধ্য
মানুহৰ মনবোৰ।
ট্ৰেইনখনৰ গতিয়ে সৃষ্টি কৰা এজাক কৃত্ৰিম বতাহে মোৰ গালে মূখে স্পর্শ
কৰিছে।সুদীর্ঘ সাতবছৰৰ পাছত আকৌ এবাৰ উভটিছোঁ।মৰমৰ আইতাৰ শেষ অনুৰোধ-মই
ঘৰলৈ যাব লাগে।তেওঁ যোৱাৰ আগতে তেওঁৰ সোণকণক এবাৰ হেঁপাহ পলুৱাই চাব।কলৈ
যাবগৈ আইতা?বুজিছোঁ তথাপি!

জীৱন গঢ়াৰ নীতি সকলোৰে সুকীয়া সুকীয়া অথচ যান্ত্ৰিকতাৰ পৰা কোনেও বাচি
নাযায়।জীৱনৰ বাস্তৱমূখী গতিপথত সকলো অকলশৰীয়া।আৱেগ,ভালপোৱা,স্মৃতি,অতীত
আদিবোৰক বাদ অভিনয় কৰিবলৈ শিকোঁ।বহুতো হেৰুৱাওঁ,বহু হেৰাই যায়।জীৱন গঢ়াৰ
সংজ্ঞাই ত্যাগৰ ওপৰত নির্ভৰ।আচৰিত!
ত্যাগৰ অগতানুগতিক বীৰত্ব দেখুৱাই যিসকল আপোন মানুহক পাহৰি যাব খোজোঁ
সেইয়াই কেতিয়াবা বিস্মৃতিৰ বীহ্ হৈ দহে।
চেনেহৰ চিৰসেউজ গাঁওখন,মা-দেউতা,ককা-আইতা,ভাইটী,লগৰীয়া সকলোৰে পৰা বিমূখী
যাত্ৰাৰে এদিন আঁতৰি আহিছিলোঁ সুদূৰ হায়দৰাবাদৰ প্ৰায়ভেট বেংক এটাৰ
একাউণ্ট মেনেজাৰৰ চাকৰিটোত জইন কৰিবলৈ।পঁশিছ বছৰ বয়সতে কর্মজীৱনৰ আৰম্ভ
কৰি নিজকে এটা যন্ত্ৰলৈ সলনি কৰি পেলাইছিলোঁ।অথচ আজি একেই নিশাতে
জন্মভূমিৰ সানিধ্যই আকৌ মোৰ জীৱন মায়াৰে দূর্বল কৰি তুলিছে।
ধূর্ত আৱেগবোৰ ক্ৰমশঃ মোৰ হৃদয়খনৰ ওপৰত প্ৰাশৱিক হৈ পৰিছে।মই উভটিছোঁ।মোক
টানি নিছে।অতীতৰ খণ্ড খণ্ড স্মৃতিৰ টুকুৰাবোৰ মানসপটত লাহে লাহে একত্ৰিত
হ‘ব ধৰিছে।আস্ এইয়া তৃপ্তি নে যন্ত্ৰণা?

“মোৰ সতে কাজিয়া লাগি,কথাৰ সতে হাঁহি মিলাই,সপোনৰ সতে আশা মিলাই বুকুল
তলৰ গধূলিত বুকুখনত মোৰ মূৰটো গুজি মনালিছাই উচুপি উঠালৈকে সকলো মনত
পৰিছে।সান্তনা দিবলৈ একো নাছিল।নাৰীৰ কৰুণ কান্দোন।মর্মস্পর্শী আৱেগৰ
লহৰে খুন্দা মৰাত অসহ্য হে পৰে।নাৰীসকল শক্তিশালী।জীৱনৰ প্ৰতিটো দূঃখ
কান্দি কান্দি চকুলোৰ বানত উটুৱাই দিব পাৰে।অসাধাৰণ কৌশল সেয়া।আৰু সেইদৰে
সুখ-হাঁহি,ভালপোৱা সকলো সপোন বুলি পাহৰি যাব পাৰে।সকলোৱে ছাগে
নোৱাৰে।হয়তো মনালিছাই পাৰিছিল।কিন্তু আমিবোৰ পুৰুষ গতিকে কান্দিব
নাজানো।পাহৰি যাবও নোৱাৰোঁ এক কথাত আমাৰ স্মৃতিশক্তি নাৰীতকৈ যথেষ্ট সবল
যেনেই লাগে।
জল্পনা কল্পনাৰে, আকাশে পাতালে মনালিছাক লগত লৈ বিশ্ব জয় কৰাৰ কথা ভাবি
থাকোতেই পাহৰি গৈছিলো সময়ক।মনালিছাৰ সলনি হোৱা মনৰ ঠিকনাও পাবলৈ অক্ষম
হৈছিলোঁ।সীমাহীন অন্তৰংগতাৰ পাছতো কিবা এটা ৰৈ গৈছিল।ভালপোৱাৰ পাখি মেলি
উৰি ফুৰা মোৰ সোণপখীজনীৰ কেতিয়া পাখি ভাঙিল এবাৰো গম নাপালোঁ।

মনালিছাৰ বিয়া ঠিক কৰি পেলাইছিল।ধনী ল‘ৰা।ইঞ্জিনিয়াৰৰ চাকৰি।স্বাভাৱিকতে
মনালিছাৰ বাধা আছিল যদিও সেইয়া যেন দাবী নাছিল।এজন বেকাৰ ল‘ৰাৰ সচাঁ
ভালপোৱাই এগৰাকী নাৰীৰ সংসাৰলোভী মানসিকতাক জয় কৰিব নোৱাৰিলে।মনালিছাই
কোনো সুযোগ দিয়া নাছিল।মোবাইল চুইটচ্ অফ কৰি সংসাৰ গঢ়াৰ পৰিকল্পনাত
ব্যস্ত হৈ পৰিছিল।আৰু মই দুখ আৰু চকুপানীৰ সতে বুজাবুজিৰ চুক্তি এখন
ৰূপান্তৰিত কৰিবলৈ ক্ষণ গণি আছিলোঁ।

“হওক দিয়া।মইতো তাই সুখী হোৱাটোকেই বিচাৰিছিলোঁ।
ইশ্বৰে সেইটোকেই কৰিছে যিটো মই সদায়ে প্ৰার্থনা কৰোঁ।“

সান্তনা লভিবলৈ সেইয়াই বাকী।দূঃখ কৰিবলৈ অৱশ্যে ইমান ডাঙৰ কাৰণৰ আশা কৰা
নাছিলোঁ।সেই দুখ দূগুনে বাঢ়ি গৈছিল যেতিয়া বিয়াৰ তিনিবছৰ পাছত মনালিছাৰ
চিঠি এখন পাইছিলোঁ।
লিখিছিল,

“আজি তোমাৰ জীৱনৰ প্ৰধান শত্ৰু চাগে মই।তথাপি একো অধিকাৰ নথকাকৈয়ে চিঠিখন
লিখিলোঁ।তুমি চাগে আচৰিত হৈছা ন?সেইয়া স্বাভাৱিক।অ মই মা হ‘বলৈ
ওলাইছোঁ।এইয়া প্ৰথম তোমাকেই কলোঁ।তেওঁকো কোৱা হোৱা নাই।দূখ একো দিয়া নাই
তেওঁ তথাপি এগৰাকী নাৰীৰ প্ৰয়োজনীয় সুখখিনিও তেওঁ নিদিয়ে।অ আৰু এটা কথা
মোৰ মাইনাটোৰ নাম তোমাৰ নামেৰেই ৰাখিম।তুমি বাধা দিলেও।
বিয়াখন সোনকালে পাতিবা সোন।চাকৰিৰ টকা নহ‘লে কি কৰিবা?
ইতি
মনালিছা।“

আজিও সোন বুলি কৈছে।লাজ নালাগিল তাইৰ।ভয় নাই নেকি?চিঠিখনৰ কথাখিনিয়ে
দোহাই দোহাই কৈ গ‘ল “মনালিছা অনুৰাগৰ অবিহনে কেতিয়াও সুখী হ‘ব নোৱাৰে।“

ট্ৰেইনৰ এই এ চি সম্বলিত কোঠাটিত কেইদিন আৱদ্ধ হৈ আছোঁ ঠিক ধৰিব পৰা
নাই।খিৰিকীখন মেলি আদিগন্তলৈ চায় পঠালোঁ।উত্তৰ নীলা আকাশৰ কোনোবাখিনিত
মনটো খুন্দা খালেগৈ।প্ৰকৃতিৰ বুকুলৈ শৰত নামিছে।সুদূৰত যেন বিশাল লুইতখন
বৈ আছে।এইয়া অসমৰ চৌপাশ,অসমৰ বতাহ,অসমৰ আকাশ।দুবাহু প্ৰসাৰি থিয় হ‘বলৈ মন
গৈছিল।কিন্তু আহুকলীয়া এই ট্ৰেইনখনতে যে এতিয়াও..।

সেউজীয়া ধাননি পথাৰবোৰৰ সিপাৰে গাঁওবোৰ।পাছবাৰীত তামোলনী।সন্ধ্যা নামি
আহিছে।নামঘৰত চাগে ডবা বাজিছে।কণ কণ ভাইটী ভণ্টিহঁতে পঢ়াৰ টেবুলত
প্ৰার্থনা জুৰিছে।মানুহজন কামৰ পৰা উভটি অহালৈ পদুলিমূখত উৰুণি টানি ৰৈ
আছে হয়তো মোৰ আইৰসম তিৰোতাসকল।ল‘ৰা এজাক চাগে ঘৰৰ পৰা বাহিৰ হৈছে তিনিআলি
নতুবা কালভার্টত বহি আড্ডা দিবলৈ।আৰু কলেজ স্কুলৰ পৰা আহি বাৰীৰ টেঙা
বিচাৰি চলাথ কৰা গাভৰুকেইজনীয়ে চাগে কি কৰিছে?মই নাজানো দেই।
ব্যস্ততা বাঢ়ি যোৱা জীপাল আমাৰ গাঁওসমূহৰ দৃশ্য লোহাৰ আৱৰণ দিয়া
খিৰিকীখনেৰে ভালকৈয়ে দেখিছোঁ।

ককাই কৈ আছে “আইতাই আৰু এইবাৰ আঘোণত ধান দাব নোৱাৰে।তই সোণকালে বিয়াখন
পতাৰ কথা ভাৱ।“

আইতাই বোলে শেষ সময়ত নাতিবোৱাৰীজনী দেখা পালেহে আত্মাই সদগতি পাব।

আৰু মা, মায়ে কৈছে “মোমায়েৰক ছোৱালী চাবলৈ লগাই দিছোঁ।কাতি মাহতে ঘৰলৈ
লখিমী এগৰাকীক আদৰাৰ কথা দেউতায়ো প্ৰায়ে কৈ থাকে।তই চিন্তা নকৰিবি।ছোৱালী
আমি পচন্দ কৰিম।“

জীৱন সময়ৰ অধীন হৈয়ে যাওক।ভাল লাগে।মোৰ বিয়াৰ বতৰা দি চিঠি এখন মনালিছালৈ
পঠাবলৈ কম ভাল লাগিবনে??

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,229
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,704
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,786
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,219
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,715