জীৱন নামৰ ফ্লিমখন --- বিকাশ কলিতা

কি হয় এই জীৱন......
কেনেকৈ তাক বুজাব পাৰি......
কেনেকৈ জানো সফলতা পাম......
আপোনালোকে ক’ব পাৰিব নে ?
মই কওঁ শুনা
মই অনুভৱ কৰা মোৰ
জীৱনৰ দুটিমান কথা...
পৃথিবীৰ বুকুত যেতিয়া চকু মেলিলো...
অলপ জিৰণী লৈ
পেলালো জীৱনৰ প্রথমতি খোজ...,
উঠাই ল’লো হাতত পেঞ্চিল
আঁকিবলৈ ল’লো জীৱনৰ ছবিবোৰ......
আগুৱাই গ’লো জীৱনতো লৈ
হেৰাই গ’ল জীৱনৰ লাগতিয়াল শিক্ষাবোৰ ।
পিছে পাহৰিব নোৱাৰিলো ছবিক......
এৰিব নোৱাৰিলো পেঞ্চিল ।
তথাপিও চেষ্টা কৰিছো সফল হোৱাৰ
ৰাখিছো মনত আশাৰ টোপোলা বান্ধি ….

খুলি পেলাম আশাৰ সেই টোপোলা
জ্বলি আছে মনত একুৰা জুই......।।
আঁকি যাম জীৱনৰ প্রতিতো ছবি......
লিখি যাম কলমৰ ভাষাৰে......
বনাই যাম এখনি হাস্য-মধুৰ ফ্লিমৰ দৰে...
দেখুৱাই যাম জীৱনৰ প্রতিতো মূহুৰ্ত…
যেতিয়ালৈকে আপোনালোকে
কৰিব মোক আৰ্শীৰবাদ
তেতিয়ালৈকে চেষ্টা কৰিম
জীৱন নামৰ এই ফ্লিমখন দেখুৱাবৰ ….৷৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,916
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,693
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,905
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,348
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,366
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,338