দুখৰ উকি মাৰি যোৱা খেতিয়কজন --- কিশোৰ বড়ো

দুখৰ উকি মাৰি
তেওঁ গৈ থাকে জীৱনৰ নামনিমুৱা ৰেলত উঠি
কংক্ৰিটৰ আলিৰে মৃত্যু ষ্টেচনৰ ফালে

বানে নিয়ে যদি নিয়ক আশাবোৰ উটুৱাই
খৰাঙত জ্বলে যদি জ্বলক নুন্যতম প্ৰয়োজনীয়তা
ক’লা মধ্যভোগীয়ে শুহি লয় যদি লওঁক ঘাম আৰু তেজ
(যিহেতু কোনেওঁ কাৰো বাবে মাত মতাৰ অবকাশ নাই)
তথাপিওঁ তেওঁ শীৰ্ণ দুহাতেৰে ৰুই যায় হেঁপাহৰ কঠিয়া
তেওঁ ৰুই যোৱা কঠিয়াবোৰ বতাহ হৈ গজে
বতাহবোৰ ফলহৈ পকি হয়গৈ
জীয়াই থকাৰ সোণালী উশাহ

তেওঁ স্থিতপ্ৰজ্ঞ
হাজাৰ ধুমুহাত হাউলি নপৰা এডাল বৃক্ষ

হেঁপাহ শেষ হৈ যোৱা বসন্তত
তেওঁৰ দেহৰ পেশীবোৰৰ ফাকেৰে ওলাই আহে জীৱনৰস
তুলি আনে তেওঁ চিৰ ভোকাতুৰ শেতেলীৰ পৰা

দুখৰ উকি মাৰি যোৱা খেতিয়কজন
গৈ থাকে জীৱনৰ নামনিমুৱা ৰেলগাড়ীত উঠি
কংক্ৰিটৰ আলিৰে মৃত্যু ষ্টেচনৰ ফালে
আৰু আমি নজনাকৈয়ে
তেওঁ বিলাই গৈ থাকে জীয়াই থকাৰ প্ৰয়োজনীয়তা ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,774
শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:2,261
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:647
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,108
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,349
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:341