তোমাৰ হৃদয় বাগিছা --- বিশ্বজিৎ নাথ

হৃদয়ৰ ৰক্ত জবা চিঙি

দিব নেলাগে মোক শোণিত সফুৰাঁ,

মোৰ হৃদয়ে বিচাৰে মাথো অলপ মৰম আৰু ভাল পোরা.

তোমাৰ হৃদয়ৰ কুসুম বাগিছাত মৌ হৈ চুমিব খোজো ফুলৰ পাপৰি,

হৃদয়ৰ ৰঙা গোলাপত বহি গুনগুনাব খোজো এটা প্ৰেমৰ গান..

যি গানৰ তালত তুমি একাত্ম হবা মোৰ লগত আৰু

মই তোমাৰ লগত..