জীৱন নাট --- অংকুৰ জ্যোতি বুঢ়াগোঁহাই

ফেঁচাৰ কৰুণ মাতে যেতিয়া
দুপৰ শীতৰ নিশা নিস্তব্ধতা আতৰাই
মই সাৰ পাই উঠো
তুমি দি যোৱা দুখ নিসংগতাৰ সতে !
বাহিৰত শীতৰ মুকুতা সৰিছে

দূৱৰিত সৰা মুকুতাৰ শব্দ

মই কাণ পাতি শুনিছো
কেতিয়াবা গছত কেতিয়াবা পাতত
শব্দৰ মিঠা প্ৰতিধ্বনি.
মোৰো এখন হৃদয় আছে

যত থুপাই থোবা আছে কিছু মৰম -ভালপোৱা

প্ৰেয়সীৰ হাতত হাত ধৰি পাৰ্ক ৰেষ্টোৰা অথবা সাগৰৰ বালিৰ তীৰত
বহাৰ সপোন মোৰ...............

জানো! ক্ষত বিক্ষত হৃদয়ক সচাঁ প্ৰেমৰ স্পৰ্শৰে
সজীৱ কৰাৰ সাহসিকতা কাৰো নাই
ঈশ্বৰে খেলা কৰা মাটিৰ পুতলা মই
নিয়তিৰ হাতোৰাৰ আঘাতত জীপাল হৈ উঠে
মোৰ প্ৰেম মোৰ নিসংগতা
এদিন আকৌ মোক গঢ়ি তুলিব

তুলি ধৰিব নতুন ৰূপ দিয়াৰ বাৱে
তেঁওৰ প্ৰজ্বলিত হাতৰ স্পৰ্শত প্ৰাণ পাই উঠিব

মোৰ আত্মা অথবা প্ৰেম
আৰু
এখন নতুন নাটকৰ বাৱে
সাজি কাচি ৰম
তেঁওৰ জোলোঙাৰ ভিতৰত ।।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,225
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,236
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,355
শিতান: প্ৰবন্ধ
মুঠ পঢ়ুৱৈ সংখ্যা:3,317
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:5,260