দুখ চাব বিচাৰে যদি আহিব'চোন মোৰ চুবুৰিলৈ --- দাদুল ভূঞা

দুখ চাব বিচাৰে যদি আহিবচোন মোৰ চুবুৰিলৈ । তাত জোনাক নানামে, জোনাকৰ ৰাতি ।

শুকুলা মেঘবোৰ আকাশৰ মোহনাত কলীয়া মেঘ হৈ ডোলে । সকলো দুখী মানুহ তাত জীয়াই থাকে। সুখী মানুহৰ অভাৱ।

কাতিৰ কঙালি পোচাকজোৰো আঘোণত খুলি থব নোৱাৰে তেওঁলোকে ।

উদং ভঁৰালত শূন্যতাৰ অবলোকন কপালৰ ঘাম সৰা মাটি অথলে গ'ল আপদীয়া বানত ।

এইবেলি ভোগালী পথাৰত নাসাজিলে ভেলাঘৰ নজ্বলিল ওখ ওখ মেজি ।

সকলোৱে কান্দিলে ভোগালী ৰাতি আনন্দৰ ভোগালী হ'লগৈ দুখৰ । তেওঁলোকে শুকান পথাৰ খনলৈকে নিথৰ হৈ চাই থাকিল উৰুকা নিশা সকলো একেলগে তিতিলে দুখত ।

দুখৰ সময় চাব খুজে যদি আহিব, অভাৱত মৃত্যু হোৱা মানুহ চাব খুজে যদি আহিব; মোৰ এন্ধাৰ চুবুৰিলৈ...।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,243
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,718
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,739
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,140
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,174
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:852