তুমি প্ৰতিটো শৰতৰ পুৱাতে আহা --- বিষ্ণু বড়া

প্ৰতিটো উশাহতে যেন তুমি আহা

আকৌ নিশাহৰ দৰেই গুচি যোৱা,

আহা আৰু গুচি যোৱা ;

তোমাৰ ৰ’বলৈ আহৰি নাই

আনকি মোৰ ফালে এপলক চাবলৈও সময়ৰ অভাৱ ,

ধাৰাবাহিকতাৰে যেন তুমি একেদৰেই ব্যস্ত !

তীক্ষ্ণ ৰ'দৰ তীব্ৰ বেগী বতাহ

মাদল পিতা বৰষুণ ৰোধি

একেথৰে ৰৈ তোমাক চাই ৰওঁ,

নাজানো কিয় তোমাক এনেদৰে চাওঁ

আৰু মোৰ জনাৰ প্ৰয়োজনবোধো আছেনো ক'ত…

তুমি যিখন জনঅৰণ্য মাজৰ পৰা ওলাই আহা

সেই অৰণ্যৰ মাজতেই হেৰাই যোৱা ।

বুকুখনে কেতিয়াবা মোৰ হাঁহাকাৰ কৰি উঠে,

কিবা যেন নোপোৱাৰ বেদনাৰে,

মাথোঁ তেতিয়া মই বাট চাই ৰওঁ

তুমি সেই একে পথেৰে ঘূৰি অহালৈ..........

কেতিয়াবা আহাঁ তুমি শেৱালীৰ সুৱাসৰ সতে

নিয়ৰ সিক্ত দুবৰিৰ ওপৰেৰে

তোমাৰ সেউজীয়া আঁচলখনি উৰুৱাই

আকৌ একে বাটেৰেই ঘূৰি যোৱা.......

তুমি লাহে লাহে ডাঠ কুঁৱলীৰ মাজত

বিলীন হৈ যোৱা,

তুমি প্ৰতিটো শৰতৰ পুৱাতে আহা

আৰু সেই একেদৰেই

আহা আৰু গুচি যোৱা,

মোৰ স্বপ্ননীল দুচকুত

ব্যৰ্থতাৰ সমাধিৰে এটি ছবি আঁকি দি.........

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: অসমীয়া কৌতুক
মুঠ পঢ়ুৱৈ সংখ্যা:1,083
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,677
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,722
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,564
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,414