তুমি --- মৃণালৰাজ কলিতা

হেঁপাহৰ ৰঙীন

পখিলা হ’ই

উজলিলা মনত,

মৰম এনাজৰি

বান্ধিলা আজি

নিৰৱে প্রণয়ত ।

ফুলৰ হৃদয়

কৰিলা হৰণ,

আকূল সুৰত

শুকুলা পাখিৰ

কৰিলা বিলয় ।

সাগৰ অনন্তত

মন – জিলিকা

আশাবোৰ সানি

দিলো ওঠ,

জোনাক নিগৰি

ব’ই আছে

উদাসী মনত ।

মিঠা সপোন

দেখিলে আজি

নিশাৰ জোনাকত,

মিঠা লহৰ

তুলিলা আজি

মোৰ উদামী মনত ।।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,718
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:852
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,089
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,868
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,243
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,174