ডি.এন.এ. --- ৰাজীৱ কায়স্থ

সেই আৰণ্যিক পথটো কৃষ্ণাংগ জালত ওলমি আছিল বাদুলি এটাৰ টোপনিৰ দৰে....

নেদেখি নমনি মাথোঁ অনুভৱ হয় তাত যে এটা পথ আছে কজলা আঁচলক সাবটি ।।

প্ৰাচীন মানুহ এজন ৰৈ আছিল তাত নামহীন উপাধিহীন ধৰ্মহীন জাতিহীন

ঠিক পথটোৰ দাঁতিত মানুহজন আৰু হাতত দুছটা শিল....

শিলৰ সহবাসত হালধীয়া ভ্ৰুণঃ
"জুই" ।

জুই পোহৰি গুহা, গুহা পোহৰি সভ্যতা তেজত তেজ সী
ডি.এন.এ. সম্প্ৰসাৰিত সভ্যতা ।

নাম আৰু
উপাধিযুক্ত জাতি আৰু ধৰ্মযুক্ত
সকলো বিভক্ত এতিয়া ।

অসুস্থ ডি.এন.এ. বোৰ মোৰ চহৰৰ
বহুধা ব্যাধি....!

এই ডি.এন.এ. বোৰ কীট; মুখত তেজ আৰু মঙহ লৈ
ঘূৰি ফুৰিছে

নিজক শ্ৰেষ্ঠ বুলি ঘোষণা কৰিছে ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,718
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,999
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,243
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,160
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,868