ডাইনী --- কিশোৰ বড়ো

মাজৰাতি গাওঁখনৰ আকাশত জোনহৈ জ্বলে

এটা গুজব

(যিটো গুজবটোকে জোন বুলি ভাবে)

মানুহবোৰৰ মুখে মুখে বাগৰি আহে

গুজবটো হয়হি গগন ফালি যোৱা আৰ্তনাদ

যাৰ মন্ত্ৰৰ শব্দত গধুৰহৈ পৰা বুলি ভাবে

গাওঁৰ বুকুৰ বতাহ,গাওঁৰ শ্বাসৰুদ্ধতা

যিয়ে উৰি উৰি জপিয়াই জপিয়াই যায় চুলি মেলি

কেতিয়াবা অকল মূৰটো ঘূৰি ফুৰে এন্ধাৰৰ আবৰণ ফালি

(সন্দেহবশতঃ )

গভীৰ ৰাতিটো বেছি জয়াল কৰি মেলি দিয়ে

অচিন বেমাৰৰ ভয়ংকৰ সুঁতি

অন্ধবিশ্বাসৰ হাতত ধৰি গুছি যায়

অচিন এন্ধাৰৰ বাট

বাটে ঘাটে বাজে তেজৰ কৰুণ বাঁহী

আৰ্তনাদত জলক-তবক বিজ্ঞানৰ সূৰ্য্যমূখী হাঁহি ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,725
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,739
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,637
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,407