নকৰো দুনাই জীৱন ধাৰণ --- জোন কলিতা

উদ্বেগ মোৰ,
উত্ৰাৱল মই ,
মাৰ পেটত তেতিয়া মই ৷
হেপাঁহ মোৰ প্ৰবল ৷
কেতিয়ানো জীৱন ধাৰণ কৰো ?
কেতিয়ানো জনম লভো ?

জীৱন ধাৰণ কৰিহে গম পালোঁ,
জীৱনটো কি ?
জীৱন আচঁলতে হয়নো কি ?
জীৱন যে নহয় সফলতাৰ সেউজ উপত্যকা ,
ইয়াত আছে বিফলতাৰ খৰাং বতৰ ৷
বিফলতাৰ জুয়ে পোৰিছে দেহ,
জ্বলাইছে দেহ ৷
জ্বলি জ্বলি দেহা এঙাৰ,
পোৰি পোৰি দেহা ছাৰখাৰ ৷

জীৱন সিন্ধু বহু ৰক্তৰ বিন্দু ৷
মিছা বেশ্যাৰে চলিছে বহু …
ভণ্ড প্ৰলোভন আৰু ফাং-ফুংৰে ভৰপূৰ ,
অনিশ্চয়তাৰ খেল মাথো ৷
বৰ বৰ মানুহেও ইয়াত হাৰি যায় ,
তাতে মই তেনেই সাধাৰণ ৷
শত শত মনীষীওঁ জীৱনটোক
বিশ্লেষণ কৰি অন্ত নেপায় ৷

দিনৰ পোহৰত দেখিছো এন্ধাৰ,
খেদি খেদি মৰীচিকা মই হাইৰাণ ৷
কোনো এটা বস্তুৱে নিদিয়ে আমোদ,
কোনো এটা বস্তুৱে নোযোগাই মনোৰঞ্জন ৷
মিছা মিছা সকলোবোৰ যে মিছাঁ ৷
সকলোবোৰ বৃথা ৷
মিছা আত্মতৃপ্তি আৰু সান্তনা লৈ আছো জীয়াই ৷

কিনো পাম ?
কিনো চাম ?
জীৱনত আছোনো কিয় জীয়াই ?
জীৱনত কাৰ বাবে আছো জীয়াই ?
এইকেইটা প্ৰশ্নই অনৰ্গল মগজুত টুকুৰিয়াই ৷

এটা সমস্যাৰ ওৰ নপৰোওঁতেই,
আন এটা সমস্যাই গা কৰি উঠে ৷
যেন সমস্যা সমাধানৰ বাবেহে
এই জীৱন আমাৰ ৷
জীৱন ধাৰণ কৰি পালো বহু কষ্ট ৷
জীৱন ধাৰণ কৰি আনকো দিলো বহু কষ্ট ৷
নেলাগে আৰু এনেকুৱা জীৱন,
নকৰো দুনাই জীৱন ধাৰণ ৷
নিদিওঁ আনকো কষ্ট দুনাই ৷

------------------------

( তথাপি আশাবাদী এই জীৱন,
ভৰিৰ তলিৰ মাটি খামুচি,
আছো আমি জীয়াই,
আহিব বুলি ভাল দিন উভতি আমাৰ )

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,225
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,747
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,277
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:5,260