তুমি এটা সুবাসিত ঋতু ----- প্রীতিৰেখা দাস

তোমাৰ মোৰ চিনাকী বহু যুগৰ

আদিপাঠৰ বৰ্ণমালাত যেতিয়া

লুকা ভাকু খেলিছিলা মোৰ

আৰ্দস্বপ্নছায়াৰ কুসুম থলিত ৷

তোমাৰ সুবাসত মই শিহৰীত হৈছিলো ৷

আহিন, তুমি বৰ ধুনীয়া……

তোমাৰ বাবে শেৱালি শেৱালি

আজি মোৰ বুকুৰ পদূলি ৷

বালিমাহী চৰাইৰ ডেউকাত উঠি

লৈ আহিছা মুঠি মুঠি শীতৰ কুঁৱলী ৷

ৰিব,ৰিব, বতাহত নাচি থকা কঁহুৱাৰ নাচোনত

বাৰে বাৰে থমকি ৰব খোজে

স্ৰোতস্বিনীৰ স্ৰোত ৷

তুমি এটা সুবাসিত ঋতু ৷

তোমাৰ সুবাসৰ ৰাগীত মতলীয়া

হেজাৰ প্রেমিক কবিৰ বুকু ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,543
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,109
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,265
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,903
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,768
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,836