বালিৰ দ'মত লুকাই থাকে অট্টালিকা
বুকুৰ মাজত মজুত আমাৰ
ক'ত কল্পনা...!
স্বপ্নতে...
স্বপ্নতে আতুৰ আমাৰ জীৱন ।
বাস্তৱে ধূসৰ কৰি তুলে
কল্পনাৰ কাৰেং ।
আকাশৰ বিশালতাক
আমি চিনি পাওঁ ,
বিচাৰি পাওঁ
দুখৰ মাজত সুখৰ অনুভূতি !
সিহঁতে চিনি নাপায় দুখৰ ৰং
পিন্ধি পোৱা নাই যন্ত্রণাৰ আৱৰণ !
লোৱা নাই দৰিদ্রৰ উশাহৰ অক্সিজেন ...
অথচ সিহঁতো আমাৰ দৰেই
একেই শৰীৰ, একেই জীৱন
তথাপি পৃথক আমি
কর্ম কিম্বা স্থানক ধিয়াই !
জাৱৰৰ দ'মত পৰি ৰয় আমাৰ সুখ ;
সিহঁতৰ বুৰঞ্জীয়ে স্থান পায় বিশ্বকোষত ।
দাস্তবিনতৰ ভিতৰত পৰি ৰয় আমাৰ ইতিহাস !