তুমি নকবা নীহাৰিকা
তোমাক পাহৰি থাকিবলৈ
নীহাৰিকা তুমি জানানে,
পাহৰিম বুলিওতো পাহৰিব
পৰা নাযায় কিছুমান সম্পৰ্ক...
দলিয়াই দিম বুলিওতো
দলিয়াই দিব পৰা নাযায়
সকলোবোৰ দুখ-যন্ত্রণা...
আকোৱালি লম বুলিওতো
নিঃসংগতাক আকোৱালি
লব পৰা নাযায় ।
নীহাৰিকা তুমি জানানে,
এতিয়া মোৰ সো আৰু বাওঁহাতে
জুই, ধোৱা আৰু ৰ’দৰ বৰষুণ
পোৰা মহঙৰ কেচেমা-কেচেম
গোন্ধ মোৰ নাক আৰু কাণত ।।