জয় আই অসম ---- দলিল আহমেদ

জয় আই অসম, জয় আই অসম
দায়বদ্ধতা আৰু সচেতনতা,
জগত জিনিম শিক্ষা, বিবেক, শুভ বুদ্ধিৰে
লগতে প্ৰদূষন মুক্ত নৰকংকালৰ ভাৰসাম্যতাৰে I
নীলা আকাশত জিকমিকাই থকা তৰা বোৰ
সভ্যতাৰ পোহৰ বিলোৱা
কলং খনৰ কুলু কুলু শব্দত
জয় গান গোৱা চৰাই চিৰিকিতিৰ আনন্দ ৰ বন্যাৰ
একাকাৰ কৰি সুৰ বিলাই থকা ভূপেন দাৰ সৃষ্টিত
জুবিনক লৈ আমি হ'ম বিশ্ববিজয়ী অসমীয়া I

লাচিতৰ দৰে বীৰৰ প্ৰতিভা আছে অসমীয়াৰ
কুশল কুৱৰৰ দৰে জীৱন বিসৰ্জন দিয়া ব্যক্তিত্বৰ
দেশভক্ত তৰুনৰামৰ আৰ্হিৰ
অসম হ'ব চিৰ যুগমীয়া I

শাসনৰ আদিম অশ্ৰ পৰিহাৰ কৰি
আকাশৰ ক'লা ডাৱৰ আতৰ কৰি
নিৰিবিলি সূৰ্য্যৰ কোমল পোহৰৰ আধাৰত
পূৰ্ণিমাৰ জোনৰ নিচিনা,
আইৰ আচলৰ পৰশতে
আমি হ'ম পূৰঠ অসমীয়া ৷
সাৰুৱা মাটিত ফুলি উঠা ফুল বোৰ
আদৰিব ৰৈ আছে পদূলি মূখত অকলশৰে
নাঙলৰ কোবত উথলি উঠা সুগন্ধিহৈ
এৰিব ৰৈ আছে প্ৰেমৰ সুফুৰা I
নাচনিজনী লাজতে ৰাঙলী পৰি
তীক্ষ্ণ্ দৃষ্টি ৰে চাই আছে
কেতিয়ানো আহিব চেনাইটি মোৰ
দুয়ো নাচিম পেপা ঢোলৰ মাতত
মন উথলি উঠিব, স্বাগতম জনাম নৱ যুগক
আৰু
এই অসমত উপলব্ধি কৰিম স্বৰ্গৰ মাধকতা I

জয় আই অসম, জয় আই অসম
নিৰপেক্ষ আৰু স্ব-নিয়োজিত
আত্ম শুদ্বি, ন্যায় পৰায়নতাৰ আদৰ্শ,
আজান- শংকৰৰ সপোন বাস্তবিক কৰাই
প্ৰত্যেক জন অসমীয়াৰ কৰ্ম্ম
জয় আই অসম, জয় আই অসম
এই ধৰনী একমাত্ৰ স্বৰ্গৰ অংশ I

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,225
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:5,260
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,232
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,355
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,342