তোৰে মোহতে সহি থাকো কতযে
শুকৰ ঢ়ৌ....
তোৰ বুকুত ফুলিলে সুখৰ বকুল
মোৰো বুকুলৈ এক্ষন্তেকতে নামি আহে এহাজাৰতা
বসন্তৰ ঢ়ল ...
তই নিশিকালে মইনো কেনেকৈ শিকিলো হেতেন
সুখ অথবা দুখৰ পাঠ!
তই আছ বাবেইতো আছোঁ মই আৰু মোৰ ছাঁ ,
তই দিয়া হাঁহিৰে তোকেই জীপাল কৰি,
তোৰেই জয় গান গাও ...
তই আশীৰ্বাদ হৈ বৰষিলে,
হেঁপাহ বোৰ লহ-পহকৈ গজি উঠে
বুকুৰ বাহিৰে ভিতৰে,
অকস্মাতে যেতিয়া তই পৰিধান কৰহি
অভিশাপৰ পোছাক ,
অভিমানী মনটোৱে মোৰ এৰি যাব খোজে তোক ।
সাহসী সময়ে বাটতে ভেটি ধৰেহি মোক,
মই পুনৰ মুখামুখি হওঁ তোৰ....
তোৰ মুখলৈ চাওঁ
আকৌ নিজকে বিচাৰি পাওঁ ...
জীৱন তই আছ বাবেইতো আছোঁ মই....