তুমি এটা সুবাসিত ঋতু --- প্রীতিৰেখা দাস

তোমাৰ মোৰ চিনাকী বহু যুগৰ
আদিপাঠৰ বৰ্ণমালাত যেতিয়া
লুকা ভাকু খেলিছিলা মোৰ
আৰ্দস্বপ্নছায়াৰ কুসুম থলিত ,
তোমাৰ সুবাসত মই শিহৰীত হৈছিলো ৷
আহিন, তুমি বৰ ধুনীয়া……
তোমাৰ বাবে শেৱালি শেৱালি
আজি মোৰ বুকুৰ পদূলি ৷
বালিমাহী চৰাইৰ ডেউকাত উঠি
লৈ আহিছা মুঠি মুঠি শীতৰ কুঁৱলী ৷
ৰিব,ৰিব, বতাহত নাচি থকা কঁহুৱাৰ নাচোনত
বাৰে বাৰে থমকি ৰব খোজে স্ৰোতস্বিনীৰ স্ৰোত ৷

তুমি এটা সুবাসিত ঋতু ৷
তোমাৰ সুবাসৰ ৰাগীত মতলীয়া
হেজাৰ প্রেমিক কবিৰ বুকু ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:801
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:855
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,266
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,956