তোমাৰ অবিহনে --- অৰুণাভ কুমাৰ নাথ

তোমাৰ অবিহনে জীয়াই আছো দুখৰ অন্ধকাৰত নিজক নিমজ্জিত কৰি
তোমাৰ অবিহনেই সহি আছো যান্ত্ৰণাৰ সহস্ৰ আঘাট
পান কৰিছো ৰিক্ত হৃদয়েৰে তোমাৰ বিৰহত তৰল পদাৰ্থ ৷

প্ৰতিপল তুমি আহি মনত দোলা দি যোৱা
তোমাৰ প্ৰতীক্ষাতেই কটাইছো মই উদাসীন সন্ধিয়া
তুমিয়েটো আছিলা মোৰ প্ৰথম প্ৰেম
প্ৰতিপল তোমাৰ প্ৰতিচ্ছবি ভাঁহি আহে মোৰ মনৰ মাজত

তোমাৰ সুখত মোৰো হৃদয় উদদ্ভাষিত হৈছিল
তোমাৰ দুখত মোৰো হৃদয় বিগলিত হৈ পৰিছিল ৷
তুমি যদি উল্কা হোৱা তোমাৰ সামান্য স্ফুলিংগৰে মোৰ সত্ব উজ্বলি উঠাতো বিচাৰিছিলো ৷
কিন্তু তুমি গুচি গলা হৃদয়ত শেষহীন প্ৰতীক্ষাৰ চিহ্ণ আঁকি ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,673
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,080
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,945