মিছাতে বিচাৰি ফুৰিছিলো
এজন প্ৰকৃত বন্ধু
পাইছিলো বহুতো কিন্ত্তু
দিন বাহি অহাৰ লগে লগেই
কমি আহিছিল অন্তৰংগতাৰ গাঢ়তা
মাত্ৰ নিয়মমাফিক যোগাযোগৰ বাহিৰে
কমি আহিছিল লগ পোৱাৰো বাসনা
কিন্ত্তু হঠাতে সিদিনা লগ পালো এজনক
তেওঁ মোৰ ঠিক ওচৰতে আছিল
যি মোৰ এতিয়া অতি অন্তৰংগ
মই হাহিঁলে তেওঁ কেতিয়াও নাকান্দে
আৰু মই কান্দিলে তেওঁ কেতিয়াওঁ নাহাহেঁ
আমি সমানে সমানে চকুলো টুকো আৰু মচোঁ
আমি সমানে সমানে হাহোঁ আৰু কথা পাতো
মোৰ এই অতি অন্তৰংগতাৰ
গৰাকীজন কোন জানেনে
এই দাপোনখন
যি মোক কেতিয়াও বিশ্বাসঘাট কৰা নাই
আৰু হইতো কেতিয়াও নকৰিবও ...