এন্ধাৰ নিশাৰ নিস্তব্ধতা আঁতৰাই
সৰি পৰা বৰষুণৰ টোপালবোৰে
যেতিয়া নূপুৰৰ ৰুণ-জুন ধ্ব্নি তোলে
পোহৰ বিচাৰি সুদূৰ এন্ধাৰত
এটি বুলবুলিয়ে যেতিয়া হিয়া উজাৰি কান্দে
জোনাকৰ শুভ্ৰতাইয়ে যেতিয়া বেৰৰ জুলুঙাৰে আহি
মোৰ শেতেলী স্পর্শ কৰে
তেতিয়া এনে ক্ষণত
তোমাৰ প্ৰেমেৰুৱা নিসংগতাৰ গুটিটো
ক্ৰ:মশয়ে গছ হয় মোৰ বুকুত
তাৰ শিপায়ে ক্ৰুৰতা ভাৱে
চানি ধৰে বুকু, কলিজা আৰু দেহৰ গভীৰতাৰ পৰা গভীৰতালৈ...................
আহিনৰ শেৱালি বুটলোতেই
আধৰুৱা হ'ল বহু কথা
বেদনাৰ সৈতে বিষন্নতাই ৰচা
মোৰ দুকুৰি কবিতা
শিলৰ দৰে কঠিন আৰু খহতা
পোৱা নোপোৱাৰ দুমোজাত মোৰ বুকুত
গঢ়ি উঠা এখন কবৰস্থান
য'ত মই কবৰ দিয়া ক্ৰমে আৰম্ভ কৰিছো
শত সপোন আৰু প্ৰেম
এনে বিষাদৰে ভৰা কোনোবা অমানিশা
এন্ধাৰৰ আৰ কাপোৰ উৰি
মই সকলোৰ পৰা আতঁৰি আহিম
কোনোৱে নুশুনাকৈ... কোনেও নেদেখাকৈ ॥