দুৰ্ভগীয়া দুখ ----- ডিম্পল গগৈ

সেইদিনা আছিল বৰ পখৰ ৰদ । মোৰ উদেশ্য আছিল ডিব্ৰুগড় বনলতা পৰা মামনি
বাইদেউ যিকোনো এখন কিতাপ কিনা । মই ঘৰৰ পৰা ১২ মান বজাত ২০০ টকা লৈ
ডিব্ৰুগড় বনলতালৈ বুলি উলালো । ৩০ মিনিট মানৰ পাছত মই ডিব্ৰুগড় বনলতা
পালোগৈ । বাছৰ পৰা নামি অলপ দূৰ গৈ কিতাপৰ দোকান পালো আৰু দোকানী জনৰ পৰা
মামনি বাইদেউ যিকোনো এখন কিতাপ ১৭০ টকা দি কিনিলো । কিতাপ দোকানৰ পৰা
হোটেল লৈ বুলি আহিলো হঠাৎ চকু পৰিল হোটেলৰ কাষতে বহি থকা এজন ভিষাৰীৰ
ওপৰত , হোটেলৰ মালিকজনে ভিষাৰীজনক গালি - শপনি পাৰি, মাৰি পিটি কোনো মতে
ভিষাৰীজনক তাৰপৰা আতঁৰাব বিচাৰিছে কাৰণ ভিষাৰীজন হোটেলৰ সন্মুখত থকাৰ
বাবে হোটেলখন চলাবলৈ কিছু অসুবিধা সৃষ্টি হৈছে । এনেতে সেই ৰাস্তাৰে আহি
থকা এজন লোকে হোটেলৰ মালিকজনক সুধিলে কি হৈছে দাদা ইমান হূলস্হূল যে -
তেতিয়া হোটেলৰ মালিক জনে কলে, এইটো আজি হোটেলখন খুলিবৰ পৰা হোটেলৰ
সন্মুখত ৰৈ আছে খেদিলেও নাযায় আৰু তাক দেখি অহা গ্ৰাহক বোৰো ঘূৰি গৈছে
। এনেতে বাটৰুৱা মানুহজনে ভিতৰৰ পৰা এজাৰ পানী আনি ভিষাৰীজনৰ গাত চটিয়াই
দিলে আৰু ভিষাৰীজনে মানুহজনক সৰু সৰু মাতেৰে কলে দাদা মোক অলপ খাবলৈ
দিয়ক না । তেতিয়া মানুহজনে উচ্চ মাত দি কলে তই ইয়াৰ পৰা যাবিনে নাই
।হঠাৎতে ভিষাৰীজন দেখি মোৰ দয়া উপজিছিল কিন্তু (মোৰ হাতত মাত্ত ২০ টকা
আছিল ১০ টকা খাম আৰু ১০ টকা গাড়ীৰ ভাৰা) তাৰে ১০ টকা মই ওচৰৰ দোকান
এখনৰ পৰা এটা ৫ টকিয়া পপ আৰু ৫ টকা দি একাপ চাহ কিনি দিলো । ভালদৰে মন
কৰিলে বুজিব পাৰি যে সেই দুৰ্ভগীয়া আত্মাৰ ভিষাৰীজন খাদ্যৰ অভাৱত অতি
দুৰ্বল আৰু ভোকাতুৰ হৈ আছে সেইবাবেই হোটেলৰ আগত বহি আছে ।

++++++++++++++++++++++++

ডিম্পল গগৈ
ইমেইল :: dimpalgogoi67@gmail.com

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: অনুভৱ
মুঠ পঢ়ুৱৈ সংখ্যা:2,710
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,419
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,468
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,264
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,677
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,488