তেওঁ এইবেলিওঁ আহিছে --- কিশোৰ বড়ো

যোৱা বেলিৰ দৰে
তেওঁ এইবেলিওঁ আহিছে
হাতযোৰ কৰি
মুখত এমোকোৰা চেনী লৈ
ডিঙিত ফুলৰ মালা এডাল আঁৰি
যোৱাবেলিৰ কথাবোৰকে আওঁৰাইছে
সজাৰ পোহনীয়া ভাটৌটোৰ দৰে

ওলাই যাওঁ বুলি যোৱা ভাইটীজনৰ
বাৰু সম্ভেদ ওলাইছেনে ?
এইযে স্কুললৈ ওলাই যোৱা ফুলকুমলীয়া হাঁহিটো
তাইৰ নিথৰ দেহটোত নখৰ আছোৰ পৰিছিল
সামগ্রীৰ উৰ্ধমূখী দামৰ বাবে
এইযে পাকঘৰত উমি উমি জুই একুৰা জ্বলিছিল
তেতিয়া….তেতিয়া বাৰু তেওঁ ক’ত আছিল ?

আপোনাৰ ভেটিমাটি নদীয়ে কাঢ়ি নিওঁতে
এইযে দুখৰ মহাসাগৰত টুলুং ভূলুং
জীৱনৰ নাওঁখন ভাহি ফুৰিছিল
সেউজয়াহীন পথাৰখনৰ ৰূপ দেখি
নিজকে জীৱনৰ পৰা বিচ্ছেদ কৰিছিল
আপোনাৰ সহোদৰ ভাই
তেতিয়া….তেতিয়া বাৰু তেওঁ ক’ত আছিল ?

যোৱাবেলি স্কুললৈ যাওঁতে
বাহঁৰ দলং ভাঙি পানীৰ স’তে মিলি গৈছিল
আপোনাৰ নুমলীয়া ল’ৰাজন
সৌ সিদিনা যে গৰ্ভধাৰণৰ বিষত কেকাই
ৰক্তাক্ত গোটেই শৰীৰেৰে
আদবাটতে ঠেলাখনৰ ওপৰতে বিদায় মাগিছিল
আপোনাৰ ভনীজনী
তেতিয়া….তেতিয়া বাৰু তেওঁ ক’ত আছিল ?

বেকাৰ যুৱকবোৰ বাট এৰি
অবাটেৰে গৈ থাকোতে
বাৰু তেওঁ ক’ত আছিল ?

যোৱা বেলিৰ দৰে
তেওঁ এইবেলিওঁ আহিছে

সাবধান ভোটাৰ সকল
আপোনালোকৰ হাততেই আছে
ভবিষ্যত ।।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,286
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:245
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,783
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,436
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,544
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,300