মোক বিছাৰি হাবাথুৰি নাখাবা
মোৰ সেই একেই ঠিকনা
যিদিনা তুমি মোক প্ৰথম লগ পাইছিলা
হয়তো এই খেলিমেলি পৃথিৱী খনৰ পৰা
কেতিয়াবা আতৰি জাবৰ মন যায়
কিন্ত্ত সকলোতে একেই
সেই একেই কৃ্ত্ৰিমতা,একেই জটিলতা
সৰলতা আৰু প্ৰবিত্ৰতাত ব্ৰতি হলে
সচাকৈয়ে কষ্ট হয় নেকি
এই মানুহ বোৰনো বাৰু
কেতিয়াৰ পৰা ইমান জটিলহৈ পৰিল
নিজকেই পাহৰি পেলাইছোন
স্বাৰ্থৰ পাছতনে, দূখৰ পাছত দৌৰে
কেতিয়াজে বুজি পাৱ
মিছা কথাৰে মিছা কথা লোকুৱাই
আৰু কিমান যন্ত্ৰনাত ছটফটাব
মই হেৰাই যোৱা নাই
মোৰ সেই একেই ঠিকনা
তোমাৰ বিছাৰি পোৱাত অসুবিধা নহব
যদিহে তুমিয়ো সলোৱা নাই ঠিকনা
যিদিনা মই তোমাক প্ৰথম লগ পাইছিলো