তুমি মোৰ মনালিছা --- বিভা ৰাণী দাস

বুকুত একুৰা কেচা মৰম লৈ যীশু ডিব্ৰুগড়ৰ পৰা মিৰ্জা অবিমুখে ৰাওনা হ'ল ৷ আজি প্ৰায় ২৫ বছৰৰ মূৰত সি নিজৰ ঘৰখনলৈ আহিছে ৷ মাকৰ মৃত্যুৰ পিছত সিহঁতৰ পৰিয়ালটো অৰ্থাৎ দেউতাক আৰু ভায়েক নিভাজ, দেউতাকৰ কৰ্ম সূত্ৰে ডিব্ৰুগড়তে থাকিবলৈ ল'লে ৷ সিহঁতৰ সেই পুৰণা মৰমৰ ঘৰটোত ভাৰতীয়া পদুম আৰু তাৰ মাক আজিও আছে ৷ মাজতে মোমায়েকৰ বিয়াত আহোঁতে দেখিছিল, সিহঁতে মাকৰ দৰেই ঘৰখন সুন্দৰকৈ সজায় ৰাখিছে ৷ তেতিয়া সি একো বুজিব পৰা হোৱা নাছিল আৰু আজি সি সম্পূৰ্ণ ব্যক্তিত্বশীল এজন পুৰুষ ৷ যাৰ অনুভুতি আছে, প্ৰেম আছে ৷ সি নিজৰ কল্পনাক কেনভাচত ৰং সানি আকাৰ দিব পাৰে ৷ ঈশ্বৰ প্ৰদত্ত তাৰ এই দৈব্য গুনৰ বাবে আজি সি প্ৰশংশীত , পুৰস্কৃত ৷ দুচকুৰ মাজত ৰঙীন ভাৱবোৰে খেলি খেলি তাৰ মনত মৰমৰ কুহুৰ ছবিখন মনলৈ আনিলে ৷ সি যে তাইক দুবছৰ থাকোতে এৰি আহিছে ৷ আজি তাই কেনে দেখা হৈছে ৷ তেতিয়াই তাই ফ্ৰকবোৰেৰে কিমান মৰম লগা আছিল ৷ এতিয়া তাই নিশ্চয় আৰু বেছি মৰমলগা হৈছে ৷ তাকতো তাই চিনিয়ে নাপায় , কিন্তু তাৰ নামটো ইতিমধ্যে নিশ্চয় জনা হৈছে ৷ সি যে তাইৰ কাষলৈ আহিছে তাৰ বুকুখনত কিবা এটা কঁপনি হৈ আছে ৷ জানোছা এয়াই প্ৰেম ৷ আজানিতে হোৱা কিবা এটা, যাৰ কোনো বান্ধোন নাই ৷ মৰম , ভালপোৱা এই শব্দবোৰ কিমান মধুৰ সি অনুভৱ কৰিবলৈ ধৰিলে ৷ ভাৱবোৰৰ মাজত ডুব গৈ থাকোতে সি গন্তব্য স্থান পালেহি ৷ বাছখনে তাক নিজৰ সঠিক স্থানত নমাই দিলে ৷

মনৰ মাজতে এটা মিঠা হাঁহি মাৰি সি এখন অটো ল'লে নিজৰ ঘৰলৈ বুলি ৷ হঠাৎ তাক দেখি পদুম আৰু মাক আচৰিত হ'ল ৷ অতি আদৰেৰে তাক চাহৰ যোগাৰ ধৰিলে আৰু অহাৰ কাৰণ সুধিলে ৷ সি এখন আলোচনীৰ কামত অহা কথাটো ক'লে ৷

পিছদিনা সি খুড়াক অৰ্থাৎ দেউতাকৰ একালৰ বন্ধু অখিল চৌধৰীৰ ঘৰলৈ ওলাল ৷ চৌধৰী এজন অভিজাত ব্যৱসায়ী, তেওঁ কৰ্মৰ মাজতে নিজক ডুবাই ৰাখে আৰু তেওঁৰ পত্নী অৰ্থাৎ তাৰ খুড়ীয়েক এজনী দেৱীতুল্য নাৰী ৷ হৃদয়ত অহৰহ শান্তিৰ সোঁত বৈ থকা শীতল হৃদয়ৰ মাতৃ , পত্নী আৰু বোৱাৰী ৷ শুনিবলৈ পাইছিলো চৌধৰীৰ দেউতাকে অতি সুক্ষ্ম দৃষ্টিৰে ভাবনা খুড়ীয়েকক বোৱাৰী কৰি আনিছিল আৰু সেইদিনাৰ পৰাই খুড়ীয়েক আজিও কঁকাকৰ চকুৰ মনি হৈয়ে আছে ৷ কথাখিনি ভাৱি ভাৱি সি চৌধৰী ঘৰৰ গেটখন পালে ৷ অতি আপোন গোন্ধ এটা তাৰ নাকত লাগি গ'ল ৷ দুৱাৰৰ কাষত থকা কলিং বেলটো বজালে , ভিতৰৰ পৰা ইমান দিনৰ পৰা আশা কৰি থকা খুড়ীয়েকক দুডালমান ৰূপালী চুলিৰে দেখি সি আচম্ভিত হ'ল ৷ ইমান ধুনীয়া মুখখন সি চাই থাকিল ৷ খুড়ীয়েকৰ চকুত পানী দেখিলে, সম্ভৱ তাৰ মাকৰ মনত পৰিছে ৷ মাকৰ মৃত্যুৰ পিছত এই খুড়ীয়েকে সিঁহতৰ কিমান যত্ন লৈছিল ৷ বিয়াৰ দহ বছৰ পিছতহে তেওঁ সন্তানৰ মুখ দেখিছিল ৷ সি আৰু ভায়েক যেতিয়া গুচি গৈছিল, তেওঁ মাতৃ সুখৰ পৰা বঞ্চিত হৈছিল ৷ সিহঁতক পালন কৰোতে নিজৰ সন্তানৰ অভাৱ পাহৰি গৈছিল ৷ কিন্তু ভগৱানৰ কৃপাত সিহঁত যোৱাৰ দুবছৰ আগতে তেওঁ ছোৱালী এজনীৰ মাতৃ হৈছিল ৷ ইমান বছৰ সিহঁতে তাইক দেখা নাই ৷ দেউতাকে তাইৰ বাবে দুহেজাৰ টকা দি পঠাইছে, তাইক কিবা এটা কিনি দিবলৈ ৷ কিন্তু তাই কেনেকুৱা চাবৰ বাবে সিহঁত আটাইবোৰে ব্যাকুল হৈ পৰিছিলো ৷ খুড়ীয়েকে তাক নানা খাদ্যৰে ভৰা ডাইনিং টেবুলৰ সন্মুখত বহাই দিলে ৷ প্ৰতিটো খাদ্যই তাৰ পছন্দৰ কিন্তু ইমানবোৰ সি অকলে কেনেকৈ খাব ভাবি আছিলে ৷ তেনেতেই খুড়াক, ককাক আৰু এজনী বগী পৰী কাষত হাজিৰ হ'ল ৷ তাৰ কাষত খুড়াক বহিল ৷ খুড়াকে ক'লে , "যীশু এয়া আমাৰ কুহু ৷" দুপাৰী দাঁতেৰে এটা মিঠা হাঁহি মাৰিলে আৰু তাক ক'লে - "খোৱা" ৷ সি খোৱা শেষ কৰি খুড়াকৰ লগত বহিল ৷ খুড়াকে তাক আলোচনীৰ কামটো বুজাই দিলে ৷

সি আলোচনীৰ কামত একান্ত মনেৰে আগবাঢ়ি যাবলৈ ধৰিলে ৷ তাৰ আৰু কুহুৰ মাজত সম্পৰ্ক আৰম্ভ হ'বলৈ ধৰিলে ৷ সি কুহুক ওচৰত পায় , খুবেই আনন্দিত ৷ আজি খুড়াকৰ ঘৰৰ পৰিবেশটো বেলেগ ৷ পুৱাৰ পৰাই আটায়ে ব্যস্ত ৷ আজি কুহুৰ জন্মদিন ৷ সি কিবা এটা আনিম বুলি বজাৰলৈ গ'ল ৷ এজোৰ বেবী পিংক ৰঙৰ চুৰিদাৰ তাৰ পছন্দ হ'ল ৷ এইটো জোৰাৰে তাইক বৰ ভাল লাগিব ৷ গধুলী তাইক দিবৰ বাবে ৰূমত সোমালে ৷ লগৰ ছোৱালীবোৰ অহাৰ বাবে তাই ব্যস্ত হৈ পৰিছে ৷ নিজক সজোৱাত ৷ সি উপহাৰটো দিলে ৷ তাই আনন্দ মনেৰে পিন্ধিলে ৷ অতি আনন্দৰে দিনটো পাৰ হৈ গ'ল ৷

সি আলোচনীৰ কামটো শেষ কৰিলে ৷ যি খন আলোচনীৰ বাবে দিন - ৰাতি এক কৰি কাম কৰিলে আজি তাৰ উদ্ধোধনী ৷ আজি তাৰ মনত অপাৰ আনন্দ ইমান দিনৰ কষ্ট সাৰ্থক হ'ব ৷ তাৰ আশা এই আলোচনীখনে বহুতৰ সুপ্ত প্ৰতিভাক বিকাশ কৰিব ৷ অতি পৰিকল্পিত ভাৱে দিনটো পাৰ হৈ গ'ল ৷ অনুষ্ঠানটো সি সুন্দৰকৈ চলায় নিলে ৷ গধুলী এটা কপি আনি সি কুহুৰ দিলে তাই বেতুপাতটো চায় থমকি ৰ'ল ৷ সি কাষলৈ গৈ ক'লে , "মই এজন আৰ্টিষ্ট, আৰু তুমি মোৰ মনালিছা ৷" তাইৰ ছবি আঁকি আঁকিয়ে সি পুৰস্কাৰ পায় আহিছে ৷ তাৰ প্ৰেমে গভীৰৰ পৰা গভীৰলৈ এতিয়া শিপা মেলিছে ৷ প্ৰেমৰ শিপা তাইৰ ভৰিৰ তলেৰে শিপাবলৈ ধৰি ভৰিৰ পৰা মূৰলৈ মেৰিয়াই ধৰিলে ৷ ক'ব নোৱাৰাকৈয়ে তাই এই প্ৰেম বান্ধোনত সোমাই পৰিল ৷

+++++++++++++++++++++++++++++++

বিভা ৰাণী দাস
সৰপাৰা ,মিৰ্জা ,কামৰূপ

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,746
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,677
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,562
শিতান: অনুভৱ
মুঠ পঢ়ুৱৈ সংখ্যা:2,710
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,468
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,264