জীৱন যুজ --- দলিল আহমেদ

[ নমস্কাৰ গ্ৰহণ কৰিব । ‘ জীৱন যুজ’ শীৰ্ষক কবিতাটি আৰাম্ভণি তথা আৰম্ভণিৰ সকলো ন লিখাৰুৰ নামত উচৰ্গা কৰিব বিচাৰিছো আৰু নতুন বৰ্ষৰ শুভ কামনা কৰি আৰম্ভণিৰ উজ্জল ভৱিষ্যত কামনা কৰিলো ।

ইতি
দলিল আহমেদ ]

জীৱন নদীৰ দুয়োপাৰে
সূখ দূখৰ অবুজ খেলা
কুল-উপকুল বিহীন জীৱ্ই নিতৌ
নদীৰ বুকুত পাতে ৰঙীন মেলা ৷

গভীৰ নিশাত কালৰূপী ধূমূহাই
সপোনবোৰ তচ-নচ কৰি
পাতিব খুজে নৰমেধ যজ্ঞৰ আখৰা ,
তেনেতে ব্ৰজ্বই বিলাই যায় উদাত্ত কন্ঠ
পষান বুকুৰ কুটুম- জীৱই
যুজি থাকে অদম্য সাহসৰে
হাৰ নমনা চৰিত্ৰই যে জীৱনৰ অভিধা ৷

অন্ধকাৰৰ আচ্ছাদন ৰূপী দস্যুই
টোপনিৰ ভাঁজত ডিঙি চেপি ধৰে,
জীৱনৰ অভীস্পাবোৰক দিব খুজে বাধা,
অহৰহ ভাবে চেষ্টা কৰি
চিঙিব খূজে –
জীৱন বৃত্তৰ ৰঙীন মালা ৷

পূৱাৰ সূৰ্য্য স্নিক্ত দৃষ্টিত
সদায় পৰাস্ত হয় নিপীড়ন – বঞ্চনা ৷
ছাঁ পোহৰৰ খেলাৰ মাজতে
জীৱন নদীৰ বুকুত
নীৰৱতা ভাঙি জগাই তোলা প্ৰতিবাদী সত্তা,
লুপ্ত হৈ থকা তোমাৰ সমৰ কলা,
তিমিৰৰ গৰ্ভ ফালি
নৱ-প্ৰজন্মৰ হাতত তুলি দিয়া
জীৱন যুজত জয়ী হোৱাৰ অমোঘ অস্ব্ৰ,
নহ’লে কাপৰুষালিতা- কৃপনতাৰ কু-সন্ধিত
এদিন হ’বা বিৱস্ৰ ৷

টুলুং ভুলুং নাৱত সৃষ্টি কৰা মানৱতা !
বৰলুইতৰ ৰৌদ্ৰোজ্জ্বল প্ৰভাতে জ্বলাই ৰাখিব চাকি জীৱনৰ,
আশা-প্ৰত্যাশাৰ লগতে পাবা আনন্দ-উন্মাদনা ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,746
শিতান: অনুভৱ
মুঠ পঢ়ুৱৈ সংখ্যা:2,710
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,419
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,677
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,468